Home অন্যান্যঃ কৃত্ৰিম বুদ্ধিমত্তাৰ উত্তৰণ : আশীৰ্বাদ নে অভিশাপ ?

কৃত্ৰিম বুদ্ধিমত্তাৰ উত্তৰণ : আশীৰ্বাদ নে অভিশাপ ?

0
  • বেলজিয়ামৰ পৰা আব্দুৰ আৰ ফাঈঝ

শেহতীয়া বছৰবোৰত দ্ৰুত প্ৰযুক্তিগত উন্নতিৰ ফলত বিশ্বৰ চিত্ৰপট সলনি হৈছে, যাৰ প্ৰভাৱ সমাজৰ সকলো ক্ষেত্ৰতে, যেনে শিক্ষা, স্বাস্থ্য, ব্যৱসায়, যোগাযোগ, আৰু সংবাদ মাধ্যম আদিত পৰা পৰিলক্ষিত হৈছে৷ উন্নয়নৰ এই ক্ষীপ্ৰ গতিৰ আঁৰত কৃত্ৰিম বুদ্ধিমত্তাৰ ভুমিকা এতিয়া সৰ্বজনবিদিত৷ কিন্তু ইয়াৰ লগে লগে বহুতো প্ৰশ্নৰ অৱতাৰনা হোৱাও দেখা গৈছে; কৃত্ৰিম বুদ্ধিমত্তা তথা প্ৰযুক্তিৰ এই ক্ষীপ্ৰ উত্তৰণ আশীৰ্বাদ নে অভিশাপ ? শিক্ষা আৰু সমাজ ব্যৱস্থাত ইয়াৰ সাম্প্ৰতিক প্ৰভাৱ কেনেকুৱা? আমি এক অনাকাংক্ষীত ভৱিষ্যতৰ বাবে সাজুনে, য’ত মানুহৰ কৰ্মক্ষেত্ৰৰ ব্যাপক পৰিবৰ্তন হোৱাটো প্ৰায় নিশ্চিত৷ এই প্ৰশ্নসমূহৰ উত্তৰ বিচৰাৰ আগতে অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ এক অৱলোকন নিতান্তই প্ৰয়োজনীয় ৷ বিশ্বৰ প্ৰযুক্তিবিদ্যাৰ জগতখনত অসমৰ অৱস্থিতি এতিয়াও শক্তিশালী নহয়৷ ইয়াৰ মুখ্য কাৰণসমূহৰ ভিতৰত এক অন্যতম কাৰণ হ’ল আবেগজনিত অন্ধতা৷ যদিওবা আন কাৰণসমূহ যেনে তথ্য আৰু প্ৰযুক্তি বিষয়ক পৰ্যাপ্ত জ্ঞানৰ অভাৱ, প্ৰতিযোগিতাৰ মানিসকতা, মানসিক
বিচাৰ, সামাজিক নীতি-নিয়ম আদিৰ প্ৰভাৱ নুই কৰিব নোৱাৰি, কিন্তু এই সকলোবোৰ কাৰণ আবেগজনিত অন্ধতাৰ জৰিয়েতই অধ্যয়ন আৰু বিশ্লেষণ কৰিব পাৰি৷

আবেগজনিত অন্ধতা (Emotion-Induced Blindness, চমুকৈ EIB) হৈছে জ্ঞানমুলক মনোবিজ্ঞানৰ এক বহুচৰ্চিত তথা স্বীকৃতিপ্ৰাপ্ত পৰিঘটনা, য’ত একোজন ব্যক্তি অথবা ব্যক্তিসমূহে আবেগৰ বশৱৰ্তী হৈ নিৰেপক্ষভাৱে তথ্যৰ বিশ্লেষণ কৰাৰ ক্ষমতা হেৰুৱাই পেলায়, ফলস্বৰূপে ঋণাত্মকতাৰ দিশে গতি কৰে৷ মনোবিজ্ঞানী ষ্টিভেন বি মষ্ট আৰু তেওঁৰ সহযোগীসকলেই প্ৰথমে এই পৰিঘটনাক ‘এটেনচ্যনেল ৰাবাৰেনিকং’ নামেৰে ২০০৫ বৰ্ষত আবেগজিনত অন্ধতা বনাম আবেগিক বুদ্ধি মত্তা মানুহৰ মাজলে লৈ আনে ৷ ‘ডাৰ্ক ৰোমাঞ্চ’ৰ লেখক আমো জোনেচৰ ভাষাত এই পৰিঘটনাক সহজভাৱেই বুজিব পাৰি—“আবেগে বুদ্ধিমান মানুহকো অন্ধ কৰিব পাৰে৷”

অসমীয়া সমাজৰ ৰাজনৈতিক আৰু সামাজিক আলোচনাত আবেগিক প্ৰতিক্ৰিয়া সঘনাই দেখা যায়, যিয়ে অসমীয়া সমাজৰ সামাজিক প্ৰেক্ষাপটত আবেগিক অন্ধতাৰ বিশ্লেষণ বাৰুকৈয়ে প্ৰয়োজনীয় কৰি তোলে৷ আবেগৰ বশৱৰ্তী হৈ আমি কৰবাত নিজকে হেৰুৱাই পেলোৱাৰ উপক্ৰম হৈছোহক নেকি—এয়া সাম্প্ৰতিক অসমীয়া সমাজৰ সবাতোকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন হোৱা উচিত৷ আবেগৰ বশৱৰ্তী হৈয়েই আমি বহু সময়ত প্ৰসিদ্ধ ব্যক্তিক ভগৱানৰ শাৰীলৈও লৈ যাওঁ, কিন্তু তেওঁৰ জীৱন দৰ্শন পাহিৰ যাওঁ, যাৰ জৰিয়েত অজানিতে তেওঁক অসন্মানো কৰো৷ এই আবেগৰ প্ৰৰোচনাত পৰিয়েই আমি বহু চফল ডেকাৰ জীৱন বন্দুকৰ গুলীত হেৰুৱাইছো৷ আবেগিক অন্ধতাৰ বশৱৰ্তী হৈয়ে আমি জ্ঞান, বুদ্ধি আৰু বিবেকো হেৰুৱাই পেলাইছো৷

ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কি? আবেগিক বুদ্ধিমত্তা৷ আবেগিক বুদ্ধিমত্তা (Emotional Intelligence) হৈছে নিজৰ আবেগৰ চিনাক্তকৰণ, বিশ্লেষণ, আৰু সঠিক পৰিচালন৷ মনযোগৰ সঠিক সঞ্চালন আৰু দ্ৰুত আবেগিক নিয়ন্ত্ৰণৰ জৰিয়তে তথ্যৰ সঠিক বিশ্লেষণ কৰাৰ জৰিয়েত ই আবেগজনিত অন্ধতাৰ পৰা মানুহক মুক্ত কৰে৷ সাম্প্ৰতিক প্ৰেক্ষাপটত ইয়াৰ প্ৰয়োজনীতাৰ গভীৰতা আমাৰ চাৰিওকাষৰ পৰিবেশটো অনুধাৱন কৰিলেই বুজিব পৰা যায়৷ উদাহৰণস্বৰূপে অসমত অসমীয়া ভাষাৰ ব্যৱহাৰৰ কথাকেই ল’ব পাৰি ৷ বহুতো সময়ত এক ব্যক্তিসমূহে আবেগৰ বশৱৰ্তী হৈয়েই অসমীয়া ভাষাৰ বলপূৰ্বক প্ৰয়োগৰ প্ৰেচষ্টা কৰা দেখা যায় ৷ অসমত অসমীয়া ভাষাৰ প্ৰয়োগ হোৱাতো নিতান্তই আৱশ্যকীয়, কিন্তু এনেকৈ অসমীয়া ভাষা জীয়াই ৰখাৰ যি সাম্প্ৰতিক প্ৰচেষ্টা সেয়া ভৱিষ্যতলৈ কিমানদূৰ সুদুৰপ্ৰসাৰী হ’ব সেয়াহে বিবেচনীয়৷ আবেগজনিত প্ৰৰোচনাৰ জালখনি


আঁতৰাই নিয়ন্ত্ৰিত আবেগৰ জৰিয়েত যদি এই প্ৰশ্নৰ উত্তৰ বিচৰা যায়, তেতিয়াহ’লে হয়তো আমি সকলোয়েই একমত হ’ম যে ভাষা এটা জীয়াই থাকে সাহিত্য, কলা, আৰু গীতৰ মাজত ৷ কিন্তু আমাৰ সাহিত্য আজি যেন মৃতপ্ৰায়, যত এতিয়া নতুনত্বৰ অভাৱ, চিন্তা তথা গেৱষণাৰ অভাৱ৷ আমাৰ গীতিকাৰসকল, সাহিত্যিকসকল, বুদ্ধীজীৱিসকলৰ লগেত সাহিত্য সভাৰ দৰে স্বনামধন্য সংস্থা এটাৰো বহু দ্বায়িত্ব আছে অসমীয়া ভাষাক বিশ্বদৰবাৰলৈ নিয়াত ৷ কিন্তু আমি সকলোৱেই কৰবাত যেন আমাৰ দ্বায়িত্বৰ পৰা আঁতৰি আহি ঋণাত্মক চিন্তাধাৰাৰে ভাষা ৰক্ষাৰ চেষ্টা কৰো যেন অনুমান হয়৷ পৰিতাপৰ বিষয় এয়ে যে প্ৰযুক্তিবিদ্যাৰ অভিনৱ উত্তৰণৰ এনে এক সময়ত অসমীয়া ভাষাৰ ডিজিটেল ফন্টো পাবলৈ টান৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰেচষ্টাত ‘উষা’ আৰু ‘জোনাকী’ যি দুটা ইউনিকোড ফন্ট বিকশিত হৈছে, তাৰো বিতৰণ বহুত সহজে উপলব্ধ নহয়৷

আবেগজনিত অন্ধতাৰ আন এক উল্লেখযোগ্য দিশ হ’ল, ঋণাত্মক চিন্তা আৰু আলোচনা৷ সংবাদমাধ্যমৰ পৰা আৰম্ভ কৰি ফেচবুকৰ পাতটোলৈকে সৰ্বত্ৰে মাথো আলোচনা আৰু পৰ্যালোচনা ৷ কিন্তু ফলাফল প্ৰায় শূণ্য৷ আমাক কি আলোচনাৰ প্ৰয়োজন আছে, আৰু আমি কৰি আছো কি? বেলজিয়ামৰ মাত্ৰ পোন্ধৰ বছৰীয়া লউৰেন্ট চিমন্চে কোৱাণ্টাম পদাৰ্থিবজ্ঞানত সন্মানীয় ডক্টেৰট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে৷ আমেৰিকা আৰু চীন দেশে কৃত্ৰিম বুদ্ধিমত্তাৰ দিশত আগবাঢ়ি গৈ চ্যাট-জিপিটি, জেমিনাই, ডীপ-চ্যিকৰ জৰিয়েত মাথো নিজকে বিশ্বত প্ৰভাৱশালী কৰাই নহয়, নিজৰ ভাষাকো বিশ্বদৰবাৰত জিলিকাই তুলিছে৷ প্ৰশ্ন হয় যি জাতিয়ে আবেগবিহ্বল হৈ অসমীয়া ভাষাক বিশ্বদৰবাৰলৈ নিয়াৰ কথা কয়, সেই জাতিৰ প্ৰচেষ্টা মাথো ‘অনুসন্ধান’ নামৰ জিপিটিতে সীমাবদ্ধ হৈ ৰ’ব নেকি? বিশ্বদৰবাৰলৈ নিয়াৰ আগেত, বিশ্বদৰবাৰৰ সংজ্ঞাক সংজ্ঞাকৃত কৰাৰ প্ৰয়োজনো আছে৷ বাহিৰত অসমীয়া ভাষাৰ প্ৰয়োগ নিচেই সীমিত৷ যি মাজে সময়ে অসমীয়া ভাষাৰ প্ৰয়োগ বাহিৰত দেখা যায়, সিও বিদেশত বাস কৰা অসমীয়াসকলৰ প্ৰচেষ্টাত হে সম্ভৱপৰ হোৱা দেখা যায়৷

আজিকালি সঘনাই দেখিবলৈ পাৱা এটি অৱস্থা হ’ল, ফেচবুকৰ পাতত অৰ্ধনগ্নতা, আৰু তাৰ ওপৰত কিছু  স্বঘোষিত বিশেষজ্ঞৰ আলোচনা৷ ঠিক আবেগজনিত অন্ধতাৰ পৰা অকণমান ফালৰি কাটি আহি যদি আমি বুজিবলৈ চেষ্টা কৰো আমাৰ সাম্প্ৰতিক সময়ৰ অৱস্থাক, আমি ইয়াৰ কাৰণ স্বৰূপে কৰ্মপোযোগী শিক্ষা ব্যৱস্থা আৰু কৰ্মসংস্থাপনৰ অভাৱকে দায়ী কৰিব লাগিব। প্ৰচলিত সামাজিক ধাৰণা, ভালকৈ পঢ়িলে ডাঙৰ মানুহ হ’ব পাৰি— ইয়াৰ পৰা ওলাই আহি কৰ্মদক্ষতাক প্ৰাধান্য দিয়াৰ প্ৰয়োজন বাৰুকৈয়ে আহি পৰিছে। ভাৰতৰ শ্ৰমিক শক্তিৰ জৰীপ, ২০২৩-২৪ৰ তথ্যৰ উদ্ধৃতি দি ডাটা ফ’ৰ ইণ্ডিয়াত প্ৰকাশিত অভিষেক ওৱাগমাৰেৰে ভাৰতৰ লেখ অনুসৰী ভাৰতৰ কৰ্মশক্তিৰ ১৩% হে স্নাতক ডিগ্ৰীধাৰীসকলে পূৰণ কৰে৷ ইয়াৰ বিপৰীতে ২৩% কৰ্মশক্তি নিৰক্ষৰ আৰু আংক্ষিকভাৱে স্বাক্ষৰ লোকসকলে পূৰণ কৰে৷ যদি আমি আমাৰ আবেগজনিত অন্ধতাৰ পৰা ওলাই আহি তথ্যৰ ওপৰত ভিত্তি কৰি কৰ্মশক্তিৰ পৰ্যালোচনা কৰো, আমিও হয়তো অৰ্ধনগ্নতাকেই সমৰ্থন কৰিবলগীয়া হ’ব৷ কাৰণ বৰ্তমানসময়ত ডিজিটেল মাধ্যম ফেচবুকৰ মুদ্ৰাকৰণে সহজে উপাৰ্জনৰ পথ প্ৰশষ্ট কৰিছে৷ সাম্প্ৰতিক সময়ত আমাৰ সমাজৰ পৰ্যালোচনা মাথো নৱপ্ৰজন্মৰ প্ৰমূল্যবোধৰ অভাৱতে সীমাবদ্ধ হৈ ৰোৱা দেখা গৈছে৷ কিন্তু আমি লগতে ইয়াকো বুজাৰ প্ৰয়োজন আছে যে যি বিষয়ে অধিক দৰ্শকক আকোৱালি ল’ব পাৰে সেই বিষয়েই কম সময়ত বেছি উপাৰ্জন কৰিব পাৰে৷ আবেগিক অন্ধতাক কিছু সময়ৰ বাবে দূৰত ৰাখি চিন্তা কৰিলে বুজা যায় যে বিষয়বস্তুৰ সৃষ্টিকৰ্তাত কৈয়ো দৰ্শকৰ আবেগবিহ্বলতা সামাজিক প্ৰমূল্যবোধৰ নিম্নগামিতাৰ বাবে দায়ী৷ আবেগিক অন্ধতাৰ উদাহৰণ দিব পৰাকৈ প্ৰৰোচনাই আমাক অন্ধভাৱে অনুসৰণ কৰিব শিকায়৷ বিপৰীতে আবেগিক বুদ্ধিমত্তাই বুদ্ধিমত্তাসম্পন্ন কিশোৰ (বা কিশোৰী) এজনীয়ে এইটো নিজকে সুধিব পাৰে- মই কিয় পঢ়ি আছো? কৰ্মসংস্থাপনৰ বাবে৷ যদি মোৰ ইচ্ছা (বা অনিচ্ছাকৃতভাৱেও) অসম চৰকাৰৰ প্ৰসাশনিক সেৱাই হয়, মই অভিযান্ত্ৰিক বিষয়ত ব্যক্তিগত শিক্ষানুষ্ঠানত নামভৰ্তি কৰোৱাই বা কিয়, যি তুলনাত্মকভাৱে এক দীৰ্ঘ পৰিক্ৰমা আৰু ব্যয়বহুল৷ ব্যক্তিগতস্তৰত আয়ত্ব কৰা এই আবেগিক বুদ্ধিমত্তাক সামাজিকস্তৰলৈ নিয়াৰ প্ৰচেষ্টাইহে সামাজিক উন্নতি সাধিব পাৰিব৷ ‘তথ্যভিত্তিক’ প্ৰশ্ন সোৱাৰ ধাৰণাটোক সমাজৰ সকলো স্তৰতে অন্তৰ্ভুক্ত কৰিব পাৰিব লাগিব, যি শৈশৱৰ পৰাই আৰম্ভ হ’ব লাগিব৷ উদাহৰণস্বৰূপে, আমাক বহু বিশ্ববিদ্যালয়ৰ প্ৰয়োজন নে বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিৱেশৰ উন্নয়নৰ প্ৰয়োজন? পৰিতাপৰ বিষয় এয়ে যে আমাৰ দেশত বিশ্ববিদ্যালয়ৰ সংখ্যা অধিক হোৱাৰ পিছতো আমাৰ কোনো এখন বিশ্ববিদ্যালয়েই বিশ্বমানত প্ৰথম এশমানত অৱস্থান পাবলৈ সক্ষম নহ’ল (QS ranking, 2026)৷ আবেগিক বুদ্ধিমত্তাৰ দিশত শৈক্ষিক প্ৰতিষ্ঠাসমূহৰ দায়িত্বই সকলোতকৈ ওপৰত বিশেষকৈ বিশ্ববিদ্যালয়সমূহৰ৷ আন্দোলনৰ পৰা বিৰত থাকি, শৈক্ষিক পৰিবেশ তথা ৰাজহুৱা সম্পত্তি নষ্ট কৰাৰ পৰা আঁতৰি থাকি শৈক্ষিক প্ৰতিষ্ঠানসমূহে, বিশষকৈ বিশ্ববিদ্যালয়সমূহে গৱেষণামূলক চিন্তাধাৰাৰে সকলোকে সমৃদ্ধ কৰাব লাগিব৷ আনৰ গৱেষণাৰ প্ৰকাৰন্তৰে অনুকৰণ কৰাৰ পৰা আঁতৰি গৈ স্থানীয় সমস্যা তথা সুযোগসমূহক চিনাক্তকৰি কাম কৰাৰ যোগেদি উদ্যোগিক বিকাশ ঘটাব লাগিব৷ ইয়ে সামাজিক পৰিস্থিতি মাথো উন্নীত কৰাই নহয়, কৰ্মসংস্থাপনৰ বহুতো মাধ্যমৰো দুৱাৰ মুকলি কৰিব৷ ইয়াৰ বাবে প্ৰধান আৰু প্ৰথম কৰণীয় হ’ল আবেগিক বুদ্ধিমত্তাক আকোৱালি লৈ এক ধনাত্মক পৰিবেশৰ সৃষ্টি কৰা৷

ধনাত্মক পৰিবেশৰ গুৰুত্বৰ কথা ক’বলৈ হ’লে আমি জাপানী লেখক মাচাৰু ইমোটোৰ ‘আবেগ আৰু পানী’ৰ পৰীক্ষাটোৰ কথা উল্লেখ কৰিবই লাগিব৷ বহুতো বিজ্ঞানীৰ মতে এই পৰীক্ষা ছদ্মবিজ্ঞানৰহে অংশ বুলি অভিহিত হোৱাৰ পিছতো এই পৰীক্ষাই আবেগৰ প্ৰভাৱ কিছু পৰিমাণেহ’লেও বুজাত সহায় কৰে৷ ডঃ ইমোটো বিভিন্ন কাঁচৰ পানীৰ পাত্ৰৰ সন্মুখত এমাহৰো অধিককাল ধনাত্মক আৰু ঋণাত্মক শব্দ তথা বাক্যৰ প্ৰয়োগ কৰে, ফলস্বৰূপে পানীৰ আণৱিক গাঁঠনিক প্ৰভাৱ কৰা পৰিলক্ষিত কৰে৷ ধনাত্মক আবেগে ধুনীয়া আৰু প্ৰতিসম স্ফটিকৰ সৃষ্টি কৰে তথা ঋণাত্মক তথা খঙাল আবেগে বিশৃংখল আৰু বিকৃত গাঁঠনিৰ সৃষ্টি কৰে৷ আবেগে পানীৰ আণৱিক গাঁঠনিক সলনি কৰিব পৰা এই তথ্যই আবেগৰ নিয়ন্ত্ৰণ আৰু আবেগিক বুদ্ধিমত্তাৰ বাবে এক ধনাত্মক পৰিবেশৰ প্ৰয়োজনীয়তাকে উপস্থান কৰে৷ স্নায়ুবিজ্ঞান (Neuroscience)ৰ প্ৰমাণিক গৱেষণাইয়ো দেখুৱাইছে যে তীব্ৰ আবেগৰ সময়ত এমিগদালা (Amygdala) সক্ৰিয় হয়, যাৰ ফলত যুক্তিনিৰ্ভৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা সময়িকভাৱে হ্ৰাস কৰি পক্ষপাতিত্বৰ সৃষ্টি কৰিব পাৰে৷ আবেগৰ নিয়ন্ত্ৰণৰ জৰিয়তেয়ে তথ্যৰ সঠিক বিশ্লেষণৰ সম্ভাৱপৰ, যাৰ প্ৰভাৱ সুদূৰ ভৱিষ্যতে আমি বিভিন্ন দিশত সুদূৰপ্ৰসাৰী কৰিব পাৰো৷ উদাহৰণস্বৰূপে, তেনে এক দিশ হ’ল শিক্ষা৷ ‘ঋণাত্মক প্ৰতিযোগিতা’ৰ বিপৰীতে আমি ‘ধনাত্মক সহযোগিতা’ক (competition va collaboration) শিশুসকলৰ মাজত উদ্গনি দিয়াৰ প্ৰয়োজনীয়তা নিশ্চয়কৈ আহি পৰিছে৷ সাম্প্ৰতিক শিক্ষা ব্যৱস্থাৰ অন্ধ অনুকৰণতৰ বিপৰীতে তথ্যভিত্তিক প্ৰশ্ন সোধাৰ মানসিকতা আমি শিশুসকলৰ মনত জগাই তুলিব লাগিব৷ আমি বহুতেই হয়তো প্ৰাথমিক বিদ্যালয়ত পঢ়িছিলো যে কোনো সংখ্যাক শূন্যৰে হৰণ কৰিব নোৱাৰি, যাক পিছৰ জীৱনত উচ্ছ শিক্ষাৰ সময়ত এই একেই হৰণৰ উত্তৰ অসংজ্ঞায়িক বুলিহে পোৱা যায়৷ কিন্তু সাধাৰণতে শিশু এটাই কিয় কোনো সংখ্যাক শূন্যৰে হৰণ কৰিব নোৱাৰি বুলি প্ৰশ্ন কৰা দেখা নাযায়৷ ঠিক তেনেদৰে সূৰ্য সদায় পূৱত উদয় হোৱাৰ ধাৰণাটো যেন চিৰ সত্য ঘটনা বুলিয়েই শিশুসকলক শিকোৱা যায়৷ তাৰ পৰিৱৰ্তে এনেকুৱা কিয় হয়- এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ গ’লে তেওঁলোকক পৃথিৱীৰ পৰিভ্ৰমণ আৰু সূৰ্যৰ ‘তুলনাত্মক’ (সূৰ্যও গতিশীল) স্থিৰতাক সূক্ষ্মভাৱে বুজাই দিব পৰা যায়৷

আবেগিক বুদ্ধিমত্তা পাঠ্যক্ৰমৰেই অংশ নহৈ সামাজিক জীৱনৰো এক অংশ হওঁক৷ ইয়াৰ অবিহনে একো একোটা জাতিয়ে কি হেৰুৱাব পাৰে — আমি বাংলাদেশ অথবা নেপালৰ ক্ষেত্ৰত দেখিবলৈ পাইছো৷ আবেগিক অন্ধতাই উত্তেজনাৰ সৃষ্টি কৰি বিপ্লৱৰ সূচনা কৰা যেন অনুভৱ হ’লেও, কিন্তু তাৰ ধনাত্মক প্ৰভাৱ খুব কমহে দেখা যায়৷ ই সাধাৰণতেই মৌলবাদী তথা চৰমপন্থী ভাৱধাৰাৰহে জন্ম দিয়া দেখা যায়৷ বিপৰীতে আবেগিক বুদ্ধিমত্তাই সুস্থ চিন্তাৰ জন্ম দিয়াত সহায়ক হয়, যি চিন্তাই ভৱিষ্যতৰ দিশলৈ আগুৱাই লৈ যাব পাৰে একোটা জাতিক ধনাত্মক দিশেৰে৷ পৰিবেশ সলনি কৰাৰ দ্বায়িত্বও আমাৰ সকলোৰে– বিশেষকৈ সংবাদমাধ্যমসমূহৰ, কাৰণ তেওঁলোকেই লৈ যাব পাৰে ধনাত্মক চিন্তাধাৰাক সাধাৰণ মানুহৰ মানসপটলৈ৷ সুস্থ আবেগেৰে পৰিচালিত এক ব্যক্তিসমূহেহে উন্নয়নৰ পথ বিচাৰি পাব পাৰে৷ উন্নয়নৰ বাবে আমাক কিহৰ প্ৰয়োজন অথবা এই প্ৰয়োজনসমূহৰ পূৰণত আমাৰ ভূমিকা কি হ’ব- এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ পাবলৈ হ’লে আবেগিক বুদ্ধিমত্তাৰ বিকল্প নাই৷ চৰকাৰক কেৱল মাত্ৰ দোষ ধৰি থকাৰ পৰিবৰ্তে, সমাজৰ আনৰ দোষ-ত্ৰুটিক চকু ফুৰাই থকাৰ পৰিবৰ্তে আমাৰ সমাজৰ প্ৰতিজন ব্যক্তিয়ে নিজৰ সামৰ্থ্য অনুযায়ী ধনাত্মক চিন্তাক আগুৱাই নিব লাগিব৷ কেৱল মাত্ৰ আবেগিক অন্ধতাৰ বশৱৰ্তী হৈ আমি শ্ৰেষ্ঠ বুলি দাবী কৰি থকাটো সাম্প্ৰতিক বিশ্বায়নৰ প্ৰেক্ষাপটত অমূলক হৈ ৰ’ব৷

উল্লেখসমূহঃ

1) Most SB, Chun MM, Widders DM, Zald DH (2005). Attentional rubbernecking:
cognitive control and personality in emotion-induced blindness. Psychon Bull Rev.
2005 Aug;12(4) : 654-61. doi : 10.3758/bf03196754. PMID : 16447378.
(2) Assam Yellow Page, https://www.assamyellowpage.com/ayp/download-assamese
unicode-font-free. [Accessed, 02-03-2026]
(3) Huppe L (2025). Belgium’s 15-year-old prodigy earns PhD in quantum physics.
Available at : https://www.brusselstimes.com/1846332/belgiums-15-year-old
prodigy-earns-phd-in-quantum-physics. Brussels Times. 2025 Nov. [Accessed:
02-03-2026]
(4) Waghmare A (2025). What do India’s graduates do? Data For India. 2025 Nov.
Available at: https://www.dataforindia.com/graduate-employment/. [Accessed:
02-03-2026]
(5) Chauhan R (2026). Indias University ranking paradox: Big system, small global
footprint. India Today. 2026 Jan. Available at: https://www.indiatoday.in/education
today/featurephilia/story/no-iit-in-the-worlds-top-100-what-is-holding-indian
universities-back-2850607-2026-01-12. [Accessed : 02-03-2026]
(6) Emoto M (2004). The Hidden Messages in Water. Beyond Words Publishing. 2004.
(7) LeDoux JE (1996). The emotional brain : The mysterious underpinnings of
emotional life. Simon & Schuster.
(8) Phelps EA (2006). Emotion and cognition : insights from studies of the human
amygdala. Annu Rev Psychol. 2006;57:27-53. doi: 10.1146/
annurev.psych.56.091103.070234. PMID : 16318588.

( লেখক বেলজিয়ামৰ কেথলিক বিশ্ববিদ্যালয় লিউভেনৰ লগতে ইটালীৰ ছিয়েনা বিশ্ববিদ্যালয়ৰ গৱেষক বিজ্ঞানী৷ তেওঁৰ গৱেষণা ক্ষেত্ৰ হৈছে ৰবটিক্স, আৰু কৃত্ৰিম বুদ্ধিমত্তা, মূলতঃ এ আই ৰ বাবে মানৱীয় সদৃশ জ্ঞান লাভ কৰা৷ কে ইউ লিউভেনত যোগদান কৰাৰ পূৰ্বে তেওঁ দক্ষিণ চেণ্টাৰ ফৰ এ আই এণ্ড অটোন’মাছ চিষ্টেম আৰু কানাডাৰ মণ্ট্ৰিয়েলৰ চি আৰ চি এইচ ইউ গৱেষক হিচাপে কৰ্মৰত আছিল৷)
সংযোগঃ FAYJIE92@GMAIL.COM

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version