Home স্বাস্থ্যঃ কম বয়সতে কৰ্কট ৰোগৰ বলি হৈছে নগৰীয়া মহিলা

কম বয়সতে কৰ্কট ৰোগৰ বলি হৈছে নগৰীয়া মহিলা

ৰোগৰ প্ৰতিৰোধ আৰু আগতীয়া চিনাক্তকৰণৰ ক্ষেত্ৰত থকা সাধাৰণ অনীহা এই সংকটৰ অন্যতম ভয়ংকৰ দিশ হিচাপে বিবেচিত হৈছে। কৰ্কট ৰোগৰ কোনো বাহ্যিক লক্ষণ নেদেখিলে সাধাৰণতে বেছিভাগ মহিলাই 'পেপ স্মিয়াৰ', 'মেম'গ্ৰাম' বা 'ক'ল'নস্কপি'ৰ দৰে অতি প্ৰয়োজনীয় স্বাস্থ্য পৰীক্ষাসমূহ আওকাণ কৰে।

0

● আধুনিক জীৱনৰ ভয়ংকৰ পৰিণতি
● কম বয়সতে কৰ্কট ৰোগৰ বলি হৈছে নগৰীয়া মহিলা
● নগৰীয়া মহিলাৰ মাজত দ্ৰুতগতিত বৃদ্ধি পাইছে ‘জীৱনশৈলীজনিত কৰ্কট ৰোগ’

শেহতীয়া ডেৰ দশকত নগৰীয়া মহিলাসকলৰ মাজত কৰ্কট ৰোগ এক গভীৰ উদ্বেগৰ কাৰণ হৈ পৰিছে। কলকাতাৰ এপ’ল’ কেন্সাৰ চেন্টাৰৰ জ্যেষ্ঠ চিকিৎসক তথা কৰ্কট ৰোগ বিশেষজ্ঞ ডাঃ সন্দীপ গাংগুলীৰ মতে, পূৰ্বতে কম বিপদজনক বুলি ভবা বয়সতো এতিয়া মহিলাসকল স্তন, মলাশয় বা জৰায়ুৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱা দেখা গৈছে। ৪৭ বছৰত স্তন কৰ্কট বা ৫২ বছৰত জৰায়ুৰ কৰ্কট ৰোগ এতিয়া আৰু বিৰল ঘটনা হৈ থকা নাই আৰু ইয়াৰ মূল কাৰণ হৈছে ‘জীৱনশৈলী’ৰ দ্ৰুত পৰিৱৰ্তন। বিশ্ব স্বাস্থ্য সংস্থাৰ অধীনস্থ ‘গ্ল’ব’কান’ (GLOBOCAN 2022) ৰ শেহতীয়া তথ্য অনুসৰিও ভাৰতত মহিলাৰ কৰ্কট ৰোগৰ ভিতৰত স্তন কৰ্কটৰ হাৰ সৰ্বাধিক , য’ত এটা বৰ্ষতে ১ লাখ ৯২ হাজাৰৰো অধিক নতুন ৰোগী চিনাক্ত হোৱাৰ লগতে ৯৮ হাজাৰৰো অধিক মৃত্যু পঞ্জীয়ন কৰা হৈছে। নগৰীয়া দ্ৰুতগামী জীৱনৰ নেতিবাচক প্ৰভাৱে এই ৰোগৰ ব্যাপক প্ৰসাৰত এক ভয়াৱহ মাত্ৰা প্ৰদান কৰিছে, যিটো সমগ্ৰ দেশৰ স্বাস্থ্য খণ্ডৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান।

এই ‘জীৱনশৈলীজনিত কৰ্কট ৰোগ’ৰ আঁৰৰ প্ৰধান কাৰণ হিচাপে অস্বাস্থ্যকৰ খাদ্যাভ্যাস আৰু দীৰ্ঘদিনীয়া মানসিক চাপক চিহ্নিত কৰা হৈছে। কৰ্মব্যস্ততাৰ গইনা লৈ আধুনিক নগৰীয়া মহিলাসকলে পুষ্টিকৰ আহাৰৰ পৰিৱৰ্তে অত্যাধিক প্ৰক্ৰিয়াকৃত আৰু ট্ৰেন্স-ফেট যুক্ত খাদ্যৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ ফলত শৰীৰত ক্ৰনিক ইনফ্লেমেচনৰ সৃষ্টি হৈছে। ডাঃ গাংগুলীৰ বিশ্লেষণ অনুসৰি, মেদবহুলতা, মদ্যপান আৰু ধঁপাতৰ ব্যৱহাৰ বৃদ্ধিয়ে স্তন আৰু মলাশয়ৰ কৰ্কট ৰোগৰ আশংকা বহুগুণে বৃদ্ধি কৰিছে। ইয়াৰ সমান্তৰালকৈ, কৰ্মক্ষেত্ৰ আৰু ঘৰুৱা দায়িত্বৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ গৈ সৃষ্টি হোৱা তীব্ৰ মানসিক চাপে শৰীৰত কৰ্টিছল আৰু ইষ্ট্ৰজেন হৰমনৰ মাত্ৰা অস্বাভাৱিকভাৱে বৃদ্ধি কৰে। এই প্ৰক্ৰিয়াই মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰি পেলোৱাৰ লগতে শৰীৰত টিউমাৰ গঠনৰ এক অনুকূল পৰিৱেশ গঢ়ি তোলে।

ৰোগৰ প্ৰতিৰোধ আৰু আগতীয়া চিনাক্তকৰণৰ ক্ষেত্ৰত থকা সাধাৰণ অনীহা এই সংকটৰ অন্যতম ভয়ংকৰ দিশ হিচাপে বিবেচিত হৈছে। কৰ্কট ৰোগৰ কোনো বাহ্যিক লক্ষণ নেদেখিলে সাধাৰণতে বেছিভাগ মহিলাই ‘পেপ স্মিয়াৰ’, ‘মেম’গ্ৰাম’ বা ‘ক’ল’নস্কপি’ৰ দৰে অতি প্ৰয়োজনীয় স্বাস্থ্য পৰীক্ষাসমূহ আওকাণ কৰে। অথচ, চিকিৎসা বিজ্ঞানৰ মতে নিয়মিত মেম’গ্ৰাফীৰ জৰিয়তে প্ৰাথমিক পৰ্যায়ত স্তন কৰ্কট ৰোগ ধৰা পেলাব পাৰিলে ৰোগীৰ জীৱিত থকাৰ হাৰ ৯০ শতাংশতকৈয়ো অধিক হয়। নগৰীয়া মহিলাসকলে সমাজৰ প্ৰতিটো ক্ষেত্ৰতে সফলতাৰ বাধা অতিক্ৰম কৰিলেও নিজৰ স্বাস্থ্যৰ প্ৰতি থকা এই মানসিক অৱহেলা আৰু অজ্ঞানতা দূৰ কৰাটো এতিয়া অতি জৰুৰী হৈ পৰিছে। সেয়েহে, পুষ্টিকৰ খাদ্য গ্ৰহণ, যোগাসন আৰু নিদ্ৰাৰ যোগেদি মানসিক চাপ নিয়ন্ত্ৰণ কৰাৰ লগতে ৰোগৰ লক্ষণলৈ অপেক্ষা নকৰি নিয়মীয়া স্বাস্থ্য পৰীক্ষা আৰু পৰিয়ালৰ জেনেটিক ইতিহাসৰ বিষয়ে চিকিৎসকৰ সৈতে মুকলি আলোচনা কৰাটোৱেই হৈছে কৰ্কট ৰোগক প্ৰতিহত কৰাৰ আটাইতকৈ ফলপ্ৰসূ উপায়।

নিউজ ডেস্ক ৰিপৰ্ট,নতুন সময়

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version