Home ৰাজ্যঃ সাত বিহু আৰু পৰম্পৰা

সাত বিহু আৰু পৰম্পৰা

0

বিহু অসমৰ জাতীয় উৎসৱ। আমাৰ তিনিটা বিহুৰ ভিতৰত ব’হাগ বিহু বা ৰঙালী বিহুৱেই প্ৰধান। চ’ত মাহৰ শেষ দিনা বা সংক্ৰান্তিৰ পৰা ব’হাগ বিহু আৰম্ভ হয়। ইয়াক চ’তৰ বিহু বুলিও জনা যায়। জনবিশ্বাস মতে ডেকা-গাভৰুৱে মুকলি পথাৰত প্ৰেম- যৌৱনৰ গীতেৰে পুৰুষস্বৰূপ মেঘক আৰু নাচৰ গিৰিপনিৰে নাৰীস্বৰূপা প্ৰকৃতি(পৃথৱীক)উত্তেজিত কৰি বৰষুণৰ মাধ্যমত মিলন ঘটোৱাৰ ফলশ্ৰুতিত বসুমতী শস্যসম্ভৱা হোৱাৰ যি প্ৰক্ৰিয়া তাতেই ৰঙালী বিহুৰ উৎস আৰু তাৎপৰ্য নিহিত হৈ আছে। বসন্তৰ আগমনত প্ৰথমজাক বৰষুণ পৰাৰ লগে লগেই প্ৰকৃতি ঋতুমতী হয়, গছ-লতিকাত কুঁহিপাত ওলায়; প্ৰকৃতি ফলে-ফুলে জাতিষ্কাৰ হৈ পৰে। খাদ্য সম্ভাৰ, পিঠা পনাৰে ভৰি পৰে অসমীয়াৰ ঘৰ।

ব’হাগ বিহু সাধাৰণতে চ’তৰ সংক্ৰান্তিৰ পৰা আৰম্ভ হৈ ব’হাগৰ ছয় দিনলৈ মুঠ সাতদিন পালন কৰা হয়। প্ৰত্যেক দিনৰে একোটাকৈ সুকীয়া সুকীয়া নাম আছে। সেয়া হ’ল-

  1. গৰু বিহু,
  2. মানুহ বিহু,
  3. গোসাঁই বিহু,
  4. তাঁতৰ বিহু,
  5. নাঙলৰ বিহু,
  6. জীয়ৰী বা চেনেহী বিহু আৰু
  7. চেৰা বিহু।

এই সাতটা বিহুক ‘সাতবিহু’ নামেৰে জনা যায়। আনহাতে কিছুমান ব্যক্তিয়ে আকৌ বহাগৰ বিহুৰ এই অনুষ্ঠানসমূহক তলত দিয়াৰ দৰে ভাগ কৰিছে:-

  1. চ’ত বিহু: চ’তৰ নিশা ডেকা-গাভৰুৱে বিহুৰ আখৰা কৰে আৰু আখৰা কৰা প্ৰথম নিশাটোয়ে হ’ল চ’ত বিহু।
  2. ৰাতি বিহু: চ’ত বিহুৰ আখৰাৰ পৰৱৰ্তী বিহু মৰা নিশাবোৰক ৰাতি বিহু বুলি কোৱা হয়।
  3. গৰু বিহু: চ’তৰ সংক্ৰান্তিৰ দিনা গৰুক গা ধুৱাই নতুন পঘাৰে বন্ধা হয়। গধূলি ধূপ-ধূনা আদি দিয়া হয়।
  4. মানুহ বিহু বা চেনেহী বিহু: এক ব’হাগৰ দিনাখন এই বিহু পতা হয়। এই বিহুটোক আপোনজনে আপোনজনক বিহুৱান দিয়ে। বিহুগীতহুঁচৰি গীত গাই অতি আনন্দ কৰে।
  5. কুটুম বিহু: ব’হাগৰ দ্বিতীয় দিনটো কুটুম বিহু। এই দিনা জী-জোঁৱাইসকল মাকহঁতৰ ঘৰলৈ যায়। ইষ্ট-কুটুম্বই পৰস্পৰে পৰস্পৰক আদৰ আৰু সেৱা-সত্কাৰ কৰে।
  6. মেলা বিহু বা হাট বিহু: এই বিহুৰ দিনা পথাৰৰ মাজত এডাল গছক প্ৰতীক হিচাপে লৈ তাৰ তলত গাভৰুসকলে বিহু নাচে। গছ জোপালৈ বিহুৱান, তামোল-পাণ আদি আগবঢ়ায়। শিমলুগুৰি, নাহৰকটীয়া, টেঙাখাট আদি অঞ্চলত এই বিহু দেখা যায়।
  7. চেৰা বিহু বা এৰা বিহু: বহাগ বিহুত ডেকা-গাভৰুৱে নাচি-বাগি ভাগৰি পৰে আৰু সপ্তম দিনা অতি আদৰৰ বিহুটিক সমাপ্ত ঘটায়। সেই দিনাখন বিহুৱানবোৰ পুনৰ ধুই বিহুক বিদায় দিয়ে।

এনেদৰে অঞ্চল বিশেষে ব’হাগ বিহুৰ ভাগ সমূহ ভিন ভিন দেখা যায়। উজনি অসমৰ কোনো কোনো ঠাইত সাত বিহুৰ এটা দিন দেউৰী বিহু বুলিও পালন কৰা দেখা যায়। আজিকালি কোনো কোনো অঞ্চলত গোটেই ব’হাগ মাহ ধৰি বিহুৰ ৰং-ৰহইচ, নাচ-বাগ চলে যদিও প্ৰথম ৬দিন আৰু শেষৰ দিনটোৰ বাহিৰে বাকী দিনবোৰৰ নিৰ্দিষ্ট কোনো নাম নাথাকে। অৱশ্যে বিহু সাতদিনেই থাকক বা এমাহেই থাকক বিহুৰ শেষৰ দিনা চেৰা বিহু।

© Wikipedia

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version