Home ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয়ঃ ছুইডেনৰ সৰ্বোচ্চ সন্মানেৰে বিভূষিত প্ৰধানমন্ত্ৰী মোদী

ছুইডেনৰ সৰ্বোচ্চ সন্মানেৰে বিভূষিত প্ৰধানমন্ত্ৰী মোদী

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰধানমন্ত্ৰী মোদীৰ বাবে এইটো হৈছে ৩১ সংখ্যক বিশ্ব স্বীকৃতি। কূটনৈতিক মহলৰ মতে, এই বিশেষ সন্মানে কেৱল প্ৰধানমন্ত্ৰীগৰাকীৰ সফলতাকে নুবুজায়, বৰঞ্চ বিশ্ব দৰবাৰত ভাৰতৰ ক্ৰমৱৰ্ধমান প্ৰভাৱ আৰু ছুইডেনৰ সৈতে দেশখনৰ মজবুত কূটনৈতিক সম্পৰ্কৰ দিশটোকো স্পষ্টভাৱে প্ৰতিফলিত কৰিছে।

0

● ছুইডেনৰ সৰ্বোচ্চ সন্মানেৰে বিভূষিত প্ৰধানমন্ত্ৰী মোদী
● প্ৰধানমন্ত্ৰী মোদীক ‘ৰয়েল অৰ্ডাৰ অৱ প’লাৰ ষ্টাৰ’,’ সন্মান
● প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাভ কৰিলে ৩১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি

 নিউজ ডেস্ক, গুৱাহাটী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছুইডেনৰ গুটেনবাৰ্গত দেশখনৰ প্ৰধানমন্ত্ৰী উলফ ক্ৰিষ্টাৰছনৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক বৈঠকত মিলিত হয়। এই ভ্ৰমণকালত ছুইডেন চৰকাৰে প্ৰধানমন্ত্ৰী মোদীক দেশখনৰ সৰ্বোচ্চ সন্মান ‘ৰয়েল অৰ্ডাৰ অৱ প’লাৰ ষ্টাৰ, কমাণ্ডাৰ গ্ৰেণ্ড ক্ৰছ’ প্ৰদান কৰে। চৰকাৰৰ মুৰব্বী এগৰাকীক প্ৰদান কৰা এয়া হৈছে ছুইডেনৰ সৰ্বোচ্চ স্বীকৃতি আৰু সন্মান।

দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে দুয়োগৰাকী নেতাই দুয়োখন দেশৰ মাজত সহযোগিতাৰ নতুন পথ অন্বেষণ কৰাৰ বাবে বিস্তৃতভাৱে আলোচনা কৰে। বাণিজ্য, সেউজ পৰিৱৰ্তন, কৃত্ৰিম বুদ্ধিমত্তা, প্ৰযুক্তি আৰু ষ্টাৰ্টআপৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহ আলোচনাত স্থান পায়। ইয়াৰ লগতে প্ৰতিৰক্ষা, মহাকাশ গৱেষণা, জলবায়ু কাৰ্য ব্যৱস্থা, নিৰ্ভৰযোগ্য যোগান শৃংখলা আৰু দুয়োখন দেশৰ জনসাধাৰণৰ মাজত পাৰস্পৰিক সম্পৰ্ক গঢ়ি তোলাৰ দিশতো দুয়োপক্ষই গুৰুত্ব আৰোপ কৰিছে।

উল্লেখ্য যে, আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰধানমন্ত্ৰী মোদীৰ বাবে এইটো হৈছে ৩১ সংখ্যক বিশ্ব স্বীকৃতি। কূটনৈতিক মহলৰ মতে, এই বিশেষ সন্মানে কেৱল প্ৰধানমন্ত্ৰীগৰাকীৰ সফলতাকে নুবুজায়, বৰঞ্চ বিশ্ব দৰবাৰত ভাৰতৰ ক্ৰমৱৰ্ধমান প্ৰভাৱ আৰু ছুইডেনৰ সৈতে দেশখনৰ মজবুত কূটনৈতিক সম্পৰ্কৰ দিশটোকো স্পষ্টভাৱে প্ৰতিফলিত কৰিছে।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version