
– নগাঁও জিলাৰ আয়ুক্ত কাৰ্যালয়ত সভাকক্ষত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, পৰ্যটন আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস উপস্থিত হৈ জিলাখনৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু পৰ্যটন বিভাগৰ বিভাগীয় বিষয়াসকলৰ লগত এক পৰ্য্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত আদৰণি ভাষণ আগবঢ়াই জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই।

মন্ত্ৰী গৰাকীয়ে জিলাখনৰ প্ৰতিটো উন্নয়ন খণ্ডত চলি থকা প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ বাসগৃহ সমূহৰ বৰ্তমানৰ স্থিতিৰ বুজ লৈ তেখেতে স্থানীয় বিধায়ক সকলৰ লগতে পঞ্চায়ত সচিব আৰু পঞ্চায়ত সভাপতি সকলৰ লগত আলোচনা মাধ্যমেৰে ১০ অক্টোবৰৰ ভিতৰত নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ খণ্ড উন্নয়ন বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে।

বৈঠকত এম.জি. এনৰেগা আঁচনিৰ বুজ লৈ অংগণবাড়ী কেন্দ্ৰ সমূহ এম.জি.এনৰেগাৰ অধীনত উন্নয়ন কৰিবলৈ পৰামৰ্শ আগবঢ়াই।



