● খেলপথাৰত আৰু দেখা নাযাব চাইনাক
● ৩৫ বছৰ বয়সতে অৱসৰ ঘোষণা অলিম্পিক পদক বিজয়ী তাৰকা গৰাকীৰ
● আঁঠুৰ সমস্যাৰ বাবে অৱশেষত বেডমিণ্টনক বিদায় জনালে চাইনা নেহৱালে
দেশৰ বেডমিণ্টন জগতৰ অন্যতম উজ্জ্বল নক্ষত্ৰ চাইনা নেহৱালে আনুষ্ঠানিকভাৱে প্ৰতিদ্বন্দিতামূলক খেলৰ পৰা অৱসৰ ঘোষণা কৰিছে। ৩৫ বছৰীয়া অলিম্পিক পদক বিজয়ী খেলুৱৈগৰাকীয়ে সোমবাৰে এক পডকাষ্টযোগে এই কথা নিশ্চিত কৰে যে তেওঁৰ দীৰ্ঘদিনীয়া আঁঠুৰ সমস্যাই তেওঁক পেছাদাৰী ক্ৰীড়াৰ পৰা আঁতৰি আহিবলৈ বাধ্য কৰাইছে। ২০১২ চনৰ লণ্ডন অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰি ভাৰতীয় বেডমিণ্টনক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা চাইনাই ২০২৩ চনৰ ছিংগাপুৰ অপেনৰ পাছত ক’ৰ্টত নমা নাছিল যদিও, আনুষ্ঠানিকভাৱে তেওঁ এই কথা ৰাজহুৱা কৰা নাছিল। তাৰকাগৰাকীৰ এই সিদ্ধান্তই এটা সোণালী অধ্যায়ৰ অন্ত পেলালে।

নেহৱালে অত্যন্ত আৱেগিক হৈ প্ৰকাশ কৰে যে তেওঁৰ বাবে এই সিদ্ধান্ত লোৱাটো সহজ নাছিল, কিন্তু শাৰীৰিক সীমাবদ্ধতাই তেওঁক এই কঠোৰ সত্য মানি লবলৈ বাধ্য কৰালে। তেওঁ জানিবলৈ দিয়ে যে তেওঁৰ আঁঠুৰ কাৰ্টিলেজ বা কোমলাস্থি সম্পূৰ্ণৰূপে ক্ষয় গৈছে আৰু তেওঁ আৰ্থ্ৰাইটিছ বা বাতবিষত ভুগিছে। যিগৰাকী চাইনাই বিশ্বৰ শ্ৰেষ্ঠ হ’বলৈ এদিনত ৮-৯ ঘণ্টা পৰিশ্ৰম কৰিছিল, সেই একেগৰাকী চাইনাই এতিয়া এক-ডেৰ ঘণ্টাৰ অনুশীলনৰ পাছতেই আঁঠুৰ ফুলা আৰু অসহ্য যন্ত্ৰণাত ভুগিবলগীয়া হৈছে।
চাইনাৰ অৱসৰৰ সিদ্ধান্তটোত তেওঁৰ স্বভাৱসুলভ দৃঢ়তা আৰু সততা প্ৰতিফলিত হৈছে। তেওঁ উল্লেখ কৰে যে তেওঁ খেলপথাৰত নিজৰ ইচ্ছামতে প্ৰৱেশ কৰিছিল আৰু বিদায়ো নিজৰ ইচ্ছাতেই লৈছে। তেওঁৰ মতে, যেতিয়া শৰীৰে আৰু টানিব নোৱাৰে, তেতিয়া জোৰ কৰি থকাৰ কোনো অৰ্থ নাই।
উল্লেখ্য যে, ২০১৬ চনৰ ৰিঅ’ অলিম্পিকত পোৱা আঘাতৰ পাছৰে পৰা চাইনাই কেইবাবাৰো প্ৰত্যাৱৰ্তনৰ চেষ্টা চলাইছিল। ২০১৭ চনত বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ আৰু ২০১৮ চনত কমনৱেলথ গেমছত স্বৰ্ণ পদক জয় কৰি তেওঁ নিজৰ মানসিক শক্তিৰ পৰিচয় দিছিল। কিন্তু ২০২৪ চনত ধৰা পৰা আৰ্থ্ৰাইটিছ আৰু ক্ৰমান্বয়ে বেয়াৰ ফালে যোৱা আঁঠুৰ অৱস্থাই তেওঁক পুনৰ ক’ৰ্টলৈ উভতি অহাত বাধা দিলে। ভাৰতীয় ক্ৰীড়া জগতলৈ চাইনা নেহৱালৰ অৱদান অতুলনীয় হৈ ৰ’ব আৰু তেওঁৰ এই যাত্ৰা বহু নৱপ্ৰজন্মৰ খেলুৱৈৰ বাবে সদায় প্ৰেৰণাৰ উৎস হৈ থাকিব।



