Home গুৱাহাটীঃ গুৱাহাটী জল ব’র্ডৰ ৰবটিক জৰীপৰ কাম আৰম্ভ

গুৱাহাটী জল ব’র্ডৰ ৰবটিক জৰীপৰ কাম আৰম্ভ

0

গুৱাহাটী জল ব’র্ডে ইয়াৰ অধীনৰ জল পৰিবাহী নলীৰ বিসঙ্গতি ধৰা পেলোৱাৰ বাবে মহানগৰীৰ বিভিন্ন স্থানত ৰবটিক জৰীপৰ কাম আৰম্ভ কৰিছে। আজি মহানগৰীৰ খাৰঘুলিত জল ব’র্ডে কাৰিকৰী বিশেষজ্ঞৰ সহায়ত এই ৰবটিক জৰীপ চলায়। এই জৰীপৰ জৰিয়তে ভৱিষ্যতে পানী পৰিবাহী নলীৰ ৱেল্ডিং অর্থাৎ জোৰা লগোৱা অংশত ওলাব পৰা ছিদ্র আগতীয়াকৈ জানিব পৰা যাব। খাৰঘুলিৰ মূল জলাধাৰৰ সংযোগী বৃহৎ নলীত চলোৱা এই জৰীপৰ বাবে মহানগৰীৰ বিভিন্ন স্থানত আজিৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ পানী যোগান বন্ধ থাকিব। জল ব’র্ডে ১৯ ফেব্ৰুৱাৰীৰ পৰা ২২ ফেব্ৰুৱাৰীলৈ দ্বিতীয় পৰ্যায়ত আৰু ২৫ৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ তৃতীয় পৰ্যায়ত জলবাহী নলীত এনে ৰবটিক জৰীপ চলাব। পানী যোগান সাময়িকভাৱে বন্ধ কৰিবলগীয়া হোৱাৰ বাবে জল ব’র্ডে গ্রাহকসকলৰ ওচৰত ক্ষমা বিচাৰিছে আৰু ভৱিষ্যতে বিৰতিবিহীনভাৱে পানী যোগান লাভৰ স্বাৰ্থত জল ব’ৰ্ডৰ সৈতে সহযোগিতা কৰিবলৈ গ্ৰাহকসকলক আহ্বান জনাইছে।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version