Home ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয়ঃ কংগোত ইব’লাৰ প্ৰাদুৰ্ভাৱ

কংগোত ইব’লাৰ প্ৰাদুৰ্ভাৱ

ইব'লাৰ 'বুন্দিবুগিঅ' ষ্ট্ৰেইন, যিটো ২০০৭ চনত উগাণ্ডাত প্ৰথমবাৰৰ বাবে চিনাক্ত হৈছিল। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, এই নিৰ্দিষ্ট ৰোগবিধৰ নিৰাময়ৰ বাবে বৰ্তমানলৈকে কোনো অনুমোদিত ঔষধ বা ভেকচিন আৱিষ্কাৰ হোৱা নাই।

0

● কংগোত ইব’লাৰ প্ৰাদুৰ্ভাৱ
● মাৰাত্মক ‘বুন্দিবুগিঅ’ ষ্ট্ৰেইনৰ আতংক
● কংগোলৈ ভাৰতৰ জৰুৰীকালীন চিকিৎসা সাহায্য

নিউজ ডেস্ক,গুৱাহাটী: কংগোত মূৰ দাঙি উঠা মাৰাত্মক ইব’লা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ ভাৰতে জৰুৰীকালীন চিকিৎসা সামগ্ৰী প্ৰেৰণ কৰিছে। ‘আফ্ৰিকা চেণ্টাৰ্ছ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনশ্যনে’ সদৰী কৰা মতে, ভাৰত চৰকাৰৰ এই অনুদান উগাণ্ডাস্থিত পূব আফ্ৰিকা আঞ্চলিক সমন্বয় কেন্দ্ৰই গ্ৰহণ কৰিছে। সাহায্য হিচাপে আগবঢ়োৱা এই সামগ্ৰীসমূহৰ ভিতৰত ৰোগ নিৰ্ণয়ৰ সঁজুলি, ঔষধ আৰু সংক্ৰমণ প্ৰতিৰোধক আদি অন্তৰ্ভুক্ত কৰা হৈছে, যিবোৰ কংগোৰ আক্ৰান্ত অঞ্চলত তৎকালীনভাৱে ব্যৱহাৰ কৰা হ’ব।

ভাৰতৰ এই আন্তঃৰাষ্ট্ৰীয় মানৱীয় পদক্ষেপক আফ্ৰিকা চিডিচিয়ে আন্তৰিকতাৰে আদৰণি জনাইছে আৰু জীৱন ৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিক শলাগ লৈছে। প্ৰাপ্ত তথ্য অনুসৰি, বৰ্তমান কংগোত বিয়পি পৰা ভাইৰাছবিধ হৈছে ইব’লাৰ ‘বুন্দিবুগিঅ’ ষ্ট্ৰেইন, যিটো ২০০৭ চনত উগাণ্ডাত প্ৰথমবাৰৰ বাবে চিনাক্ত হৈছিল। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, এই নিৰ্দিষ্ট ৰোগবিধৰ নিৰাময়ৰ বাবে বৰ্তমানলৈকে কোনো অনুমোদিত ঔষধ বা ভেকচিন আৱিষ্কাৰ হোৱা নাই।

সাধাৰণতে আক্ৰান্ত বন্যপ্ৰাণীৰ সংস্পৰ্শলৈ আহিলে এই ভাইৰাছ মানৱ শৰীৰলৈ সংক্ৰমিত হয় আৰু পৰৱৰ্তী সময়ত আক্ৰান্ত ব্যক্তিৰ শৰীৰৰ তৰল পদাৰ্থৰ জৰিয়তে দ্ৰুতগতিত বিয়পি পৰে। জ্বৰ, বমি আৰু গুৰুতৰ অৱস্থাত ৰক্তক্ষৰণ হোৱাটো ইয়াৰ প্ৰধান লক্ষণ। কোনো সুনিৰ্দিষ্ট ঔষধ নথকাৰ পৰিপ্ৰেক্ষিতত ভাৰতে প্ৰেৰণ কৰা এই সাহায্যই ৰোগীৰ পৰিচৰ্যা আৰু ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এক অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version