Home ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয়ঃ অহা ৬ মাহৰ ভিতৰত যোৰহাট-ডিব্ৰুগড় সংযোগী পথৰ মেৰামতিৰ কাম কৰা হ’বঃ কেন্দ্ৰীয়...

অহা ৬ মাহৰ ভিতৰত যোৰহাট-ডিব্ৰুগড় সংযোগী পথৰ মেৰামতিৰ কাম কৰা হ’বঃ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ ঘোষণা

0

অহা ৬ মাহৰ ভিতৰত যোৰহাট-ডিব্ৰুগড় সংযোগী পথৰ মেৰামতিৰ কাম কৰা হ’ব বুলি কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰকাশ কৰিছে। লোকসভাত শূন্যকালত সাংসদ গৌৰৱ গগৈয়ে সোধা এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে উল্লেখ কৰে। তেওঁ লগতে শিৱসাগৰৰ পৰা ডিব্ৰুগড়লৈ ৪টা লেনযুক্ত পথ সম্প্ৰসাৰণৰ কামো শীঘ্ৰে আৰম্ভ হ’ব বুলি উল্লেখ কৰে।

পথছোৱা সম্প্ৰসাৰণৰ ক্ষেত্ৰত অনিয়ম হোৱাৰ কথা স্বীকাৰ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট ঠিকাদাৰৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সদনক জানিবলৈ দিয়ে। ইয়াৰ পূৰ্বে গৌৰৱ গগৈয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ সামাজিক মাধ্যমযোগে প্ৰচাৰ কৰা এটা ভিডিঅ’ত ঘণ্টাত ১৩০ কিলোমিটাৰ বেগেৰে দেশৰ বাকী অংশত গাড়ী চলাব পৰাৰ প্ৰসংগ উল্লেখ কৰি কয়, যে অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে ই কেতিয়াও সম্ভৱ নহয়। তেওঁ লগতে কয়, যে ৰাজ্যখনৰ জনসাধাৰণে যথেষ্ট পৰিমাণ টোল কৰ দি অতি বিপদসংকুলভাৱে শোচনীয় পথেৰে যাতায়াত কৰিবলগীয়া হয়। ই কেতিয়াও গ্রহণযোগ্য হ’ব নোৱাৰে বুলি সাংসদগৰাকীয়ে মত প্ৰকাশ কৰে। তেওঁ বিশেষকৈ যোৰহাট-ডিব্ৰুগড় সংযোগী ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ অৱস্থা একেবাৰে শোচনীয় বুলি জানিবলৈ দিয়ে। বিগত বৰ্ষত জাঁজী অংশৰ পথছোৱাৰ কাম কিছু পৰিমাণে আগবাঢ়িল যদিও মৰাণ, ডিমৌ আদি অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা এতিয়াও তথৈবচ বুলি গগৈয়ে প্ৰকাশ কৰে। তেওঁ লগতে জনস্বার্থজড়িত এই বিষয়টোৰ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক তৎকালে হস্তক্ষেপ কৰি ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগমক জবাবদিহি কৰাৰ উপৰি কঠোৰ নিৰ্দেশ প্ৰদান কৰিবলৈ আহ্বান জনায়।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version