Home ৰাজ্যঃ ৰাজা ৰঘুবংশীৰ হত্যাৰ অভিযোগঃ পত্নী সোনম ৰঘুবংশীসহ ৩ অভিযুক্তক গ্ৰেপ্তাৰ

ৰাজা ৰঘুবংশীৰ হত্যাৰ অভিযোগঃ পত্নী সোনম ৰঘুবংশীসহ ৩ অভিযুক্তক গ্ৰেপ্তাৰ

সোনম ৰঘুবংশীৰ লগতে আন ৩ জন অভিযুক্তক মেঘালয় আৰক্ষীৰ সহযোগত উত্তৰ প্ৰদেশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

0


ইন্দোৰৰ ৰাজা ৰঘুবংশীৰ হত্যাৰ অভিযোগত পত্নী সোনম ৰঘুবংশীসহ ৩ অভিযুক্তক গ্ৰেপ্তাৰ
বিগত ২৩ মে’ত মেঘালয় ভ্ৰমণৰ বাবে আহি প্ৰাণ হেৰুওৱা মধ্যপ্ৰদেশৰ ইন্দোৰৰ ৰাজা ৰঘুবংশীৰ হত্যাৰ অভিযোগত তেওঁৰ পত্নী সোনম ৰঘুবংশীৰ লগতে আন ৩ জন অভিযুক্তক মেঘালয় আৰক্ষীৰ সহযোগত উত্তৰ প্ৰদেশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। উত্তৰ প্ৰদেশ আৰক্ষীৰ ওচৰত সোনম ৰঘুবংশীয়ে আত্মসমৰ্পণ কৰাৰ পাছত উপমুখ্যমন্ত্ৰী প্রেষ্টন টিনচঙে মেঘালয় আৰক্ষীৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত সংবাদমেলত সমগ্ৰ বিষয়টো প্রকাশ কৰিছে। উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে আৰক্ষীয়ে আন এজন অভিযুক্তৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে। আটাইকেইজন অভিযুক্তকে সোধা-পোছাৰ বাবে শ্বিলঙলৈ অনা হ’ব বুলি তেওঁ প্ৰকাশ কৰে।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version