Home ক্ৰীড়াঃ বুমৰাহকো স্তব্ধ কৰা ১৫ বছৰীয়া বৈভৱক লৈ তোলপাৰ ক্ৰিকেট বিশ্ব

বুমৰাহকো স্তব্ধ কৰা ১৫ বছৰীয়া বৈভৱক লৈ তোলপাৰ ক্ৰিকেট বিশ্ব

২০১১ চনৰ ২৭ মাৰ্চত বিহাৰৰ সমস্তিপুৰ জিলাৰ তাজপুৰত জন্মগ্ৰহণ কৰা এইগৰাকী প্ৰতিভাধৰ খেলুৱৈৰ যাত্ৰা অতি অনুপ্ৰেৰণাদায়ক। মাত্ৰ আঠ বছৰ বয়সতে পিতৃ সঞ্জীৱ সূৰ্যবংশীৰ উদ্যোগত পাটনাস্থিত জেননেক্স ক্ৰিকেট একাডেমীত প্ৰশিক্ষণ আৰম্ভ কৰা বৈভৱে অতি কম সময়ৰ ভিতৰতে ঘৰুৱা ক্ৰিকেটত নিজৰ আধিপত্য বিস্তাৰ কৰে।

0

● বুমৰাহকো স্তব্ধ কৰা ১৫ বছৰীয়া বৈভৱক লৈ তোলপাৰ ক্ৰিকেট বিশ্ব
● বিধ্বংসী বেটিঙেৰে ক্ৰিকেট জগতত নতুন ইতিহাস
● বিশ্ব ক্ৰিকেটৰ নৱতম বিস্ময় বৈভৱ সূৰ্যবংশী

নিউজ ডেস্ক : শেহতীয়া ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৬ সংস্কৰণত ৰাজস্থান ৰয়েলছৰ হৈ অৱতীৰ্ণ হোৱা বিহাৰৰ ১৫ বছৰীয়া ক্ৰিকেটাৰ বৈভৱ সূৰ্যবংশীয়ে বিশ্ব ক্ৰিকেটত এক অভূতপূৰ্ব আলোড়নৰ সৃষ্টি কৰিছে। যোৱা ৭ এপ্ৰিল, ২০২৬ তাৰিখে গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত আৰু বৰষুণৰ বাবে ১১ অভাৰলৈ হ্ৰাস কৰা এক মেচত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে মাত্ৰ ১৪ বলত ৩৯ ৰানৰ এক বিস্ফোৰক ইনিংছ খেলি তেওঁ ক্ৰীড়ানুৰাগীক স্তম্ভিত কৰে। আটাইতকৈ চাঞ্চল্যকৰ বিষয়টো হ’ল, বিশ্বৰ অন্যতম শ্ৰেষ্ঠ দ্ৰুত বেগী বলাৰ জছপ্ৰীত বুমৰাহৰ প্ৰথমটো বলতেই তেওঁ যি ছয় কোবালে, সেয়া বিশ্বৰ বহু তাৰকা বেটাৰৰ বাবেও টি-২০ ক্ৰিকেটত এক কঠিন প্ৰত্যাহ্বান। বিশেষজ্ঞ মহলৰ বিশ্লেষণ অনুসৰি, চলিত বৰ্ষত মাত্ৰ তিনিখন মেচত প্ৰায় ২৪৮.৭ ষ্ট্ৰাইক ৰেটেৰে ১২২ ৰান সংগ্ৰহ কৰা বৈভৱে মাত্ৰ ১.১ কোটি টকাৰ ক্ৰয় মূল্যৰ বিপৰীতে ফ্ৰেঞ্চাইজিটোক প্ৰায় ১৬ কোটি টকাৰ সমতুল্য ৰিটাৰ্ন দিছে।

২০১১ চনৰ ২৭ মাৰ্চত বিহাৰৰ সমস্তিপুৰ জিলাৰ তাজপুৰত জন্মগ্ৰহণ কৰা এইগৰাকী প্ৰতিভাধৰ খেলুৱৈৰ যাত্ৰা অতি অনুপ্ৰেৰণাদায়ক। মাত্ৰ আঠ বছৰ বয়সতে পিতৃ সঞ্জীৱ সূৰ্যবংশীৰ উদ্যোগত পাটনাস্থিত জেননেক্স ক্ৰিকেট একাডেমীত প্ৰশিক্ষণ আৰম্ভ কৰা বৈভৱে অতি কম সময়ৰ ভিতৰতে ঘৰুৱা ক্ৰিকেটত নিজৰ আধিপত্য বিস্তাৰ কৰে। মাত্ৰ ১২ বছৰ ২৮৪ দিন বয়সত বিহাৰৰ হৈ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত পদাৰ্পণ কৰি ইতিহাস ৰচা বৈভৱে ২০২৫ চনত বিজয় হাজাৰে ট্ৰফীত মাত্ৰ ৫৯ বলত দ্ৰুততম ডেৰশ ৰানৰ অভিলেখ গঢ়ি এবি ডি ভিলিয়াৰ্ছৰ দৰে কিংবদন্তিক অতিক্ৰম কৰে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো তেওঁৰ সফলতা ঈৰ্ষণীয়; ২০২৬ চনৰ আই চি চি অনুৰ্ধ-১৯ বিশ্বকাপৰ ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে মাত্ৰ ৮০ বলত ১৭৫ ৰানৰ ঐতিহাসিক ইনিংছ খেলি তেওঁ ভাৰতক খিতাপ জয় কৰোৱাৰ লগতে ‘প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্ট’ সন্মান লাভ কৰে আৰু মাত্ৰ ৩৫ বলত শতক অৰ্জন কৰি সৰ্বকালৰ কনিষ্ঠতম আই পি এল শতকৰ অধিকাৰীৰ সন্মানো আঁজুৰি আনে।

অৱশ্যে, খেলপথাৰত তেওঁৰ এই অবিশ্বাস্য প্ৰদৰ্শনৰ সমান্তৰালভাৱে বৈভৱৰ প্ৰকৃত বয়স সম্পৰ্কীয় এক বিতৰ্কয়ো আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত তীব্ৰ চৰ্চা লাভ কৰিছে। ২০২৩ চনত ‘বি এন এন নিউজ বেনিপট্টি’ নামৰ এক পৰ্টেলক দিয়া এক সাক্ষাৎকাৰত তেওঁৰ বয়স ১৪ বছৰ হ’ব বুলি কৰা মন্তব্যই চৰকাৰী জন্ম তাৰিখৰ সৈতে প্ৰায় ডেৰ বছৰৰ পাৰ্থক্যৰ সৃষ্টি কৰিছিল, যাক লৈ পাকিস্তানৰ প্ৰাক্তন বলাৰ জুনেইদ খানেও সন্দেহ প্ৰকাশ কৰিছিল। এই সন্দৰ্ভত পিতৃ সঞ্জীৱ সূৰ্যবংশীয়ে দৃঢ়তাৰে স্পষ্ট কৰিছে যে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ কঠোৰ নিৰ্দেশনাত বৈভৱে চাৰে আঠ বছৰ বয়সতে ‘বন ডেনচিটি টেষ্ট’ সফলতাৰে পাৰ কৰিছে আৰু সকলো বয়স নিৰ্ধাৰণ পৰীক্ষাত উত্তীৰ্ণ হৈছে। ক্ৰেক্স ৰ পৰিসংখ্যা অনুসৰি টি-২০ ফৰ্মেটত প্ৰতি ৪.৮৮ বলত একোটা ছয় মৰাৰ অভিলেখ গঢ়া বৈভৱৰ বয়সৰ বিতৰ্ক যিয়েই নহওক কিয়, এই কিশোৰগৰাকীৰ দুৰ্দান্ত প্ৰদৰ্শন আৰু প্ৰখৰ মানসিক পৰিপক্বতা ক্ৰিকেট বিশ্বৰ বাবে এক বিৰল পৰিঘটনা, যিয়ে ভৱিষ্যতৰ এক উজ্জ্বল নক্ষত্ৰৰ আগমনৰ বতৰা দিছে।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version