Home গুৱাহাটীঃ দুৰ্নীতিৰ গোচৰঃ ৰাকেশ পালসহ ৩২ জনৰ বিৰুদ্ধে শাস্তিৰ ৰায় ন্যায়ালয়ৰ

দুৰ্নীতিৰ গোচৰঃ ৰাকেশ পালসহ ৩২ জনৰ বিৰুদ্ধে শাস্তিৰ ৰায় ন্যায়ালয়ৰ

0

অসম লোকসেৱা আয়োগৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰিৰ গোচৰত আজি বিশেষ ন্যায়াধীশৰ আদালতে অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ কুমাৰ পালসহ ৩২ জনৰ বিৰুদ্ধে শাস্তিৰ ৰায় ঘোষণা কৰে।

সেই অনুসৰি আদালতে ৰাকেশ কুমাৰ পালক দুর্নীতি প্ৰতিৰোধ আইন আৰু ভাৰতীয় দণ্ডবিধিৰ ৪ টাকৈ গুৰুত্বপূৰ্ণ ধাৰাত দোষী সাব্যস্ত কৰি ১৪ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ২ লাখ টকাৰ জৰিমনা বিহিছে। একেদৰে আয়োগৰ প্ৰাক্তন সদস্য চামেদুৰ ৰহমান আৰু বসন্ত কুমাৰ দলেক ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ২ লাখ টকাকৈ জৰিমনা বিহিছে। আনহাতে বক্রপথেৰে চাকৰি লোৱাৰ অভিযোগত দোষী সাব্যস্ত হোৱা ২৯ জন কৃষি উন্নয়ন বিষয়াক ৪ বছৰকৈ কাৰাদণ্ড আৰু ১০ হাজাৰ টকাকৈ জৰিমনা বিহিছে। উল্লেখযোগ্য যে কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰিৰ গোচৰত বিশেষ ন্যায়াধীশৰ আদালতে যোৱা ২২ জুলাইত ৰাকেশ কুমাৰ পালসহ ৩২ জনক দোষী সাব্যস্ত কৰিছিল।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version