● বিশ্বব্যাপী বায়ু প্ৰদূষণৰ ৰেংকিঙত শীৰ্ষত ভাৰত
● দিল্লীৰ পিছে পিছে আগবাঢ়িছে অসম-মেঘালয় সীমান্তৱৰ্তী চহৰ বৰ্নিহাট
● বিশ্বৰ ২০ খন প্ৰদূষিত চহৰৰ তালিকাত ১৩খন চহৰেই ভাৰতৰ
● নিম্নগামী বায়ুৰ বাবে ভাৰতীয় লোকৰ গড় আয়ুস ৫.২ বছৰ হ্ৰাস
বিশ্বৰ বায়ু প্ৰদূষণৰ ৰেংকিঙত ভাৰতৰ আধিপত্য অব্যাহত থকাৰ লগতে অসমৰ বৰ্নিহাটেও ভয়ানক প্ৰদূষিত অঞ্চল হিচাপে আত্মপ্ৰকাশ কৰিছে বুলি চুইজাৰলেণ্ডৰ বায়ু গুণাগুণ প্ৰযুক্তি প্ৰতিষ্ঠান আই কিউ এয়াৰৰ বিশ্ব বায়ুৰ গুণাগুণ প্ৰতিবেদন ২০২৪ত প্ৰকাশ পাইছে। প্ৰতিবেদনত প্ৰকাশিত তথ্য অনুসৰি দিল্লী বৰ্তমানেও বিশ্বৰ আটাইতকৈ প্ৰদূষিত ৰাজধানী চহৰ হিচাপে শীৰ্ষ স্থানত আছে। আনহাতে বায়ুৰ গুণাগুণ সামান্য উন্নত হোৱাৰ পিছতো এতিয়াও বিশ্বৰ ২০খন আটাইতকৈ প্ৰদূষিত চহৰৰ ভিতৰত ১৩খন চহৰেই ভাৰতৰ।
অসম-মেঘালয় সীমান্তৰ ঔদ্যোগিক কেন্দ্ৰ বৰ্নিহাটক প্ৰদূষণৰ অন্যতম স্থান হিচাপে চিনাক্ত কৰা হৈছে, য’ত পিএম ২.৫ আৰু পিএম ১০ ৰ দৰে উচ্চ মাত্ৰাত প্ৰদূষক পদাৰ্থৰ উপস্থিতি আছে। লোহা আৰু তীখা উদ্যোগ, চিমেণ্ট কাৰখানা, ডিষ্টিলেৰীকে ধৰি প্ৰায় ৪১টা কাৰখানা থকাৰ লগতে ট্ৰাকৰ দৰে বাহন সঘনাই চলাচল কৰাৰ ফলত অঞ্চলটোৰ বায়ুৰ গুণাগুণত মানৰ ওপৰত গুৰুতৰ প্ৰভাৱ পৰিছে। অঞ্চলটোত প্ৰদূষণ নিয়ন্ত্ৰণ কৰ্তৃপক্ষৰ অভাৱৰ বাবে পৰিস্থিতি আৰু অধিক ভয়াৱহ হৈ পৰিছে।
আনহাতে, বিশ্বৰ শীৰ্ষ ২০খন প্ৰদূষিত চহৰৰ তালিকাত ১৩খন ভাৰতীয় চহৰ ক্ৰমে বৰ্নিহাট, দিল্লী, মুলনপুৰ (পাঞ্জাব), ফৰিদাবাদ, লনী, নতুন দিল্লী, গুৰুগ্ৰাম, গংগানগৰ, গ্ৰেটাৰ নয়ডা, ভীৱাদী, মুজাফ্ফৰনগৰ, হনুমানগড়, আৰু নয়ডাই স্থান দখল কৰিছে।
প্ৰতিবেদনত সকীয়াই দিয়া হৈছে যে ভাৰতৰ ৩৫% চহৰে বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰাপদ পিএম ২.৫ সীমা ১০ গুণ অতিক্ৰম কৰি স্বাস্থ্যৰ বাবে ভয়াৱহ বিপদৰ সৃষ্টি কৰিছে। লেন্সেট প্লেনেটৰী হেল্থৰ এক অধ্যয়নত ২০০৯ চনৰ পৰা ২০১৯ চনৰ ভিতৰত বছৰি ১৫ লাখ লোকৰ মৃত্যুৰ সৈতে দীৰ্ঘদিনীয়া পিএম ২.৫ৰ সংস্পৰ্শৰ সম্পৰ্ক থকা বুলি প্ৰমাণিত হৈছিল। ভাৰতত বায়ুৰ গুণাগুণ নিম্নগামী হোৱাৰ বাবে ভাৰতীয় লোকৰ গড় আয়ুস ৫.২ বছৰ হ্ৰাস পোৱাৰ তথ্যও সমুখলৈ আহিছে।
বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰাক্তন মুখ্য বিজ্ঞানী তথা ভাৰতৰ স্বাস্থ্য মন্ত্ৰালয়ৰ উপদেষ্টা ড০ সৌম্য স্বামীনাথনকে ধৰি আন আন বিশেষজ্ঞসকলে প্ৰদূষণৰ তাৎক্ষণিক হস্তক্ষেপৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ৰন্ধা-বঢ়াৰ বাবে জৈৱবস্তুৰ ঠাইত এল পি জিৰ ব্যৱহাৰ, ৰাজহুৱা পৰিবহণৰ সম্প্ৰসাৰণ, আৰু কঠোৰ ঔদ্যোগিক নিৰ্গমন আইন বলবৎ কৰাৰ পৰামৰ্শ প্ৰদান কৰিছে। বিজ্ঞানী সকলে বায়ু প্ৰদূষণ হ্ৰাসৰ ক্ষেত্ৰত সহায় কৰিবলৈ কম আয়ৰ পৰিয়ালৰ বাবে অতিৰিক্ত এল পি জি চিলিণ্ডাৰৰ ওপৰতো চৰকাৰী ৰাজসাহায্য প্ৰদানৰ বাবে আহ্বান জনায়।


