Home ৰাজ্যঃ শিৱসাগৰত দিব্যাংগসকলৰ ‘Purple Fair’ শীৰ্ষক অনুষ্ঠান

শিৱসাগৰত দিব্যাংগসকলৰ ‘Purple Fair’ শীৰ্ষক অনুষ্ঠান

0

▶️শিৱসাগৰত দিব্যাংগসকলৰ ‘Purple Fair’ শীৰ্ষক অনুষ্ঠান
▶️দিব্যাংগসকলৰ প্ৰতিভাসমূহক এখন মঞ্চ দিয়াৰ প্ৰয়াস
▶️গীত, নৃত্য, মুকাভিনয়, বক্তৃতা আদিত আপ্লুত উপস্থিত ৰাইজ

Composite Regional Centre (CRC) for Skill development, Rehabilitation and Empowerment of persons with disabilities, Guwahatiৰ
উদ্যোগত শিৱসাগৰৰ দৰবাৰ খেলপথাৰত শুক্ৰবাৰে দিনজেৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় দিব্যাংগসকলৰ Purple Fair শীৰ্ষক অনুষ্ঠান৷

এই অনুষ্ঠানৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে শিৱসাগৰ জিলাৰ অতিৰিক্ত আয়ুক্ত গীতালি দুৱৰা, জিলা ক্ৰীড়া বিষয়া সঞ্জয় উপাধ্যায় আৰু চি আৰ চিৰ সঞ্চালক ড০ পি কে লেংকা।

এই অনূষ্ঠানৰ জৰিয়তে দিব্যাংগসকলৰ মাজত লুকাই থকা প্ৰতিভাসমূহক এখন মঞ্চ দিয়াৰ প্ৰয়াস কৰা হয়। এই পাৰ্পল মেলাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ শতাধিক দিব্যাংগ ব্যক্তি-মহিলা, শিশুৱে অংশগ্ৰহণ কৰি নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰে। দিব্যাংগ শিশুসকলে প্ৰদৰ্শন কৰা গীত, নৃত্য, মুকাভিনয়, বক্তৃতা আদিয়ে উপস্থিত ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয়।

দিব্যাংগসকলৰ উন্নয়নৰ বাবে কাম কৰি থকা বহুকেইগৰাকী ব্যক্তিকো অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়। সমান্তৰালভাৱে পেৰা স্প’ৰ্টচ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি গৌৰৱ কঢ়িয়াই অনা কেইবাগৰাকীও খেলুৱৈকো সম্বৰ্ধনা জনোৱা হয়।

দিব্যাংগসকলৰ বাবেও সমান অধিকাৰ সুৰক্ষিত কৰা, আন শিশুসকলৰ সমানে তেওঁলোকক আগুৱাই নিয়াৰ বাবে CRC নাম সংস্থাটোৱে দীৰ্ঘদিন ধৰি কাম কৰি আহিছে বুলি প্ৰকাশ কৰে সংস্থাটোৰ প্ৰতিনিধিয়ে।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version