● ৰে’ল যাতায়তত নৱজাগৰণ
● অসমবাসীলৈ ৰে’ল বিভাগৰ বিশেষ উপহাৰ
● ২২ জানুৱাৰীত শুভৰম্ভ বন্দে ভাৰত শ্লীপাৰৰ
● কামাখ্যা-হাওড়াৰ যাত্ৰাত সূচনা হ’ব নতুন দিগন্ত
● ১৪ ঘণ্টাতে গুৱাহাটীৰ পৰা হাওড়া পাবগৈ বন্দে ভাৰত
ভাৰতীয় ৰে’লৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰি অহা ২২ জানুৱাৰী, বৃহস্পতিবাৰৰ পৰা কামাখ্যা আৰু হাওড়াৰ মাজত দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’লে আনুষ্ঠানিকভাৱে বাণিজ্যিক যাত্ৰা আৰম্ভ কৰিব। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ তত্তাৱধানত চলিবলগীয়া এই অত্যাধুনিক ৰে’লখনে কেৱল অসম আৰু পশ্চিমবংগৰ মাজৰ ভৌগোলিক দূৰত্বই নহয়, বৰঞ্চ দুয়োটা অঞ্চলৰ বাণিজ্যিক সম্পৰ্ককো এক নতুন মাত্ৰা প্ৰদান কৰিব। চিকিৎসা, শিক্ষা আৰু ব্যৱসায়ৰ বাবে গুৱাহাটীৰ পৰা কলিকতালৈ নিতৌ যাতায়াত কৰা হাজাৰ হাজাৰ যাত্ৰীৰ বাবে এই ৰে’লখন এক আশীৰ্বাদস্বৰূপ হৈ পৰিব। ৰে’ল খনে যাত্ৰাৰ ক্লান্তি দূৰ কৰি এক আৰামদায়ক অভিজ্ঞতা প্ৰদান কৰিব।
ৰে’ল বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, ২৭৫৭৬ নম্বৰৰ কামাখ্যা-হাওড়া বন্দে ভাৰত শ্লীপাৰ এক্সপ্ৰেছখনে ২২ জানুৱাৰীৰ পৰা সপ্তাহৰ বুধবাৰৰ বাহিৰে বাকী ছয়োটা দিনেই কামাখ্যাৰ পৰা যাত্ৰা আৰম্ভ কৰিব। ঠিক বিপৰীত দিশৰ পৰা, ২৭৫৭৫ নম্বৰৰ হাওড়া-কামাখ্যা ৰে’লখনে ২৩ জানুৱাৰীৰ পৰা নিজৰ বাণিজ্যিক যাত্ৰা আৰম্ভ কৰিব আৰু বৃহস্পতিবাৰৰ বাহিৰে সপ্তাহৰ আন দিনবোৰত সেৱা আগবঢ়াব। যাত্ৰীসকলৰ সুবিধাৰ কথা চিন্তা কৰি ৰে’লখনৰ সময়সূচী অত্যন্ত বিজ্ঞানসন্মতভাৱে প্ৰস্তুত কৰা হৈছে; কামাখ্যাৰ পৰা সন্ধিয়া ০৬ বাজি ১৫ মিনিটত যাত্ৰা আৰম্ভ কৰি পিছদিনা পুৱা ০৮:১৫ মিনিটত হাওড়াত উপস্থিত হ’ব।
এই বিলাসবহুল ৰে’লখনত মুঠ ১৬ টা দবা থাকিব, য’ত ১১ টা থ্ৰী-টায়াৰ এচি, ৪ টা টু-টায়াৰ এচি আৰু এটা প্ৰথম শ্ৰেণীৰ এচি ডবা সংযোজন কৰা হৈছে। যাত্ৰাপথত এই দ্ৰুতবেগী ৰে’লখন ৰঙিয়া, নিউ বঙাইগাঁও, নিউ আলিপুৰদুৱাৰ, নিউ কোচবিহাৰ, জলপাইগুৰি ৰোড, নিউ জলপাইগুৰি, আলুৱাবাৰী ৰোড, মালদা টাউন, নিউ ফাৰাক্কা, আজিমগঞ্জ, কাটোৱা, নৱদ্বীপ ধাম আৰু বণ্ডেল ষ্টেচনত ৰব।
উত্তৰ-পূব ভাৰতৰ দুৱাৰমুখস্বৰূপ গুৱাহাটীৰ পৰা ভাৰতৰ অন্যতম প্ৰধান মহানগৰী কলিকতালৈ সংযোগ কৰা এই ৰে’লখনে অঞ্চলটোৰ পৰ্যটন আৰু অৰ্থনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে। ৰে’ল যাত্ৰাক কেৱল এক স্থানৰ পৰা আন এক স্থানলৈ যোৱাৰ মাধ্যম হিচাপে গণ্য নকৰি, এক উপভোগ্য অভিজ্ঞতা হিচাপে গঢ়ি তোলাই হৈছে এই বন্দে ভাৰত শ্লীপাৰৰ মূল লক্ষ্য। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ এই পদক্ষেপে ভাৰতীয় ৰে’লৰ আধুনিকীকৰণৰ দিশত এক বলিষ্ঠ খোজ বুলি বিবেচিত হৈছে, যিয়ে ভৱিষ্যতে ৰে’ল যাত্ৰাৰ সংজ্ঞা সলনি কৰি দিব।



