Home ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয়ঃ ১৩১ গৰাকী বিশিষ্ট ব্যক্তিলৈ পদ্ম সন্মান

১৩১ গৰাকী বিশিষ্ট ব্যক্তিলৈ পদ্ম সন্মান

এই বৰ্ষত ভাৰত চৰকাৰে মুঠ ১৩১ গৰাকী বিশিষ্ট ব্যক্তিলৈ পদ্ম বঁটা আগবঢ়াইছে। চৰকাৰী তথ্য অনুসৰি, ইয়াৰে ৫ গৰাকীক পদ্ম বিভূষণ, ১৩ গৰাকীক পদ্মভূষণ আৰু ১১৩ গৰাকীক পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হ’ব। বঁটা প্ৰাপকসকলৰ ভিতৰত ১৯ গৰাকী মহিলা থকাৰ বিপৰীতে ১৬ গৰাকী ব্যক্তিক মৰণোত্তৰভাৱে এই সন্মান প্ৰদান কৰা হ’ব। কলা, সাহিত্য, শিক্ষা, ক্ৰীড়া, চিকিৎসা, বিজ্ঞান আৰু সমাজসেৱাকে ধৰি বিভিন্ন ক্ষেত্ৰৰ পাৰদৰ্শিতাৰ বাবে এই স্বীকৃতি দিয়া হৈছে।

0

● ১৩১ গৰাকী বিশিষ্ট ব্যক্তিলৈ পদ্ম সন্মান
● ৫ গৰাকীলৈ পদ্ম বিভূষণ, ১৩ গৰাকীলৈ পদ্মভূষণ আৰু ১১৩ গৰাকীলৈ পদ্মশ্ৰী
● ২৫ মে’ত ৰাষ্ট্ৰপতি ভৱনত ২০২৬ বৰ্ষৰ পদ্ম বঁটা প্ৰদান কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে 

নিউজ ডেস্ক, গুৱাহাটী: অহা ২৫ মে’ত ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন অসামৰিক সন্মান প্ৰদান অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ২০২৬ বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে প্ৰকাশ কৰা অনুসৰি, ৰাষ্ট্ৰপতিগৰাকীয়ে দেশৰ অন্যতম সৰ্বোচ্চ অসামৰিক সন্মান হিচাপে বিবেচিত পদ্ম বিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী বঁটাসমূহ এই বিশেষ দিনটোত আনুষ্ঠানিকভাৱে প্ৰদান কৰিব।

এই বৰ্ষত ভাৰত চৰকাৰে মুঠ ১৩১ গৰাকী বিশিষ্ট ব্যক্তিলৈ পদ্ম বঁটা আগবঢ়াইছে। চৰকাৰী তথ্য অনুসৰি, ইয়াৰে ৫ গৰাকীক পদ্ম বিভূষণ, ১৩ গৰাকীক পদ্মভূষণ আৰু ১১৩ গৰাকীক পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হ’ব। বঁটা প্ৰাপকসকলৰ ভিতৰত ১৯ গৰাকী মহিলা থকাৰ বিপৰীতে ১৬ গৰাকী ব্যক্তিক মৰণোত্তৰভাৱে এই সন্মান প্ৰদান কৰা হ’ব। কলা, সাহিত্য, শিক্ষা, ক্ৰীড়া, চিকিৎসা, বিজ্ঞান আৰু সমাজসেৱাকে ধৰি বিভিন্ন ক্ষেত্ৰৰ পাৰদৰ্শিতাৰ বাবে এই স্বীকৃতি দিয়া হৈছে।

১৯৫৪ চনত প্ৰৱৰ্তন কৰা দেশৰ এই সৰ্বোচ্চ অসামৰিক বঁটাসমূহ প্ৰতি বছৰে গণতন্ত্ৰ দিৱসৰ পবিত্ৰ ক্ষণত ঘোষণা কৰা হয়। নিজৰ নিজৰ কৰ্মক্ষেত্ৰত উৎকৃষ্ট আৰু ব্যতিক্ৰমী অৱদান আগবঢ়াই সমাজলৈ পৰিৱৰ্তন অনা ব্যক্তিসকলক স্বীকৃতি জনোৱাই ইয়াৰ মূল লক্ষ্য। অহা ২৫ মে’ৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোৱে এই প্ৰতিভাধৰ ব্যক্তিসকলৰ জীৱনজোৰা নিস্বাৰ্থ সাধনাৰ আনুষ্ঠানিক মূল্যায়ন কৰিব।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version