Home ক্ৰীড়াঃ পেৰিছ অলিম্পিকত লাভলীনা বৰগোঁহাই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

পেৰিছ অলিম্পিকত লাভলীনা বৰগোঁহাই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

0

পেৰিছ অলিম্পিকৰ পঞ্চম দিনটোত লাভলীনা বৰগোঁহাইয়ে বক্সিঙৰ মিডল ৱেট শিতানৰ ৭৫ কিলোগ্ৰাম শাখাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত নৰৱেৰ ছুন্নীভা হফষ্টাডক পৰাজিত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ইতিপূৰ্বে টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰি অসম তথা দেশবাসীলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোঁহাইয়ে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাত অনুৰাগীসকলৰ মাজত আনন্দ-উৎসাহৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে লাভলীনা বৰগোঁহাইয়ে পূৰ্বে ৬৯ কিলোগ্রাম শাখাত অংশগ্ৰহণ কৰা খেলুৱৈগৰাকী পেৰিছ অলিম্পিকত প্ৰথমবাৰৰ বাবে ৭৫ কিলোগ্রাম শাখাত অৱতীৰ্ণ হৈছে।

ইপিনে, ভাৰতীয় বক্সাৰ, আৰ্চাৰ, শ্বুটাৰ আৰু শ্বাটলাসকলে নিজ নিজ শাখাৰ খেলত অৱতীৰ্ণ হৈছে। বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধু আৰু লক্ষ্য সেনে ৰাউণ্ড অব্ ছিক্সটিনত প্ৰৱেশ কৰিছে। মহিলাৰ ছিংগলছত পি ভি সিন্ধুৱে ইষ্টোনিয়াৰ কৃষ্টিন কিউবাক ২১–৫, ২১-১০ ত পৰাজিত কৰে। আনহাতে, পুৰুষৰ ছিংগলছত লক্ষ্য সেনেও ইণ্ডোনেছিয়াৰ জনাতন কৃষ্টিক ২১-১৮, ২১–১২ত পৰাজিত কৰে। এইছ এছ প্ৰণয়ে ভিয়েটনামৰ ড্যুক ফেট লেৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে।

ইফালে শ্বুটিঙৰ ৫০ মিটাৰ ৰাইফলৰ থ্ৰী পজিচন শিতানৰ যোগ্যতা নিৰূপণ খেলত স্বপ্নীল কৌছেলে ৫৯০ স্ক’ৰ অৰ্জন কৰি ফাইনেলত প্ৰৱেশ কৰিছে। আনহাতে, একেটা শিতানতে ঐশ্বৰী প্ৰতাপ সিং টোমৰে ফাইনেলত প্ৰৱেশ কৰাৰ পৰা ব্যৰ্থ হ’বলগীয়া হয়। একেদৰে মহিলাৰ টেপ শ্বুটিঙত শ্রেয়াশী সিং আৰু ৰাজেশ্বৰী কুমাৰীয়ে আজি যোগ্যতা নিৰূপণ পৰ্যায়ৰ দ্বিতীয় ৰাউণ্ডত অৱতীৰ্ণ হ’ব।

আনহাতে, অনুজ আগৰৱালে অশ্বচালনা প্ৰশিক্ষণৰ ব্যক্তিগত শিতানত অংশ ল’ব। শ্ৰীজা অকুলাই টেবুল টেনিছৰ এখন খেলত ছিংগাপুৰৰ চিয়ান জেঙৰ সন্মুখীন হ’ব। আৰ্চাৰীত তৰুণদীপ ৰায় আৰু দীপিকা কুমাৰীয়ে ক্ৰমে পুৰুষ আৰু মহিলাৰ এলিমিনেশ্যন ৰাউণ্ডত দেশক প্রতিনিধিত্ব কৰিব। পেৰিছ অলিম্পিকত ভাৰতে বৰ্তমানলৈকে দুটা পদক লাভ কৰিছে।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version