Home ক্ৰীড়াঃ ৰাজ্য চৰকাৰৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেটঃ

ৰাজ্য চৰকাৰৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেটঃ

0
  • ৰাজ্য চৰকাৰৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট অসম বিধানসভাত বিত্তমন্ত্রী অজন্তা নেওগে উত্থাপন কৰে৷
  • ২০২৪-২৫ বৰ্ষৰ বাজেটৰ মুঠ ব্যয় ১ লাখ ৪১ হাজাৰ ৫২৯ কোটি টকা ধাৰ্য কৰা হৈছে।
  • বাজেটত ৰাজ্য চৰকাৰৰ ধ্বজাবাহী আঁচনি অৰুণোদয়ৰ বিভিন্ন আঁচনি আৰু সাহায্যসমূহ এনেধৰণৰঃ
  • ৪.৩ লাখ ছাত্ৰীলৈ মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি৷
  • ১০ মাহৰ বাবে একাদশ শ্ৰেণীৰ ছাত্ৰীলৈ ১,০০০ টকা, স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰীলৈ ১,২৫০ টকা, বি.এডৰ প্ৰথম বৰ্ষৰ ছাত্ৰীলৈ ২,৫০০ টকা৷
  • ১ জানুৱাৰী ২০০৬ বা তাৰ পূৰ্বে স্থাপিত শিক্ষা প্ৰতিষ্ঠানক প্ৰাদেশিকীকৰণ কৰা হ’ব৷
  • চৰকাৰী বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ পৰা ২০২৫ চনত উত্তীৰ্ণ হোৱা স্নাতকলৈ এবছৰৰ বাবে মাহে ২৫০০ টকা প্ৰদান কৰা হ’ব৷
  • ৬.৮ লাখ চাহ শ্ৰমিকৰ প্ৰতিগৰাকীলৈ এককালীন বিত্তীয় সাহায্য হিচাপে ৫,০০০ টকা আগবঢ়োৱা হ’ব৷ ১০০০ যুৱ লেখকলৈ ২৫,০০০ টকাকৈ বিত্তীয় সমৰ্থন আগবঢ়োৱা হ’ব৷
  • চৰকাৰী কৰ্মচাৰীসকলক গ্ৰন্থ ক্ৰয়ৰ বাবে ১,০০০ টকাকৈ এককালীন অনুদান৷
  • ২০২৫-২৬ বৰ্ষত অসম চৰকাৰে অসমৰ চৰ অঞ্চলৰ জৰীপ কৰিব৷
  • কৰ্কট চিকিৎসাৰ বাবে দেশৰ ভিতৰতে তৃতীয়টো প্ৰ’টন থেৰাপী কেন্দ্ৰ গুৱাহাটীত স্থাপন কৰিব
  • কম্পিউটাৰ সাক্ষৰতা অনুষ্ঠানৰ সৈতে জড়িত শিক্ষকসকলৰ দৰমহা ২০,০০০ টকালৈ বৃদ্ধি
  • চৰকাৰে সংখ্যালঘু অধ্যুষিত অঞ্চলত ৯খন মহিলা মহাবিদ্যালয় আৰু ২১ খন আদৰ্শ আৱাসিক বিদ্যালয় স্থাপন কৰিব

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version