● আই পি এলত ক’ৰ্পৰেটৰ বৃহৎ চমক
● বিক্ৰী হ’ল আৰ চি বি আৰু ৰাজস্থান ৰয়েলছ
● বিৰলাৰ দখলত আৰ চি বি
● আমেৰিকান উদ্যোগীৰ হাতত ৰাজস্থান ৰয়েলছ
ভাৰতীয় ক্ৰিকেটৰ ইতিহাসত এক অভূতপূৰ্ব আৰু অভিলেখ সৃষ্টিকাৰী বিত্তীয় লেনদেনৰ সাক্ষী হৈছে ক্ৰীড়া বিশ্ব। মাত্ৰ কেইটামান ঘণ্টাৰ ব্যৱধানত ইণ্ডিয়ান প্ৰীমিয়াৰ লীগৰ দুটাকৈ আগশাৰীৰ ফ্ৰেঞ্চাইজি— ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু ৰাজস্থান ৰয়েলছ ক্ৰমে প্ৰায় ১৬,৮০০ কোটি টকা আৰু ১৫,৩০০ কোটি টকাত বিক্ৰী হৈছে। বিশাল ধনৰ বিনিময়ত কৰা এই হস্তান্তৰ প্ৰক্ৰিয়াই আন্তৰাষ্ট্ৰীয় ক্ৰীড়াৰ বজাৰত আই পি এলৰ আকাশলংঘী মূল্য আৰু আধিপত্যক পুনৰবাৰ প্ৰতিষ্ঠা কৰিছে। প্ৰখ্যাত ক্ৰিকেট বিশ্লেষক হৰ্ষ ভোগলেই এই সন্দৰ্ভত মন্তব্য কৰিছে যে মাত্ৰ কেইটামান ঘণ্টাৰ ভিতৰতে প্ৰায় ৩২,০০০ কোটি টকাৰ এই বিশাল চুক্তিয়ে বিশ্ব ক্ৰীড়াত ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ অপৰিসীম গুৰুত্বক প্ৰতিপন্ন কৰিছে।
২০২৫ৰ আই পি এল আৰু ২০২৪ ডব্লিউ পি এল চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক ক্ৰয় কৰিছে আদিত্য বিৰলা গ্ৰুপৰ নেতৃত্বাধীন এটা কনছৰ্টিয়ামে। এই শক্তিশালী গোটটোত আদিত্য বিৰলা গ্ৰুপৰ লগতে দ্য টাইমছ অৱ ইণ্ডিয়া গ্ৰুপ, আমেৰিকান ক্ৰীড়া বিনিয়োগকাৰী ডেভিদ ব্লিটজাৰৰ ‘ব’ল্ট ভেঞ্চাৰ্ছ’ আৰু বিশ্বৰ অন্যতম বৃহৎ প্ৰাইভেট ইকুইটি ফাৰ্ম ‘ব্লেকষ্টোন’ অন্তৰ্ভুক্ত আছে। ব্ৰিটিছ বহুজাতিক কোম্পানী ডিয়াগোৰ অধীনস্থ ‘ইউনাইটেড স্পিৰিটছ লিমিটেড’ৰ পৰা আৰ চি বিক ক্ৰয় কৰা এই চুক্তিয়ে ফ্ৰেঞ্চাইজিটোৰ পৰিচালনাত এক বৃহৎ পৰিৱৰ্তন আনিব, য’ত আদিত্য বিৰলা গ্ৰুপৰ সঞ্চালক আৰ্যমান বিক্ৰম বিৰলাই অধ্যক্ষ হিচাপে আৰু টাইমছ গ্ৰুপৰ সত্যন গাজৱানিয়ে উপ-অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিব।
আনহাতে, ২০০৮ চনৰ প্ৰথমটো আই পি এলৰ খিতাপ দখল কৰা ৰাজস্থান ৰয়েলছৰ মালিকীস্বত্ব লাভ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰযুক্তি উদ্যোগী কাল সোমানিৰ নেতৃত্বাধীন এটা কনছৰ্টিয়ামে। এই চুক্তিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল ইয়াত আমেৰিকাৰ ৱালমাৰ্ট পৰিয়ালৰ ৰব ৱালটন আৰু এন এফ এলৰ ‘ডিট্ৰয়েট লায়ন্স’ৰ মালিকীস্বত্ব থকা হাম্প পৰিয়ালৰ দৰে বৃহৎ কৰ্পোৰেট গোষ্ঠীৰ প্ৰত্যক্ষ বিনিয়োগ। তথ্য প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা আৰু ক্ৰীড়া প্ৰযুক্তিত সুদীৰ্ঘ অভিজ্ঞতা থকা সোমানি ২০২১ চনৰ পৰাই ৰাজস্থান ৰয়েলছৰ সৈতে অংশীদাৰ হিচাপে জড়িত আছিল ।
দেখা যায় যে এই দুয়োটা চুক্তিয়ে ক্ৰিকেটক ইংলিছ প্ৰীমিয়াৰ লীগ বা আমেৰিকাৰ এন এফ এলৰ দৰে বিশ্বৰ আটাইতকৈ ধনী ক্ৰীড়া প্ৰতিযোগিতাৰ সমকক্ষ কৰি তুলিছে। বৰ্তমানৰ মালিকপক্ষই নিজৰ মূল ব্যৱসায়িক লক্ষ্যত মনোনিৱেশ কৰাৰ স্বাৰ্থতে ফ্ৰেঞ্চাইজি দুটা বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছে বুলি জানিবলৈ দিছে। অৱশ্যে, এই ঐতিহাসিক মালিকীস্বত্বৰ হস্তান্তৰ আনুষ্ঠানিকভাৱে কাৰ্যকৰী হোৱাৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড , আই পি এল গৱৰ্ণিং কাউন্সিলৰ পৰা যাৱতীয় আইনী আৰু নীতিগত অনুমোদন লাভ কৰাটো বাধ্যতামূলক।
নিউজ ডেস্ক ৰিপৰ্ট,নতুন সময়


