Home স্বাস্থ্যঃ নিমিষতে মেজাজ ভাল কৰাৰ সহজ উপায়

নিমিষতে মেজাজ ভাল কৰাৰ সহজ উপায়

0

নিমিষতে মেজাজ ভাল কৰাৰ সহজ উপায়
৩ মিনিটৰ সাধাৰণ গভীৰ উশাহ-নিশাহ লওঁক
ব্যায়ামে স্নায়ুতন্ত্ৰক শান্ত কৰি স্পষ্টতা আনিব পাৰে

আমি সকলোৱে কেতিয়াবা এনে দিনৰ সন্মুখীন হওঁ যেতিয়া আমাৰ মনত প্ৰেৰণাৰ সলনি মানসিক চাপে অধিক ঠাই লয়। কিন্তু মানসিক স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, ভাল অনুভৱ কৰিবলৈ ডাঙৰ পৰিৱৰ্তনৰ প্ৰয়োজন নাই। সৰু সৰু, বিজ্ঞান সমৰ্থিত অভ্যাসে মাত্ৰ কেইমিনিটমানৰ ভিতৰতে আপোনাৰ মেজাজক উন্নীত কৰিব পাৰে।

৩ মিনিটৰ সাধাৰণ গভীৰ উশাহ-নিশাহৰ ব্যায়ামে স্নায়ুতন্ত্ৰক শান্ত কৰি স্পষ্টতা আনিব পাৰে। কেইমিনিটমানৰ বাবেও সূৰ্যৰ পোহৰলৈ অৰ্থাৎ বাহিৰলৈ ওলাই যোৱাটো আন এটা দ্ৰুত সমাধান। কাৰণ, প্ৰাকৃতিক পোহৰে চেৰ’টনিন বৃদ্ধি কৰি মনোযোগ আৰু আৱেগিক ভাৰসাম্য উন্নত কৰে।

আপোনাৰ প্ৰিয় গীত শুনিলে, পানী খালে, আনকি আপোনজনক মেছেজ কৰিলেও ড’পামিন আৰু অক্সিট’চিনৰ দৰে হৰম’নৰ উদ্ৰেক হ’ব পাৰে। এই কাৰ্য্যসমূহে মানসিক চাপৰ হ্ৰাস কৰি আপোনাৰ মেজাজক পুনৰ গঠন কৰাত সহায় কৰে।

আপোনাৰ কৰ্মক্ষেত্ৰখন পৰিপাটিকৈ শৃংখলিত কৰি ৰখাটোৱে মানসিক উৎকণ্ঠা হ্ৰাস কৰে, আনহাতে নিজকে নিজেই এটা ধনাত্মক বাক্য — যেনে “এইটো পাৰ হৈ যাব” কলে আপোনাৰ মেজাজটো নিমিষতে ভাল হৈ উঠিব পাৰে। এই ক্ষুদ্ৰ ক্ষুদ্ৰ কাৰ্যকলাপবোৰৰ বাবে বিশেষ সময় বা কষ্টৰ প্ৰয়োজন নহয় যদিও ইয়াৰ বাস্তৱিক প্ৰভাৱ যথেষ্ট আছে।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version