নিউজ ডেস্কঃ
কৰ্কট ৰোগৰ ভেকচিন উদ্ভাৱনৰ বাবে বিশ্বজুৰি চলি থকা পৰীক্ষা-নিৰীক্ষাৰ সময়তে ৰাছিয়াই পৰীক্ষামূলক কৰ্কট ৰোগৰ ভেকচিন এণ্টেৰ’মিক্সৰ প্ৰি-ক্লিনিকেল ট্ৰায়েল সফলতাৰে সম্পূৰ্ণ কৰিছে।উদ্ভাৱনৰ সৈতে জড়িত গৱেষক সকলে দাবী কৰিছে যে এই ভেকচিনে টিউমাৰৰ বৃদ্ধি হ্ৰাস কৰাত সহায় কৰিব। ৰাছিয়াৰ এই কৰ্কট ৰোগৰ ভেকচিন উদ্ভাৱনৰ যাৰ ফলত এতিয়া বিশ্বৰ লাখ লাখ কৰ্কটৰোগীৰ মাজত আশাৰ সঞ্চাৰ হৈছে। ভ্লাডিভষ্টকত অনুষ্ঠিত ইষ্টাৰ্ণ ইকনমিক ফ’ৰামৰ সময়ত কৰা এই ঘোষণাই বিশ্বব্যাপী কৰ্কট ৰোগৰ গৱেষণাৰ ক্ষেত্ৰত এক বৃহৎ পদক্ষেপৰ সংকেত দিছে।
ৰাছিয়াৰ ফেডাৰেল মেডিকেল-বায়’লজিকেল এজেন্সী মুৰব্বী ভেৰ’নিকা স্কভৰ্টছ’ভাই কয় যে বছৰ বছৰ ধৰি কৰা সূক্ষ্ম গৱেষণা আৰু তিনি বছৰীয়া বাধ্যতামূলক প্ৰি-ক্লিনিকেল পৰীক্ষাৰ ফলত অত্যন্ত আশাব্যঞ্জক ফলাফল পোৱা গৈছে। স্কভৰ্টছ’ভাৰ মতে, এই ভেকচিনে কৰ্কট ৰোগৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি টিউমাৰ ৬০ৰ পৰা ৮০ শতাংশ হ্ৰাস কৰাৰ লগতে জীয়াই থকাৰ হাৰো উন্নত কৰে। তেওঁ লগতে কয় যে ‘এই ভেকচিন এতিয়া ব্যৱহাৰৰ বাবে সাজু হৈছে আৰু অনুমোদনৰ বাবে অপেক্ষাত আছে।’

এণ্টেৰ’মিক্সৰ প্ৰাৰম্ভিক ব্যৱহাৰ হ’ব কৰ্কটৰ মাৰাত্মক ৰূপ কলৰেক্টাল কেন্সাৰৰ চিকিৎসাত। তদুপৰি ৰাছিয়াৰ বিজ্ঞানীসকলে অকুলাৰ মেলানোমাকে ধৰি গ্লিঅ’ব্লাষ্টোমা আৰু মেলানোমাৰ দৰে আক্ৰমণাত্মক কৰ্কট ৰোগৰ বাবে ভেকচিনৰ সংস্কৰণ প্ৰস্তুত অব্যাহত ৰাখিছে।
অৱশ্যে, স্বাস্থ্য বিশেষজ্ঞসকলে সতৰ্ক কৰি দিছে যে এই ভেকচিনৰ প্ৰাৰম্ভিক ফলাফল যদিও আশাব্যঞ্জক, তথাপি ব্যাপক ৰূপত ব্যৱহাৰৰ পূৰ্বে মানুহৰ ওপৰত আৰু অধিক ক্লিনিকেল ট্ৰায়েলৰ প্ৰয়োজন আছে।
যদিহে ৰাছিয়াৰ দ্বাৰা উদ্ভাৱিত এই ভেকচিন অনুমোদিত হয়, তেন্তে এণ্টেৰ’মিক্সে কৰ্কট ৰোগৰ চিকিৎসাত এক বৈপ্লৱিক পৰিৱৰ্তন আনিব যিয়ে বিশ্বৰ লাখ লাখ কৰ্কট ৰোগীক উপকৃত কৰিব।



