➥জনস্বাস্থ্যলৈ অশনি সংকেত
➥গাখীৰৰ নামত বজাৰত বিক্ৰী হৈছে ‘শ্ল-পয়জন’
➥উন্মোচিত ‘চিন্থেটিক’ গাখীৰৰ ভয়াৱহ নেটৱৰ্ক
➥জব্দ হাজাৰ হাজাৰ লিটাৰ গাখীৰ
ভাৰতৰ খাদ্য সুৰক্ষাৰ ক্ষেত্ৰখনত পুনৰ এবাৰ প্ৰচণ্ড জোকাৰণি তুলি গুজৰাট আৰু ওড়িশাত শেহতীয়াকৈ পোহৰলৈ আহিছে ‘চিন্থেটিক’ বা কৃত্ৰিম গাখীৰৰ এক বিশাল আৰু ভয়াৱহ নেটৱৰ্ক। গুজৰাটৰ সবৰকণ্ঠ জিলাত খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণ (FSSAI) আৰু আৰক্ষীৰ যুটীয়া অভিযানত এনেধৰণৰ কাৰখানা এটা উৎখাত কৰা হয়, য’ত যোৱা পাঁচ বছৰ ধৰি অত্যন্ত গোপনে বিহৰ সদৃশ নকল গাখীৰ প্ৰস্তুত কৰি অহা হৈছিল। আচৰিত কথাটো হ’ল, এই অসাধু চক্ৰটোৱে দৈনিক মাত্ৰ ৩০০ লিটাৰ আচল গাখীৰ ব্যৱহাৰ কৰি ইউৰিয়া, ডিটাৰজেণ্ট আৰু পাম অইলৰ দৰে মাৰাত্মক ৰাসায়নিক দ্ৰব্য মিহলাই ১৮০০ লিটাৰলৈকে ‘গাখীৰ’ প্ৰস্তুত কৰি বজাৰত এৰি দিছিল। একে সময়তে ওড়িশাৰ জগতসিংহপুৰ আৰু কটকত জব্দ কৰা ২৮,০০০ লিটাৰ ভেজাল গাখীৰৰ ঘটনাই প্ৰমাণ কৰে যে এই সমস্যা কেৱল এটা অঞ্চলতে আৱদ্ধ নহয়, বৰং ই এক সংগঠিত অপৰাধলৈ ৰূপান্তৰিত হৈছে।
গুজৰাটৰ এই ঘটনাৰ সমান্তৰালভাৱে ওড়িশাত উন্মোচিত হোৱা চক্ৰটো অধিক উদ্বেগজনক, কাৰণ ইয়াত চৰকাৰী সমবায় দুগ্ধ উৎপাদনকাৰী সংস্থা ‘অ’মফেড’ (OMFED)-ৰ যোগান ব্যৱস্থাত এই ভেজাল গাখীৰ সুমুৱাই দিয়াৰ চেষ্টা চলোৱা হৈছিল বুলি সন্দেহ কৰা হৈছে। এই ‘চিন্থেটিক’ গাখীৰ দেখিবলৈ আচল গাখীৰৰ দৰে হ’লেও ই আচলতে কেৱল ৰাসায়নিক দ্ৰব্যৰ মিশ্ৰণহে। গাখীৰৰ ঘনত্ব বা SNF (Solids-Not-Fat) বঢ়াবলৈ ইউৰিয়া আৰু ফেনৰ বাবে কাপোৰ ধোৱা ছ’ডা ব্যৱহাৰ কৰাৰ যি পদ্ধতি এই চক্ৰসমূহে অৱলম্বন কৰিছে, সেয়া বিজ্ঞানসন্মতভাৱে প্ৰমাণিত এক মৰণফান্দ। এইধৰণৰ গাখীৰ প্ৰস্তুত কৰাৰ কৌশলসমূহে প্ৰমাণ কৰে যে মুনাফাৰ লোভত ব্যৱসায়ীসকলে জনসাধাৰণৰ জীৱনক লৈ কিদৰে হেতালি খেলিছে।
চিকিৎসা বিজ্ঞানৰ দৃষ্টিত এই কৃত্ৰিম গাখীৰ একপ্ৰকাৰৰ ‘শ্ল’-পয়জন’ । বিশেষজ্ঞসকলৰ মতে, দীৰ্ঘদিন ধৰি ইউৰিয়া আৰু ক’ষ্টিক ছ’ডা মিশ্ৰিত গাখীৰ সেৱন কৰিলে মানুহৰ লিভাৰ আৰু কিডনী বিকল হোৱাৰ প্ৰবল সম্ভাৱনা থাকে। বিশেষকৈ শিশুসকলৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ অতি মাৰাত্মক, যিয়ে তেওঁলোকৰ দৈহিক আৰু মানসিক বিকাশত চিৰস্থায়ী ক্ষতিসাধন কৰিব পাৰে। বিশ্ব স্বাস্থ্য সংস্থা (WHO)-য়েও পূৰ্বতে সতৰ্ক কৰি দিছিল যে ভাৰতত গাখীৰত ভেজালকৰণৰ মাত্ৰা ৰোধ কৰিব নোৱাৰিলে ভৱিষ্যতে এক বৃহৎ সংখ্যক লোক কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ আশংকা আছে।
এই পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ চৰকাৰী তৎপৰতাৰ লগতে গ্ৰাহকৰ সজাগতাও অপৰিহাৰ্য হৈ পৰিছে। FSSAI-এ গ্ৰাহকক ঘৰুৱাভাৱে গাখীৰৰ বিশুদ্ধতা পৰীক্ষা কৰিবলৈ কিছুমান সৰল বৈজ্ঞানিক পদ্ধতি আগবঢ়াইছে। হেলনীয়া পৃষ্ঠত গাখীৰৰ টোপাল পেলাই বা লিটমাছ পেপাৰ ব্যৱহাৰ কৰি গ্ৰাহকে ঘৰতে এই বিষাক্ত দ্ৰব্যৰ উপস্থিতি ধৰা পেলাব পাৰে। কিন্তু কেৱল ঘৰুৱা পৰীক্ষাই এই সমস্যাৰ সমাধান নহয়; বৰং প্ৰশাসনৰ কঠোৰ নিৰীক্ষণ আৰু দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ জৰিয়তেহে এই ‘বৰবিহ’ নিৰ্মূল কৰা সম্ভৱ হ’ব।
নিউজ ডেস্ক ৰিপৰ্ট,নতুন সময়


