Home ৰাজ্যঃ সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদৰ (AICTE-VAANI) আঁচনিৰ পৃষ্ঠপোষকতাত অসম ডন বস্ক’ বিশ্ববিদ্যালয়ত “স্বাৱলম্বন:...

সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদৰ (AICTE-VAANI) আঁচনিৰ পৃষ্ঠপোষকতাত অসম ডন বস্ক’ বিশ্ববিদ্যালয়ত “স্বাৱলম্বন: সৌৰ শক্তিৰ জৰিয়তে নিয়োগ সবলীকৰণ” শীৰ্ষক কৰ্মশালা

0

গুৱাহাটী, ৬ জুলাই: অসম ডন বস্ক’ বিশ্ববিদ্যালয়ে ২০২৪ চনৰ ৩ জুলাইৰ পৰা ৫ জুলাইলৈ বিশ্ববিদ্যালয়ৰ আজাৰা প্ৰাংগনত “স্বাৱলম্বন: সৌৰ শক্তিৰ জৰিয়তে নিয়োগ সবলীকৰণ” শীৰ্ষক অসমীয়া ভাষাত এক বিনামূলীয়া কৰ্মশালা অনুষ্ঠিত কৰে। এই কৰ্মশালাখন সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদৰ ভাৰতীয় ভাষা উন্নতিসাধন আৰু উৎকৰ্ষৰ পোষকতা (AICTE-VAANI) আঁচনিৰ অধীনত বিশ্ববিদ্যালয়ৰ প্ৰযুক্তিবিদ্যা বিদ্যালয়ে আয়োজন কৰে।

তিনিদিনীয়া এই কৰ্মশালাৰ লক্ষ্য আছিল যুৱ ব্যক্তিসকলক সৌৰ শক্তি প্ৰযুক্তি আৰু গৃহ বৈদ্যুতিকৰণৰ অত্যাৱশ্যকীয় দক্ষতাৰে সজ্জিত কৰি নিয়োগযোগ্যতা বৃদ্ধি কৰা। এই কৰ্মশালাখনিত মুঠ ৫৪ জন অংশগ্ৰহণকাৰীয়ে সৌৰশক্তিচালিত ৰিছাৰ্জেবল এল ই ডি লাইট সফলতাৰে ডিজাইন কৰে । এই অভিনৱ লেম্পবোৰ সৌৰশক্তি বা মোবাইল চাৰ্জাৰ ব্যৱহাৰ কৰি চাৰ্জ কৰিব পাৰি আৰু ই জৰুৰীকালীন মোবাইল চাৰ্জাৰ হিচাপেও কাম কৰিব পাৰে। অংশগ্ৰহণকাৰীসকলে গৃহ বৈদ্যুতিকৰণ বিষয়টোৰ মৌলিক ধাৰণা, সঁজুলি, আৰু সুৰক্ষা পদ্ধতিৰ ওপৰতো ব্যৱহাৰিক জ্ঞান লাভ কৰে।

কৰ্মশালাখনিৰ সামৰণি অনুষ্ঠানত প্ৰতিজন অংশগ্ৰহণকাৰীক প্ৰমাণ পত্ৰৰ লগতে প্ৰশিক্ষণৰ সময়ত তেওঁলোকে নিজহাতে নিৰ্মাণ কৰা সৌৰশক্তিচালিত এল ই ডি লাইট প্ৰদান কৰা হয়। এই ব্যৱহাৰিক সঁজুলিসমূহে অংশগ্ৰহণকাৰীসকলক নবীকৰণযোগ্য শক্তি খণ্ডত আত্মনিয়োগৰ উদ্যোগ বা উদ্যোগীকৰণৰ প্ৰচেষ্টাত নামিবলৈ সক্ষম কৰিব বুলি আশা কৰা হৈছে।

অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ প্ৰযুক্তিবিদ্যা বিদ্যালয়ৰ সঞ্চালক অধ্যাপক মনোৰঞ্জন কলিতাই কৰ্মশালাখনৰ উদ্দেশ্যৰ ওপৰত আলোকপাত কৰি কয় যে, “স্বাৱলম্বন কেৱল প্ৰশিক্ষণ পাঠ্যক্ৰম নহয়; ই ব্যক্তিসকলক বহনক্ষম জীৱিকা সৃষ্টিৰ দক্ষতা আৰু আত্মবিশ্বাসেৰে সবলীকৰণ কৰাৰ এক পদক্ষেপ । নিজৰ মাতৃভাষাত কাৰিকৰী শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত লোৱা সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদৰ পদক্ষেপসমূহৰ বাবে আমি ধন্যবাদ জনাইছো”।

সৌৰশক্তিৰ ক্ষেত্ৰত ব্যৱহাৰিক অভিজ্ঞতা আৰু মূল্যৱান অন্তৰ্দৃষ্টি লাভ কৰাৰ সুযোগ পোৱাৰ বাবে অংশগ্ৰহণকাৰীসকলে কৃতজ্ঞতা প্ৰকাশ কৰে। বহুতে নিজৰ নতুনকৈ আহৰণ কৰা দক্ষতাক ব্যৱহাৰ কৰি আগুৱাই যাবলৈ আৰু নতুন কেৰিয়াৰ পথ অন্বেষণ কৰিবলৈ আগ্ৰহী বুলিও উল্লেখ কৰে।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version