অসম প্রদেশ কংগ্ৰেছ কমিটীয়ে আজি ৰাজীৱ ভৱনত আছাম জাষ্টিছ শীৰ্ষক এটা প’ৰ্টেল মুকলি কৰে। বিধায়ক জাকিৰ হুছেইন সিকদাৰ, মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰকে ধৰি অন্যান্য নেতা-কৰ্মীৰ উপস্থিতিত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এই প’ৰ্টেলটো মুকলি কৰে। শ্ৰীশইকীয়াই অনুষ্ঠানৰ পাছত এখন সংবাদমেলত কয়, যে ৰাজ্যৰ পঞ্চায়তী ব্যৱস্থাৰ পৰা আৰম্ভ কৰি শিক্ষা, স্বাস্থ্য, পথ আদিৰ সমস্যা সন্দৰ্ভত জনসাধাৰণে এই প’ৰ্টেলৰ জৰিয়তে অভিযোগ দাখিল কৰিব পাৰিব। তেওঁ কয়, যে জনসাধাৰণে দাখিল কৰা সমস্যাসমূহ পঞ্জীয়ন কৰি এইক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে বিৰোধী দলপতিৰ কাৰ্যালয়ৰ পৰা চৰকাৰী বিভাগসমূহক অৱগত কৰোৱা হ’ব আৰু এই সমস্যাসমূহ সমাধানৰ বাবে চৰকাৰক হেঁচা প্ৰয়োগ কৰা হ’ব। এই পদক্ষেপৰ জৰিয়তে চৰকাৰী পুঁজিৰ উচিত ব্যৱহাৰ নিশ্চিত কৰি গণতন্ত্র শক্তিশালী কৰাৰ প্ৰয়াস কৰা হ’ব বুলি বিৰোধী দলপতিগৰাকীয়ে মন্তব্য কৰে।



