Home ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয়ঃ মধ্যপ্ৰাচ্যত সৰ্বাত্মক যুদ্ধৰ দামামা

মধ্যপ্ৰাচ্যত সৰ্বাত্মক যুদ্ধৰ দামামা

বৰ্তমান এই সামৰিক যুদ্ধৰ প্ৰভাৱ বিশ্বৰ শক্তি বজাৰৰ ওপৰত অতি মাৰাত্মকভাৱে পৰিছে, কিয়নো ইৰাণৰ ইছলামিক ৰিভলিউচনেৰী গাৰ্ড কৰ্পছে বিশ্বৰ অন্যতম প্ৰধান তেল সৰবৰাহ পথ 'হৰমুজ প্ৰণালী'ৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ সাব্যস্ত কৰা বুলি দাবী কৰিছে।

0

● মধ্যপ্ৰাচ্যত সৰ্বাত্মক যুদ্ধৰ দামামা
● আমেৰিকা-ইজৰাইলৰ আক্ৰমণত ধ্বংসস্তূপত পৰিণত ইৰাণৰ ১৩০খন চহৰ
● ইৰাণৰ হাতত হৰমুজ প্ৰণালীৰ নিয়ন্ত্ৰণ
● তেহৰাণত আৱদ্ধ ভাৰতীয় শিক্ষাৰ্থীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ নতুন দিল্লীৰ ক্ষীপ্ৰ পদক্ষেপ

ধ্যপ্ৰাচ্যত ইৰাণ আৰু আমেৰিকা-ইজৰাইলৰ যুটীয়া বাহিনীৰ মাজত চলি থকা সংঘাত এতিয়া এক ভয়াৱহ আৰু সৰ্বাত্মক আঞ্চলিক যুদ্ধলৈ পৰ্যবসিত হৈছে। ‘অপাৰেচন এপিক ফিউৰী’ৰ জৰিয়তে আমেৰিকান সেনাই ইতিমধ্যে ইৰাণৰ প্ৰায় ২,০০০ সামৰিক লক্ষ্যস্থান ধ্বংস কৰাৰ লগতে ১৭ খন নৌসেনাৰ জাহাজ আৰু এখন ছাবমেৰিন সম্পূৰ্ণৰূপে ধ্বংস কৰিছে বুলি ‘চেণ্ট্ৰম’ৰ মুৰব্বী এডমিৰেল ব্ৰেড কুপাৰে শেহতীয়াকৈ সদৰী কৰিছে । যুদ্ধৰ ভয়াৱহতা ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ লগে লগে লেবানন, ইৰাক আৰু জৰ্ডানৰ দৰে ৰাষ্ট্ৰসমূহৰ পৰা আমেৰিকাই নিজৰ কৰ্মচাৰীসকলক তৎকালীনভাৱে নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰাৰ সমান্তৰালকৈ ভাৰত চৰকাৰেও তেহৰাণত আৱদ্ধ হৈ থকা শ শ ভাৰতীয় শিক্ষাৰ্থীক জৰুৰীভাৱে উদ্ধাৰ কৰাৰ প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰি তুলিছে।

ইৰাণৰ ৰাজনৈতিক আৰু সামৰিক শীৰ্ষ নেতৃত্বৰ পতনৰ পিছত দেশখনত সৃষ্টি হোৱা অস্থিৰতাৰ মাজতে পৰৱৰ্তী সৰ্বোচ্চ নেতা হিচাপে আয়াতুল্লাহ আলী খামেনেইৰ পুত্ৰ মোজতবা খামেনেইক নিৰ্বাচিত কৰাৰ প্ৰস্তুতি চলিছে আৰু পূৰ্বৰ নেতাজনক তেওঁৰ জন্মস্থান মাশ্বাদত সমাধিস্থ কৰাৰ সিদ্ধান্ত লোৱা হৈছে ।আমেৰিকা আৰু ইজৰাইলে ইছফাহানৰ ‘নাটাঞ্জ পাৰমাণৱিক কেন্দ্ৰ’ত চলোৱা নিৰ্ণায়ক আক্ৰমণৰ পিছতেই ইৰাণ সমৰ্থিত হিজবুল্লাহে লেবানন সীমান্তৰ পৰা ইজৰাইললৈ ধাৰাবাহিক ৰকেট আক্ৰমণ চলাইছে, যাৰ প্ৰতিশোধ স্বৰূপে দক্ষিণ বেইৰুটত ইজৰাইলী সেনাৰ প্ৰচণ্ড বোমা বৰ্ষণত অতিকমেও ৫২ জন সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে। আনহাতে, ইৰাণৰ ১৩০ খনতকৈয়ো অধিক চহৰ বৰ্তমান ধ্বংসস্তূপত পৰিণত হৈছে আৰু ৭৮৭ জনৰো অধিক লোকৰ প্ৰাণহানি ঘটিছে।

বৰ্তমান এই সামৰিক যুদ্ধৰ প্ৰভাৱ বিশ্বৰ শক্তি বজাৰৰ ওপৰত অতি মাৰাত্মকভাৱে পৰিছে, কিয়নো ইৰাণৰ ইছলামিক ৰিভলিউচনেৰী গাৰ্ড কৰ্পছে বিশ্বৰ অন্যতম প্ৰধান তেল সৰবৰাহ পথ ‘হৰমুজ প্ৰণালী’ৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ সাব্যস্ত কৰা বুলি দাবী কৰিছে। পৰিস্থিতি অধিক জটিল কৰি ইৰাণে ছৌদি আৰৱৰ ৰাছ তানুৰা আৰু সংযুক্ত আৰৱ আমিৰশ্বাহীৰ ফুজাইৰাহ তেল টাৰ্মিনেলত ড্ৰোণ আক্ৰমণ চলোৱাৰ লগতে পাৰস্য উপসাগৰত থকা আমেৰিকান সামৰিক ঘাটিসমূহত ক্লাষ্টাৰ বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে। কুৱেইটৰ কেম্প আৰিফজানত হোৱা আক্ৰমণত ৬ জন আমেৰিকান জোৱান নিহত হোৱাৰ লগতে ভুলবশতঃ কুৱেইটৰ সেনাৰ হাতত আমেৰিকাৰ তিনিখন এফ-১৫ ই যুঁজাৰু বিমান ভূ-পতিত হোৱা ঘটনাই মিত্ৰবাহিনীৰ মাজতো সামৰিক বিশৃংখলতা প্ৰতিপন্ন কৰিছে।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই ভয়াবহ যুদ্ধৰ পৰিণতিক লৈ তীব্ৰ উদ্বেগ আৰু স্পষ্ট কূটনৈতিক বিভাজন পোহৰলৈ আহিছে। ৰাছিয়া আৰু চীনে আমেৰিকা-ইজৰাইলৰ এই সামৰিক অভিযানক কঠোৰ ভাষাৰে গৰিহণা দি ইৰাণৰ সাৰ্বভৌমত্ব ৰক্ষাৰ সপক্ষে মাত মাতিছে। আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ আভ্যন্তৰীণ ৰাজনীতিতো এই যুদ্ধই বিশেষ জনসমৰ্থন লাভ কৰা নাই; সমীক্ষা অনুসৰি মাত্ৰ ৩৯ শতাংশ আমেৰিকান নাগৰিকেহে এই সামৰিক হস্তক্ষেপৰ সপক্ষে মত দিছে। নিৰৱচ্ছিন্ন শক্তি যোগানৰ প্ৰতি ভাবুকি, শৰণাৰ্থী সমস্যা আৰু ইৰাণৰ বিস্তৃত প্ৰক্সি নেটৱৰ্কৰ সক্ৰিয়তাই এই সংঘাতক দ্ৰুত সামৰণিৰ পৰিৱৰ্তে এক দীৰ্ঘম্যাদী গোলকীয় অৰ্থনৈতিক আৰু মানৱীয় সংকটৰ দিশে ঠেলি দিছে বুলি আন্তৰ্জাতিক বিশ্লেষকসকলে সতৰ্কবাণী শুনাইছে।

নিউজ ডেস্ক ৰিপৰ্ট, নতুন সময়

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version