Home গুৱাহাটীঃ আকাশবাণীৰ সঞ্চালকপ্ৰধান মৌচুমী চক্ৰৱৰ্তীৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰ ভ্ৰমণ

আকাশবাণীৰ সঞ্চালকপ্ৰধান মৌচুমী চক্ৰৱৰ্তীৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰ ভ্ৰমণ

0

‘আকাশবাণীৰ বাতৰি বিভাগে অহৰহ সকলো শ্ৰেণীৰ শ্ৰোতাক পোনপটীয়া, সত্য, শুদ্ধ আৰু নিৰপেক্ষ ৰূপত বাতৰি দি আহিছে। সময় আৰু পৰিস্থিতিৰ প্ৰত্যাহ্বানকো নেওচি আকাশবাণী বাতৰি বিভাগৰ কৰ্মীসকলে শ্ৰোতাসকলৰ বাবে বাতৰি প্ৰচাৰ অব্যাহত ৰাখিছে।’- আকাশবাণীৰ সঞ্চালকপ্ৰধান মৌচুমী চক্ৰৱৰ্তীয়ে আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰ ভ্ৰমণ কৰাৰ সময়ত এই মন্তব্য কৰে।

তেওঁ কয় যে ‘আকাশবাণী গুৱাহাটীয়েও বিভিন্ন প্রতিকূল পৰিস্থিতিকো নেওচি শ্রোতাক নিৰপেক্ষ ৰূপত বাতৰি দিয়াৰ ধাৰা অব্যাহত ৰাখিছে।’ আকাশবাণীৰ সঞ্চালকপ্ৰধান মৌচুমী চক্ৰৱৰ্তীয়ে আজি বিয়লি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ নৱৰূপত সজাই তোলা কক্ষ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই অনুষ্ঠানত পি আই বিৰ উত্তৰ-পূব মণ্ডলৰ সঞ্চালকপ্ৰধান কে সতীশ নাম্বুডিৰিপাড আৰু পি আই বি গুৱাহাটীৰ অতিৰিক্ত সঞ্চালকপ্রধান জেন নেমছু, আকাশবাণীৰ উত্তৰ-পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালকপ্ৰধান আশীষ ভাটনাগৰ, আকাশবাণী গুৱাহাটীৰ অভিযান্ত্ৰিক মুৰব্বী ৰবিন চন্দ্ৰ বড়ো প্ৰমুখ্যে শীর্ষ বিষয়াসকল উপস্থিত থাকে।

কক্ষ উদ্বোধন কৰি সঞ্চালকপ্ৰধানগৰাকীয়ে আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ সদস্যসকলক এটা পৰিয়ালৰ দৰে বুলি অভিহিত কৰি অভিনন্দন জ্ঞাপন কৰে। ইয়াৰ আগেয়ে তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰ আৰু প্ৰচাৰ ভাৰতীৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয়।

এই বৈঠকত কেন্দ্ৰটোৰ অধীনত চলি থকা বিভিন্ন কাম-কাজ সম্পর্কে তেওঁ বিতংভাৱে বুজ লয়। ইয়াৰ পাছতে আকাশবাণীৰ সঞ্চালকপ্ৰধান মৌচুমী চক্ৰৱৰ্তীৰ সন্মানার্থে আকাশবাণী গুৱাহাটীয়ে আয়োজন কৰা কেন্দ্ৰটোৰ এ গ্রেড শিল্পী মনোজ বৰুৱা আৰু কৌশিক কোঁৱৰৰ ভায়’লিন আৰু তবলা বাদন কাৰ্যসূচী তেওঁ উপভোগ কৰে। উল্লেখযোগ্য যে আকাশবাণীৰ সঞ্চালক প্ৰধান হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত আকাশবাণীৰ সঞ্চালকপ্ৰধান মৌচুমী চক্ৰৱৰ্তীৰ এয়া আছিল প্ৰথম অসম ভ্রমণ।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version