Home ৰাজ্যঃ ২২ ডিচেম্বৰত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ পৰৱৰ্তী শুনানি

২২ ডিচেম্বৰত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ পৰৱৰ্তী শুনানি

আদালতৰ নিৰ্দেশ অনুসৰি শুনানিৰ পূৰ্বে অপৰাধ অনুসন্ধানকাৰী এটা দলে ৭ জন অভিযুক্তক কাৰাগাৰাৰ কৰ্তৃপক্ষৰ জৰিয়তে অভিযোগনামাৰ প্ৰতিলিপি প্রদান কৰে।

0

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযোগনামা দাখিলৰ পাছত কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত আজি গোচৰটোৰ প্ৰথমটো শুনানি গ্রহণ কৰা হয়। শুনানিৰ সময়ত গোচৰটোৰ ৭ জন অভিযুক্তক কাৰাগাৰৰ পৰা ভিডিঅ‘ কনফাৰেন্সৰ জৰিয়তে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। অভিযুক্ত শ্যামকানু মহন্তসিদ্ধার্থ শর্মাসন্দীপন গার্গপৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক বাক্সাৰ নিকাচি কাৰাগাৰৰ পৰা আৰু অমৃতপ্রভা মহন্তশেখৰজ্যোতি গোস্বামীক হাফলং উপ কাৰাগাৰৰ পৰা শুনানিৰ সময়ত আদালতৰ সৈতে সংযুক্ত কৰা হয়। গোচৰটোৰ শুনানি গ্রহণ কৰি আদালতে অহা ২২ ডিচেম্বৰত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য্য কৰে। আদালতৰ নিৰ্দেশ অনুসৰি শুনানিৰ পূৰ্বে অপৰাধ অনুসন্ধানকাৰী এটা দলে ৭ জন অভিযুক্তক কাৰাগাৰাৰ কৰ্তৃপক্ষৰ জৰিয়তে অভিযোগনামাৰ প্ৰতিলিপি প্রদান কৰে।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version