Home গুৱাহাটীঃ মহাবীৰ চিলাৰায়ৰ ৫১৫ সংখ্যক জয়ন্তী পালন

মহাবীৰ চিলাৰায়ৰ ৫১৫ সংখ্যক জয়ন্তী পালন

0

মহাবীৰ চিলাৰায়ৰ ৫১৫ সংখ্যক জয়ন্তী উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভালেমান কাৰ্যসূচী অনুষ্ঠিত হয়। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগতদৰং জিলা প্ৰশাসনকোচ-ৰাজবংশী উন্নয়ন পৰিষদ আৰু সদৌ অসম কোচ ৰাজবংশী সন্মিলনৰ সহযোগত মঙলদৈৰ গান্ধী মৈদানত আজি কেন্দ্ৰীয় কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত মন্ত্ৰী বিমল বৰা আৰু কেশৱ মহন্তৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সদৌ ডিব্ৰুগড় জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু বিজেপি ডিব্ৰুগড় জিলা সমিতিয়ে আজিৰে পৰা ডিব্ৰুগড়ত দুদিনীয়া কাৰ্যসূচীৰে এই দিৱসৰ আয়োজন কৰিছে। কাৰ্যসূচীৰ অংশহিচাপে বিশিষ্ট কবি বিজু শৰ্মাক বীৰ চিলাৰায় বঁটা প্ৰদান কৰা হয়।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version