Home ৰাজ্যঃ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উজলিল আজমল আই এ এছ একাডেমী

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উজলিল আজমল আই এ এছ একাডেমী

আজমল আই এ এছ একাডেমীৰ এই সফলতাত আজি বৃহৎ কেক কাটি বিজয় উৎসৱ পালন কৰে আজমল আই এ এছ পৰিয়ালৰ লগতে শিক্ষক ও শিক্ষাৰ্থীয়ে৷ মৌলানা বদৰুদ্দিন আজমলে সফলতা লাভ কৰা শিক্ষাৰ্থীসকলৰ উত্তৰোত্তৰ কামনা কৰি সকলোকে মানৱ সেৱাৰ বাবেহে কৰ্ম কৰি যাবলৈ আশীৰ্বাদ দিয়ে৷

0

➱অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উজলিল আজমল আই এ এছ একাডেমী
➱৩২ গৰাকী উত্তীৰ্ণৰ মাজত ২ গৰাকীয়ে এচিএছত, ৬ গৰাকীয়ে এ পি এচত স্থান লাভ
➱বৃহৎ কেক কাটি বিজয় উৎসৱ পালন
➱প্ৰতিগৰাকী শিক্ষাৰ্থীলৈ অভিনন্দন জ্ঞাপন আজমল ফাউণ্ডেচনৰ
➱শিক্ষাৰ্থীসকলৰ উত্তৰোত্তৰ কামনা মৌলানা বদৰুদ্দিন আজমলৰ
মৌলানা বদৰুদ্দিন আজমল আৰু ছিৰাজুদ্দিন আজমলৰ লগতে আজমল পৰিয়ালৰ সমূহ সদস্যৰ শিক্ষাৰ্থীলৈ অভিনন্দন

হোজাই ১৮ ফেব্ৰুৱাৰী: অসম লোকসেৱা আয়োগৰ দ্বাৰা পৰিচালিত যুটীয়া পৰীক্ষাত পুনৰ উজলি উঠিল আজমল আই এ এছ একাডেমী। আজমল আই এ এছ একাডেমীৰ পৰা ৩২ গৰাকী পৰিক্ষাৰ্থীয়ে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা অৰ্জন কৰে। এ পি এছ চিত স্থান লাভ কৰা কৃতিমান সকল ক্ৰমে বিশাল দাস, সৃষ্টি চলিহা, নিশ্বান্ত দাস, অনুভৱ গগৈ, গুনিন পেগু, বিশ্বাল দাস, অনুভৱ থাউচেন,ৰুহিত মৰাণ, অভয় শৰ্মা, অন্তৰিকা শৰ্মা, ৰিতুৰাজ হাজৰিকা, অনামিকা গোস্বামী, হিফজুৰ ৰহমান, কংগানা দত্ত, শপ্তাদ্বীপ বৰুৱা, ভাস্কৰ জ্যোতি বৰুৱা, উপচানা বৰুৱা, কিন্নাৰি ডেকা, গৌতম শইকীয়া, আংগশ্বুৰাজ দাস, ভিক্টৰ তালুকদাৰ, ৰাহুল ছিদ্দিকি, জিতাস্বা দাস, ভাৰত সোনোৱাল, নিতিংগা বুঢ়াগোহাঁই, অভিজ্ঞিয়ান গগৈ, কৌশিক মাধৱ দাস, দূৰজ্যোতি বৰ্মন, নয়নজ্যোতি থাউচেন, আম্বাৰিছ সেন, নিতুমণি নাথ আৰু গুডেন সিং। ইয়াৰে দুগৰাকী গৰাকীয়ে এচিএছ, ছয় গৰাকী এপিএছ, তিনি গৰাকী শিল্প অধীক্ষক, আঠ গৰাকী বিত্তীয় সেৱাত, তিনিগৰাকী কৰ পৰিদৰ্শক, শ্ৰম পৰিদৰ্শকত দুগৰাকী, সহকাৰী নিয়োগ পৰিদৰ্শকত এজন, আবকাৰী পৰিদৰ্শকত তিনিগৰাকী, Assam Audit Serviceত চাৰিগৰাকীয়ে সফলতা লাভ কৰাত উৎফুল্লিত হৈ পৰিছে আজমল পৰিয়াল৷ সফলতা অৰ্জন কৰা প্ৰতিগৰাকী শিক্ষাৰ্থীলৈ অভিনন্দন জ্ঞাপন কৰে আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষীদ্বয় ক্ৰমে মৌলানা বদৰুদ্দিন আজমল, ছিৰাজুদ্দিন আজমলৰ উপৰিও আজমল পৰিয়ালৰ সমূহ সদস্যই। আজমল আই এ এছ একাডেমীৰ এই সফলতাত আজি বৃহৎ কেক কাটি বিজয় উৎসৱ পালন কৰে আজমল আই এ এছ পৰিয়ালৰ লগতে শিক্ষক ও শিক্ষাৰ্থীয়ে৷ মৌলানা বদৰুদ্দিন আজমলে সফলতা লাভ কৰা শিক্ষাৰ্থীসকলৰ উত্তৰোত্তৰ কামনা কৰি সকলোকে মানৱ সেৱাৰ বাবেহে কৰ্ম কৰি যাবলৈ আশীৰ্বাদ দিয়ে৷

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version