নিউজ ডেস্কঃ
● অসমৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে পশু চিকিৎসা ক্ষেত্ৰ সহায়কৰ বাবে ৪৪৫টা খালী পদৰ বাবে বিজ্ঞাপন জাৰি কৰিছে।আবেদনৰ অন্তিম তাৰিখ ৬ মাৰ্চ, ২০২৫
● বেংক অৱ বৰোডাই এপ্ৰেণ্টিছ এক্ট ১৯৬১ৰ অধীনত ৪০০০ এপ্ৰেণ্টিছ পদৰ বাবে বিজ্ঞাপন জাৰি কৰিছে।আবেদনৰ অন্তিম তাৰিখ ১১ মাৰ্চ,২০২৫
● এ পি এছ চিয়ে মীন বিভাগ, অসমৰ অধীনত মীন উন্নয়ন বিষয়াৰ ৬৫ টা খালী পদৰ বাবে বিজ্ঞাপন জাৰি কৰিছে।আবেদনৰ অন্তিম তাৰিখ ২৩ মাৰ্চ,২০২৫
● শিৱসাগৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ ফালৰ পৰা ৫টা অফিচ পিয়ন পদৰ বাবে বিজ্ঞাপন জাৰি কৰা হৈছে।আবেদনৰ অন্তিম তাৰিখ ২৫ ফেব্ৰুৱাৰী,২০২৫
● ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠান (SIPRD) অসমে আৰ জি এছ ইউৰ অধীনত ২৭টা জিলা প্ৰগ্ৰেম মেনেজাৰ আৰু সহকাৰী জিলা প্ৰগ্ৰেম মেনেজাৰ পদৰ বাবে বিজ্ঞাপন জাৰি কৰিছে।আবেদনৰ অন্তিম তাৰিখ ১১ মাৰ্চ,২০২৫
● প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে(DEE) অসমত নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত ৪৫০০ সহকাৰী শিক্ষকৰ পদ খালী হোৱাৰ কথা ঘোষণা কৰিছে। ATET/CTET-অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে অনলাইন আবেদন কৰিব পাৰিব
● এ পি এছ চিয়ে পি ডব্লিউ ডি অসমৰ অধীনত Assistant Architect & Junior Engineer (Civil)ৰ ৬৫৪টা খালী পদৰ বাবে বিজ্ঞাপন জাৰি কৰিছে।আবেদনৰ অন্তিম তাৰিখ ২৩ ফেব্ৰুৱাৰী,২০২৫