আন্তঃৰাষ্ট্ৰীয় প্ৰতিভা সন্ধানকাৰী মঞ্চ ব্ৰিটেইনছ গট টেলেণ্টত তৃতীয় স্থান দখল কৰি ৰাজ্য তথা দেশলৈ সুনাম কঢ়িয়াই অনা কাৰ্বি আংলং জিলাৰ বোকাজানৰ বিনীতা চেত্ৰীক আজি বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অৱতৰণ কৰাৰ পাছত গুণমুগ্ধসকলে আদৰণি জনায়। বিনীতা চেত্ৰীয়ে সন্মান লাভ কৰি অতিশয় আনন্দিত বুলি প্ৰকাশ কৰে।




