Home অন্যান্যঃ মাধাপাৰঃ এছিয়াৰ সবাতোকৈ চহকী গাঁৱখন

মাধাপাৰঃ এছিয়াৰ সবাতোকৈ চহকী গাঁৱখন

Madhapar richest village in Gujarat

0

◊ ৭ হাজাৰ কোটিৰ ফিক্সড ডিপ’জিট, ১৭ টা বেংক
◊ প্ৰবাসী গুজৰাটীৰ শিপাৰ প্ৰতি থকা ভালপোৱা-দায়বদ্ধতাৰ উজ্জ্বল দৃষ্টান্ত
◊ বিশ্বজুৰি চৰ্চাৰ বিষয় গুজৰাটৰ গাওঁখন

নতুন সময়ৰ দৰ্শকসকলক আজি আমি জনাব বিচাৰিছোঁ এখন বিশেষ গাঁৱৰ বিষয়ে৷ মাধাপাৰ-গুজৰাটৰ ভূজ অঞ্চলৰ পাৰ্শৱৰ্তী এলেকাত অৱস্থিত এখন গাওঁ৷ নামটো শুনাত তেনেই সাধাৰণ যেন লাগিলেও মাধাপাৰ এনে এখন অসাধাৰণ গাওঁ- যিখন গাওঁ আজি সমগ্ৰ বিশ্বজুৰি চৰ্চাৰ এক বিষয়৷ কাৰণ মাধাপাৰ হৈছে সমগ্ৰ এছিয়াৰ ভিতৰতে সবাতোকৈ চহকী গাওঁখন৷ আপোনালোকে শুনি হয়তো আচৰিত হ’ব- আজিৰ তাৰিখত এই গাওঁখনৰ বেংকত থকা মুঠ ফিক্সড ডিপ’জিটৰ পৰিমাণ কমেও ৭ হাজাৰ কোটি টকা৷ অত্যন্ত চহকী গাওঁখনত চৰকাৰী আৰু প্ৰাইভেট দুয়োধৰণৰ কমেও ১৭ টা বেংক সেৱা এতিয়া উপলব্ধ৷ এছ বি আই ৰ ওপৰি আই চি আই চি আই, এইচ ডি এফ চি, এক্সিছ বেংক, ইউনিয়ন বেংক আজি অনেক বৃহৎ বেংকৰ শাখা ইয়াত আছে৷ অনাগত দিনবোৰত আৰু বহু বেংকৰ গাওঁখনলৈ আগমন ঘটাটো খাটাং৷

Shreeji Public School in Madhapar,Bhuj - Best English Medium Schools in  Bhuj - Justdial

এটা কথা উল্লেখ কৰিবই লাগিব- ব্যৱসায়-বাণিজ্যত গুজৰাটী লোকসকলৰ দক্ষতা আৰু সফলতা সৰ্বজনবিদিত৷ সেইবাবেই সমগ্ৰ ভাৰতৰ ভিতৰতে ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত টপ-ডেষ্টিনেশ্যন ৰূপে স্বীকৃত হৈছে গুজৰাট৷ এই গুজৰাটৰ পৰাই জন্ম হৈছে ভাৰতৰ লগতে বিদেশী ৰাষ্ট্ৰতো দপদপাই থকা বহু স্বনামধন্য উদ্যোগপতিৰ৷ গুজৰাটৰ সন্তানসকলৰ বিশেষত্ব এইখিনিতে যে সফলতাৰ আকাশ চুলেও তেওঁলোক শিপাৰ পৰা কেতিয়াও বিচ্ছিন্ন নহয়৷ সেইবাবেই আজি গুজৰাটৰ প্ৰাচুৰ্য কেৱল ডাঙৰ ডাঙৰ নগৰ মহানগৰতে সীমাবদ্ধ হৈ থকা নাই৷ একেই প্ৰাচুৰ্যৰে উজলি উঠিছে ৰাজ্যখনৰ অনেক গাওঁ৷ তাৰেই সৰ্বোত্তম দৃষ্টান্ত- মাধাপাৰ৷

With 17 Major Banks & Rs 7,000 Crore In FDs, This Gujarat Village Is Asia's  Richest | Republic World

গুজৰাটক কচ্চ জিলাৰ অন্তৰ্গত এই গাওঁখনৰ বৰ্তমান সৰ্মমুঠ জনসংখ্যা ৩২ হাজাৰ৷ বাসিন্দাসকলৰ গৰিষ্ঠসংখ্যক লোক পেটেল সম্প্ৰদায়ৰ৷ গাওঁখনত মুঠ ১২ হাজাৰটা ঘৰ আছে যদিও ইয়াৰে ১২০০ পৰিয়াল থাকে প্ৰবাসত৷ মূলত আফ্ৰিকাৰ দেশত বসবাস কৰা এইসকল গুজৰাটী লোক নিৰ্মাণ খণ্ডৰ ব্যৱসায়ত জড়িত৷ তদুপৰি কিছুসংখ্যক পৰিয়াল অষ্ট্ৰেলিয়া, আমেৰিকা, ইংলেণ্ড, নিউজিলেণ্ড আদি দেশতো থাকে৷

Madhapar - Wikipedia

মাধাপাৰ গাওঁখনৰ ঐশ্বৰ্য-বিভূতি বৃদ্ধি হোৱাৰ মূলতে হ’ল গাওঁখনৰ প্ৰবাসী পৰিয়ালসমূহ৷ তেওঁলোকে বিদেশত ব্যৱসাক কৰি অৰ্জন কৰা বৃহৎ পৰিমাণৰ মুনাফাৰ ধন প্ৰতি বছৰে জমা কৰে নিজৰ আপোন গাওঁখনত থকা বিভিন্ন বেংকত৷ যাৰ ফলত আজিৰ তাৰিখত গাওঁখনত জমা থকা মুঠ পিক্সড ডিপ’জিটৰ পৰিমাণ কমেও ৭ হাজাৰ কোটি টকা৷ প্ৰবাসী পৰিয়াল সমূহৰ আপোন গাওঁখনৰ প্ৰতি অৰ্থাৎ নিজৰ শিপাৰ প্ৰতি থকা সীমাহীন ভালপোৱা আৰু দায়বদ্ধতাই মাধাপাৰক উপনীত কৰোৱালে এছিয়াৰ সৰ্বাধিক চহকী গাওঁখনৰ স্থানত৷

Which is the richest village in Gujarat? - Quora
যি সময়ত ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ বহু পুঁজিপতিয়ে নিজৰ আৰ্জিত ধন ছুইজ বেংকত জমা থৈ বিতৰ্ক আৰু সন্দেহৰ আৱৰ্তত সোমাই পৰে সেই একে সময়তে এইসকলক প্ৰবাসী গুজৰাটীৰ নিজৰ জন্মভূমিৰ প্ৰতি থকা তীব্ৰ আকৰ্ষণ আৰু দায়বদ্ধতা দেশৰ উঠি অহা প্ৰজন্মৰ বাবে নিসন্দেহে অনুপ্ৰেৰণাৰ এক শক্তিশালী উৎস৷

Exit mobile version