Home পৰ্যটনঃ ইতিহাসৰ পাত লুটীয়াই ১৪তম খণ্ড

ইতিহাসৰ পাত লুটীয়াই ১৪তম খণ্ড

0

ইতিহাসৰ পাত লুটীয়াই ১৪তম খণ্ড
• আহোম স্বৰ্গদেউৰ প্ৰশাসনত বৰুৱাসকলৰ গুৰুত্বপূৰ্ণ দায়িত্বত আছিল।
• স্বৰ্গদেউৰ প্ৰতিটো বিভাগৰ পাইকসকলক পৰিচালনা কৰিছিল বৰুৱাই।
আহোম ৰাজসভাৰ প্ৰশাসনিক ক্ষেত্ৰত বৰুৱা অতি গুৰুত্বপূৰ্ণ দায়িত্ব। বিভিন্ন ক্ষেত্ৰত বৰুৱাসকলৰ দায়িত্ব থাকে।
আহোম ভাষাত দোলা কাষৰীয়া বৰুৱাক ‘ফুকে কান ৰাম’ বুলিছিল। ‘কান’ মানে লগাই থোৱা আৰু ‘ৰাম’ মানে দোলা। দোলাকাষৰীয়া বৰুৱা পাইকৰ অধ্যক্ষ। স্বৰ্গদেউ দোলাত গ’লে তেওঁও লগত যাব লাগিছিল।
জৰাধৰা বৰুৱা স্বৰ্গদেউৰ সোণৰ ভোগজৰা ধৰা পাইকৰ অধ্যক্ষ।
বেজবৰুৱাক আহোম ভাষাত ‘ফুকে চাঙছাৰী’ বুলিছিল। চাউছাৰী মানে ‘বেজ’। তেওঁ প্ৰধান চিকিৎসক বেজবৰুৱাই স্বৰ্গদেউ আৰু ডাঙৰীয়া আদি বিষয়াসকলৰ চিকিৎসা কৰিব লাগিছিল৷
স্বৰ্গদেউৰ দোলা ভাৰ বোৱা দুলীয়াপাইকৰ অধ্যক্ষ আছিল দুলীয়া বৰুৱা৷ তেওঁৰ তলত স্বৰ্গদেউৰ দোলা বিলাক আছিল৷
মাটি জোখ কৰা পাইকৰ ওপৰত দৰবধৰা বৰুৱা৷ ‘দৰৱ’ মানে মাটি জোখা টাৰ আৰু জৰীপৰ তদাৰক কৰোঁতাক দৰৱ ধৰা বৰুৱা বোলা হৈছিল৷
কাঠকটীয়া বৰুৱাই ৰাষ্ট্ৰৰ বাবে হাবি-পাহাৰৰ পৰা পাইকৰ দ্বাৰা ভাল কাঠ সংগ্ৰহ কৰাইছিল৷
মালী পাইকৰ অধ্যক্ষ মলীয়া বৰুৱা৷ এওঁ স্বৰ্গদেউক ফুল আৰু মালা যোগাৰ কৰি দিব লাগিছল৷
ৰজাঘৰত ঘিউ যোগাৱা পাইকৰ অধ্যক্ষ ঘিঁউ বৰুৱা৷ তেওঁ ৰজা ঘৰত ঘিউ যোগাৰ কৰি দিব লাগিছিল৷
পাখিমৰীয়া পাইকৰ অধ্যক্ষ পাখিমৰীয়া বৰুৱা৷ এওঁ স্বৰ্গদেউক চৰাইৰ পাখিৰ যোগান ধৰিব লাগিছিল৷
গজপুৰ মহলৰ পৰা লগুৱা লিকচৌ যোগান ধৰা হৈছিল৷ গজপুৰ মহলৰ অধ্যক্ষ আছিল গজপৰীয় বৰুৱা৷
শিলৰ কাম কৰা পাইকৰ অধ্যক্ষ শিলাকুটী বৰুৱা৷ তেওঁ শিল কাটি তৈয়াৰ কৰা বস্তু স্বৰ্গদেউক যোগান ধৰিব লাগিছিল৷
চৰাই মাৰি ৰজাঘৰত যোগান ধৰা পাইকৰ অধ্যক্ষৰ নাম চৰাইমৰীয়া বৰুৱা৷
যুদ্ধৰ বাবে ধনু তৈয়াৰ কৰা পাইকৰ অধ্যক্ষ আছিল ধেনুচোঁচা বৰুৱা৷
ৰজাঘৰৰ দুৱাৰে দুৱাৰে থকা পহৰি থিক কৰিব লাগিছিল দুৱৰীয়া বৰুৱাই৷
ৰাজ ভড়ালৰ অধ্যক্ষ আছিল ভড়লী বৰুৱা৷
নাওবৈচা পাইক নাও আৰু নাওঘুলী আদি তদাৰক কৰাৰ দায়িত্বত আছিল নাওশলীয়া বৰুৱা৷
খাৰ যোগান ধৰা পাইকৰ অধ্যক্ষ আছিল খাৰঘৰীয়া বৰুৱা৷
নৈত সোণ কমোৱা সোণোৱাল পাইকৰ অধ্যক্ষৰ দায়িত্বত সোণোৱাল বৰুৱা৷
ৰাজ্যৰ দৌল, দেৱালয় তদাৰক কৰাৰ দায়িত্বত আছিল দেৱলীয়া বৰুৱা৷ তেওঁ সেৱা চলেৱা বুলিও কৈছিল৷
বুজৰবৰুৱা দেশৰ বিভিন্ন খবৰৰ বুজ বাজ লৈ স্বৰ্গদেউক জনাব লাগিছিল৷
ৰাইভঙীয়া বৰুৱা, পৰ্বতীয়া বৰুৱা, খঙীয়া বৰুৱা, মাহীমেলৰ বৰুৱা, গাভৰুমেলৰ বৰুৱা, এনাইঘৰীয়া বৰুৱা, মাজুমৌলৰ বৰুৱা, সৰুমেলৰ বৰুৱা আদি সকলে কুৱলী আৰু স্বৰ্গদেউৰ মেলৰ দায়িত্বত আছিল৷
ইয়াৰ বাহিৰেও আহোম স্বৰ্গদেউৰ প্ৰশাসনত ফুল বৰুৱা, চলিহা বৰুৱা, দুলী নাওটি বৰুৱা, মোচাই বৰুৱা, গাহৰি যোগোৱা বৰুৱা আদিয়ে দায়িত্ব পালন কৰিছিল৷
পৰৱৰ্তী খণ্ডত আমি আহোম স্বৰ্গদেউৰ প্ৰশাসনত ৰাজখোৱা, চৌধুৰী, তালুকদাৰ, ঠাকুৰীয়া আৰু বৰাৰ দায়িত্বৰ প্ৰসঙ্গত আলোচনা কৰিম৷

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version