Home কেৰিয়াৰ দুগুণ সম্ভাৱনা, মানসিক চাপ কমঃ দশম শ্ৰেণীৰ বাবে চি বি এছ ইৰ...

দুগুণ সম্ভাৱনা, মানসিক চাপ কমঃ দশম শ্ৰেণীৰ বাবে চি বি এছ ইৰ ডাঙৰ পৰিৱৰ্তন

0

● দুগুণ সম্ভাৱনা, মানসিক চাপ কমঃ দশম শ্ৰেণীৰ বাবে চি বি এছ ইৰ ডাঙৰ পৰিৱৰ্তন
● ২০২৬ চনৰ পৰা দশম শ্ৰেণীৰ বাবে বছৰি দুটাকৈ বৰ্ড পৰীক্ষাৰ অনুমোদন চি বি এছ ইৰ
● চি বি এছ ইৰ নতুন পৰীক্ষাৰ ফৰ্মেট ব্যাখ্যা

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে(চি বি এছ ই) দশম শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষা ব্যৱস্থাত উল্লেখযোগ্য পৰিৱৰ্তনৰ অনুমোদন জনাইছে, ২০২৬ চনৰ পৰা প্ৰতি বছৰে দুটা পৰীক্ষাৰ অনুষ্ঠিত কৰিবলৈ বৰ্ডে অনুমতি প্ৰদান কৰিছে।

ছাত্ৰ-ছাত্ৰীসকলে ফেব্ৰুৱাৰী মাহত প্ৰথম পৰ্যায়ত উপস্থিত থাকিব লাগিব, আনহাতে মে’ মাহৰ দ্বিতীয় পৰ্যায়ত ঐচ্ছিকভাবে তিনিটা বিষয় ক্ৰমে— বিজ্ঞান, গণিত, সমাজ বিজ্ঞান, আৰু ভাষাৰ ক্ষেত্ৰত প্ৰদৰ্শন উন্নত কৰাৰ বাবে সুযোগ থাকিব।

প্ৰথম পৰ্যায়ৰ বাবে এপ্ৰিল মাহত আৰু দ্বিতীয় পৰ্যায়ৰ বাবে জুন মাহত ফলাফল ঘোষণা কৰা হ’ব যদিও আভ্যন্তৰীণ মূল্যায়ন এবাৰহে কৰা হ’ব। ইয়াৰ উপৰিও, শীতকালীন বিদ্যালয়সমূহে সুবিধাৰ ভিত্তিত যিকোনো এটা পৰ্যায় বাছি লোৱাৰ ক্ষেত্ৰত শিথিলতা থাকিব।

চি বি এছ ইৰ এনে পদক্ষেপে একেটা শিক্ষাবৰ্ষৰ ভিতৰতে একাধিক প্ৰচেষ্টা আগবঢ়াই পৰীক্ষাৰ চাপ হ্ৰাস কৰাৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ দৃষ্টিভংগী অনুসৰণ কৰিছে।
এই সংস্কাৰ চূড়ান্ত কৰাৰ পূৰ্বে চি বি এছ ইয়ে ইয়াৰ ওপৰত জনসাধাৰণৰ মতামতৰ বাবে খচৰা নীতি প্ৰকাশ কৰিছিল।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version