- অদীপ কুমাৰ ফুকন
এক উচিত সিদ্ধান্ত গ্ৰহণৰ বাবে এটা সম্প্ৰদায়ক আমি ধৰ্ম আৰু পৰিসংখ্যাৰ ভিত্তিত চিনাক্তকৰণ কৰিম নে এটা নিৰ্দিষ্ট গোষ্ঠী হিচাপে নামকৰণ কৰিম? এই বিষয়ত মুক্ত আলোচনা হোৱা প্ৰয়োজন৷ অপ্ৰিয় হ’লেও সত্য যে অসমীয়া জাতিসত্তাৰ এক শক্তিশালী অংগ বুলি ধৰ্মীয় সংখ্যালঘুসকলক গণ্য কৰা হয় যদিও জাতীয় প্ৰশ্নত আলোচনা কৰিবলৈ যাওঁতে আমি সংখ্যালঘু বা মুছলমানসকলক অসমীয়াৰ পৰা ভিন্ন হিচাপে চিনাক্ত কৰি আহিছোঁ৷ সংখ্যালঘুৰ নেতৃত্ব দিয়াসকলেও এই সিদ্ধান্ত লোৱাৰ প্ৰয়োজন হৈছে যে নিজস্ব গোষ্ঠীক ধৰ্মীয় দৃষ্টিভংগীৰে পৰিচয় দিব নে অসমীয়া জাতিসত্তাৰ অন্যতম অংশ হিচাপে পৰিচিত কৰিব? অসমৰ বিভিন্ন জনগোষ্ঠী বিশেষতঃ ভাষা আৰু সংস্কৃতিৰ ওপৰত ভিত্তি কৰি নিজস্ব পৰিচয়েৰে অসমীয়া জাতিসত্তাৰ অন্যতম অংশীদাৰ হৈ পৰিছে৷ অসমৰ ধৰ্মীয় সংখ্যালঘুসকল অৱশ্যে মুছলমান হিচাপেই এক সাংস্কৃতিক পৰিচয় স্পষ্ট৷ ইয়াৰ পৰিপ্ৰেক্ষিতত ধৰ্মীয় সংখ্যালঘু বুলি নিৰাপত্তাৰ প্ৰশ্ন উত্থাপন কৰাৰ পৰিৱৰ্তে অসমীয়া জাতিসত্তাৰ মুছলমান জনগোষ্ঠী হিচাপে নিজস্ব প্ৰাপ্য-অধিকাৰ সাব্যস্ত কৰা উচিত হ’ব৷ মুছলমান বুলি এক ভিন্ন শ্ৰেণী হিচাপে স্বীকৃত হৈ থকাৰ পৰিপ্ৰেক্ষিতত অসমৰ মুছলমানসকলক লৈ এক জনগোষ্ঠী বুলি পৰিচয় দিয়াটো নিশ্চয় অযুক্তিকৰ নহয়৷ নিজস্ব পৰিচয়ৰ স্পষ্ট ব্যাখ্যা অবিহনে নিজস্ব অধিকাৰ সাব্যস্ত কৰাটো সম্ভৱ নহ’ব৷ কেৱল মুছলমান বুলি অধিকাৰ বিচাৰিবলৈ গ’লে আৰু সংকটত পৰিব লাগিব৷ আমাৰ প্ৰস্তাৱ হ’ল, অসমৰ সংখ্যালঘু বুলি নিজকে পৰিচয় দি অহাসকলে গণতান্ত্ৰিকভাবে অসমীয়া জাতিসত্তাৰ মাজত নিজৰ পৰিচয় স্পষ্ট কৰাৰ বাবে আজিৰ স্থিতিৰ ওপৰত নৱ মূল্যায়ন কৰা উচিত৷
আমি দৃঢ়তাৰে ক’ব খোজোঁ যে অসমীয়া জাতিৰ মাজত বড়ো, কাৰ্বি, তিৱা, মিচিং, চাহ জনগোষ্ঠী আদি জনগোষ্ঠীৰ প্ৰাপ্য অধিকাৰ আৰু মুছলমান জনগোষ্ঠীৰ অধিকাৰৰ মাজত ভিন্নতা নাই৷ সকলোৰে সম অধিকাৰ, সম স্থিতি আৰু গণতান্ত্ৰিক সহযোগিতাইহে প্ৰত্যেককে আগুৱাই যোৱাত সহায় কৰিব৷ সমূহ জনগোষ্ঠীৰ মিশ্ৰিত উপাদানেৰে ভাৰতৰ জাতিসমূহৰ মাজত অসমীয়া জাতিয়ে নিজস্ব বৈশিষ্ট্য বজাই ৰাখিছে৷ অধিকসংখ্যক জনগোষ্ঠীয়ে বসবাস কৰা অসমৰ ক্ষেত্ৰত জাতীয় স্বাৰ্থৰ প্ৰতি একমাত্ৰ শুদ্ধ দৃষ্টিভংগী হ’ল মুছলমান জনগোষ্ঠীক লৈ সকলো জনগোষ্ঠীৰ মাজত যাতে কোনোধৰণৰ সংঘৰ্ষৰ সৃষ্টি হ’ব নোৱাৰে তাৰ বাবে অনুকূল পৰিৱেশ সৃষ্টি কৰা৷ আমি সকলোৱে এই কথা স্বীকাৰ কৰোঁ যে অৰ্থনৈতিক স্বাধীনতা অবিহনে ৰাজনৈতিক স্বাধীনতাৰ মূল্য নাই৷ ৰাষ্ট্ৰীয় বা ৰাজ্যিক প্ৰেক্ষাপটত আমি সকলোৱে এই কথাক সমৰ্থন জনাওঁ যদিও জনগোষ্ঠীসমূহৰ ক্ষেত্ৰত কিন্তু পক্ষপাতমূলক দৃষ্টিভংগী গ্ৰহণ কৰোঁ৷ অন্যান্য জনগোষ্ঠীৰ লগতে মুছলমান জনগোষ্ঠীৰ অৰ্থনৈতিক দিশটো অতি পুতৌজনক৷ প্ৰকৃতাৰ্থত মুছলমান জনগোষ্ঠীৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত আজিলৈকে ভিতৰৰ পৰাই হওক বা বাহিৰৰ পৰাই হওক, উচিত পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই৷ স্বাধীনতাৰ আগৰ পদক্ষেপ গ্ৰহণ কথা আলোচনা কৰিবলৈ নগৈ যোৱা ৭৫টা বছৰত মুছলমান জনগোষ্ঠীয়ে নিৰাপত্তাজনিত ভয়, সংশয়, সংকট আৰু আপোচৰ মাজেৰে সময় অতিবাহিত কৰিব লগা হৈছে৷ মুছলমান জনগোষ্ঠীৰ এচাম নেতাই জনগোষ্ঠীটোক নিজস্ব অধিকাৰৰ ক্ষেত্ৰত গণতান্ত্ৰিকভাবে সজাগ কৰাৰ পৰিৱৰ্তে নিৰাপত্তাৰ প্ৰশ্নৰে ভীতিগ্ৰস্ত কৰি তুলিছে৷ এজনে আনজনক ভীতিগ্ৰস্ত কৰি নিজস্ব স্বাৰ্থ সিদ্ধি কৰাৰ দৰে নিজস্ব গোষ্ঠীকো ভীতিগ্ৰস্ত কৰি ব্যক্তিগত মুনাফা আদায় কৰিছিল৷ আজিৰ সমাজত এনে প্ৰৱণতাই বিশেষভাৱে গা কৰাটো পৰিলক্ষিত হয়৷

মুছলমান জনগোষ্ঠী অসমৰ মাটি-পানী আৰু ভাষা-সংস্কৃতিৰ অংশীদাৰ৷ নিৰাপত্তাৰ প্ৰশ্নত অসমীয়া জাতিসত্তাৰ এই জনগোষ্ঠীটো শংকিত হোৱাৰ কোনো কাৰণ নাই৷ যি সময়ত মুছলমান জনগোষ্ঠীক সামাজিকভাৱে প্ৰতিষ্ঠা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, সেইটো সময়ত প্ৰশাসনিক আৰু ৰাজনৈতিক সমস্যাক টানি আনি তেওঁলোকৰ আৰ্থ-সামাজিক উত্তৰণৰ প্ৰয়োজনীয় দিশটোত বাধা প্ৰদান কৰি অহা পৰিলক্ষিত হৈছে৷ প্ৰায়বিলাক ৰাজনৈতিক শক্তি আৰু সংখ্যালঘুৰ নামত এচাম নেতাই বেছিভাগ সময়তেই ভোটাৰ তালিকা, ডি ভোটাৰ, নাগৰিকপঞ্জীৰ দৰে সমাধান কৰিব পৰা বিষয়সমূহক সমস্যা হিচাপে জীয়াই ৰাখি ব্যক্তিস্বাৰ্থৰ ৰাজনীতি কৰি থকা পৰিলক্ষিত হয়৷ মুছলমান জনগোষ্ঠীৰ নিৰাপত্তাৰ প্ৰশ্নত এই বিষয়বোৰৰ গুৰুত্ব নিশ্চয় আছে৷ কিন্তু ইয়াৰ লগতে মুছলমান জনগোষ্ঠীৰ মানুহ হিচাপে জীয়াই থকাৰ বাবে অন্যান্য সমস্যাও আছে৷ আৰ্থ-সামাজিক সমস্যাসমূহৰ গুৰুত্ব কমাই ভোটাৰ তালিকা, ডি-ভোটাৰ আদি সমস্যাৰ গুৰুত্ব অধিক কৰি তুলিলে মুছলমান জনগোষ্ঠীৰ মাজত নাগৰিকত্বৰ বিষয়টোৱে সন্দেহ আৰু সংকটৰ সৃষ্টি কৰে৷ কিন্তু আমি এই কামটো স্পষ্ট কৰিব নোৱাৰোঁ আৰু পতিয়ন নিয়াবলৈ চেষ্টা কৰিব নোৱাৰোঁ যে অসমৰ মুছলমান জনগোষ্ঠী অসমৰ নাগৰিক, ভাৰতৰ নাগৰিক৷
অসমৰ মুছলমান জনগোষ্ঠীয়ে দৃঢ়তাৰে সকলোকে বুজাবলৈ সমৰ্থ হ’ব লাগিব যে অসমীয়া জাতিসত্তাৰ ভাষা-সংস্কৃতি হিচাপে প্ৰতিষ্ঠা কৰাৰ প্ৰয়োজনীয় দায়িত্ব পালনত মুছলমান জনগোষ্ঠীয়ে কৃপণালি কৰা নাই৷ জাতিটোৰ প্ৰতিটো সংকটকালত সংকটমোচনৰ বাবে আৰু অসমীয়া জাতিক প্ৰতিষ্ঠিত জাতি হিচাপে থিয় কৰোৱাত মুছলমান জনগোষ্ঠীয়ে নিজস্ব দায়িত্ব হিচাপে পাৰ্যমানে চেষ্টা কৰি আহিছে৷ জাতিটোৰ কৃষি-অৰ্থনীতিৰ বিকাশ, কৰ্ম-সংস্কৃতি গঢ়ি তোলাৰ ক্ষেত্ৰতো এই জনগোষ্ঠীৰ আজিও বৰঙণি অনন্য৷ অতি দুখ আৰু পৰিতাপৰ বিষয় যে আজিও এই জনগোষ্ঠীৰ জনমূৰি আয় আৰু শৈক্ষিক পৰিৱেশ অতি নিম্নস্তৰত৷ এই দিশটো আগত ৰাখি দ্ৰুত উন্নয়নৰ চিন্তা কৰাৰ বিপৰীতে আজিও মুছলমান জনগোষ্ঠীক কেৱল নিৰ্বাচনৰ পাল্লাৰ দগা হিচাপেই ব্যৱহাৰ কৰি থকা হৈছে৷ আমাৰ প্ৰস্তাৱ হ’ল, মুছলমান জনগোষ্ঠীৰ সচেতন ব্যক্তিসকলে নিজস্ব জনগোষ্ঠীৰ অৰ্থনৈতিক দিশটোৰ ওপৰত আলোকপাত কৰিবলৈ চেষ্টা কৰক৷ শিক্ষাৰ পোহৰ আৰু গ্ৰাম্য অৰ্থনীতিৰ বিকাশতহে মুছলমান জনগোষ্ঠীৰ প্ৰকৃত নিৰাপত্তা জড়তি হৈ আছে৷ অসমৰ আত্মনিৰ্ভৰশীলতাৰ অন্যতম অৰ্থনৈতিক কাৰ্যসূচী হ’ল কৃষি উৎপাদন আৰু বিকাশ৷ এই দিশটোত মুছলমান জনগোষ্ঠীৰ অৱদান সকলোৰে স্বীকাৰ্য৷ কিন্তু তেওঁলোকৰ প্ৰতি চৰকাৰ বা সংশ্লিষ্টসকলৰ সহযোগ ইতিবাচক নহয়৷ কেৱল উৎপাদনৰ ক্ষেত্ৰতেই নহয়, নাগৰিকৰ এক আৱেগিক সম্পৰ্ক বিজড়িত স্বত্ব ভূমিস্বত্বৰ ক্ষেত্ৰতো স্বাধীনতাৰ পিছৰে পৰা শাসকগোষ্ঠীৰ সহযোগিতা নেতিবাচক৷ চৰ অঞ্চলৰ মাটিত আজিও ম্যাদী পট্টাৰ ব্যৱস্থা হোৱা নাই৷ আধুনিক বিজ্ঞানসন্মত কৃষিক্ষেত্ৰৰ সম্প্ৰসাৰণত চৰকাৰ আৰু বিত্তীয় অনুষ্ঠানসমূহৰ সহযোগৰ বাবেও মাটিৰ ম্যাদিপট্টাৰ ব্যৱস্থাৰ প্ৰয়োজন আছে৷ এজন নাগৰিকক নূ্যনতম মাটিৰ অধিকাৰ দিয়াটো চৰকাৰৰ প্ৰাথমিক দায়িত্ব৷ মাটিক কেন্দ্ৰ কৰি বৰ্তমান গা কৰি উঠা সংঘাতে গোষ্ঠী সংঘৰ্ষৰ সৃষ্টি কৰিছে৷ আৰু তাৰ বাবে মুছলমান জনগোষ্ঠীয়েই অধিক কষ্ট ভোগ কৰিবলগীয়া হৈছে৷
সংখ্যালঘুৰ নামত বা মুছলমান জনগোষ্ঠীৰ অৰ্থনৈতিক উন্নয়নৰ নামত থকা সংশ্লিষ্ট বিভাগসমূহ যথোচিতভাৱে কাৰ্যক্ষম নহয়৷ চৰ উন্নয়ন পৰিষদ, সংখ্যালঘু উন্নয়ন পৰিষদ আদি বিভাগসমূহৰ মাজত পুঁজি আবণ্টন অতি পুতৌজনক৷ যি সময়ত দেশব পৰা নিৰক্ষৰতা নিৰ্মূলৰ আঁচনি গ্ৰহণ কৰা হৈছে আৰু তেনে আঁচনিৰ নামত কোটি কোটি টকা খৰচ কৰা হৈছে, সেই সময়ত চৰৰ শিক্ষিতৰ হাৰ মাত্ৰ ১৯ শতাংশহে৷ এতিয়াও নিৰক্ষৰতা ৮১ শতাংশ৷ এনে অৱস্থাৰে অসমৰ মুছলমান জনগোষ্ঠীৰ পৰিবৰ্তন সম্ভৱ নহ’ব৷ অন্যহাতে চৰ অঞ্চলৰ ৭৫ ভাগ লোক দাৰিদ্ৰ্য সীমাৰেখাৰ তলত বাস কৰে৷ ইয়াৰ পৰিবৰ্তনৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ সময় হৈছে৷ আমাৰ প্ৰস্তাৱ হ’ল, অসমীয়া জাতিৰ সামূহিক উত্তৰণৰ বাবে চিন্তা কৰিবলৈ হ’লে মুছলমান জনগোষ্ঠীৰ দৰিদ্ৰতা, নিৰক্ষৰতা দূৰ কৰিব লাগিব৷ শংকামুক্তভাবে জাতিটোৰ বাবে কাম কৰাৰ পৰিৱেশ সৃষ্টি কৰি দিব লাগিব৷ মুছলমান জনগোষ্ঠীৰ অৰ্থনৈতিক উন্নয়নৰ বাবে অসমৰ সমাজ জীৱনৰ নেতৃবৰ্গই প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি চৰকাৰকো বাধ্য কৰোৱাৰ সময় হৈছে৷
ফোন : ৯৭০৭০২৪৬১২



