গুৱাহাটীত উপস্থিত হোৱা দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক সাক্ষাৎ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰতিনিধি দলৰ

- Advertisement -
- Advertisement -
- Advertisement -

▪️গুৱাহাটীত উপস্থিত হোৱা দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক সাক্ষাৎ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰতিনিধি দলৰ
▪️এছআৰৰ নামত হোৱা হাৰাশাস্তিৰ কথা জনাই নিকা-স্বচ্ছ আৰু নিৰপেক্ষ নিৰ্বাচন পাতিবলৈ অনুৰোধ জনালে প্ৰদেশ কংগ্ৰেছে
▪️বিজেপিয়ে বিহুৰ আগতে নিৰ্বাচন শেষ হোৱাটো বিচাৰিছে, অসমৰ ৰাইজে নহ’লে বিহু মঞ্চত জুবিন গাৰ্গলৈ মনত পেলাবঃ ৰকিবুল হুছেইন
▪️নিৰ্বাচনৰ সময়ত পৰিৱেশটো যাতে উপ-নিৰ্বাচনৰ দৰে হিংসাত্মক হৈ নপৰে তাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছোঃ ৰিপুন বৰা

গুৱাহাটী, ১৭ ফেব্ৰুৱাৰীঃ দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক আজি গুৱাহাটীত সাক্ষাৎ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে কেতবোৰ গুৰুতৰ অভিযোগ দাখিল কৰে। সাংসদ ৰকিবুল হুছেইন আৰু ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ৰিপুন বৰাৰ নেতৃত্বত যোৱা এটা প্ৰতিনিধি দলে আজি গুৱাহাটীলৈ অহা দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তক সাক্ষাৎ কৰি ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ নামত সাধাৰণ মানুহক চৰকাৰীভাৱে কেনেকৈ হাৰাশাস্তি কৰা হৈছে তাৰ বিস্তৃত বিৱৰণ দাঙি ধৰে। গুৱাহাটীৰ ৰাজীৱ ভৱনত আজি এক সংবাদমেলৰ জৰিয়তে কংগ্ৰেছৰ দুয়োজন নেতাই অসম চৰকাৰৰ পৃষ্ঠপোষকতাত নিৰ্বাচন আয়োগে কিদৰে ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰি জীৱিত ব্যক্তিক মৃত সজাই ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিছে সেই সন্দৰ্ভত সবিশেষ তথ্য দাঙি ধৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাই সংবাদমেলত কয়, ”দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত তথা কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ দল গুৱাহাটীলৈ আহিছে৷ ৰেডিচন ব্লু হোটেলত বিভিন্ন ৰাজনৈতিক দলৰ সৈতে আগন্তুক নিৰ্বাচন সন্দৰ্ভত বিভিন্ন বিষয় আলোচনা কৰিছে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশত চাৰিগৰাকী প্ৰতিনিধিয়ে নিৰ্বাচন আয়োগৰ দলটোক সাক্ষাৎ কৰো৷ অসম প্ৰদেশ কংগ্ৰেছৰ স্থিতি, পৰামৰ্শ প্ৰদান কৰি আমি নিৰপেক্ষ আৰু নিকা-স্বচ্ছ নিৰ্বাচন পাতিবলৈ অনুৰোধ জনাইছো৷’’ অসমত বিজেপি চৰকাৰখনে যিধৰণৰ আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু আৰক্ষী-প্ৰশাসনক চৰকাৰে অপব্যৱহাৰ কৰিছে সেয়া যদি বাহাল থাকে তেন্তে নিৰ্বাচন যে স্বচ্ছ আৰু নিকা নহ’ব সেই কথাটোও নিৰ্বাচন আয়োগক সদৰী কৰা বুলি জানিবলৈ দিয়ে বৰাই। তেওঁ কয়, ”আমি কৈছো যে উপ-নিৰ্বাচন যেতিয়া চামগুৰিত হৈছিল তাত সন্ত্ৰাসৰ পৰিস্থিতি হৈছিল৷ সাংসদ ৰকিবুল হুছেইনক নিৰ্বাচনৰ আগত, প্ৰচাৰৰ সময়ত আৰু নিৰ্বাচনৰ পিছতো উপৰ্যপূৰি আক্ৰমণ কৰা হৈছিল৷ ঘৰত গৈ গুণ্ডাবাহিনীয়ে আক্ৰমণ কৰিছিল৷ শিৱামণি বৰা, নুৰুল হুদাকে ধৰহি ৭গৰাকী বিধায়কৰ গাড়ীত তেওঁলোকে আক্ৰমণ কৰি ভাঙি দিছিল৷ বিভিন্ন ঠাইত জোৰ-জবৰদস্তি ৰেগিং হৈছিল৷ এই কথাবোৰ আমি আয়োগক কৈছো৷ তেতিয়াও নিৰ্বাচন আয়োগৰ আচৰণবিধি তাত কাৰ্যকৰী হৈ আছিল৷ কিন্তু প্ৰশাসন নিৰ্বিকাৰ আছিল৷’’ সাংসদ হিচাপে ৰকিবুল হুছেইনে লোকসভাৰ অধ্যক্ষক তেওঁক আক্ৰমণৰ অভিযোগ দাখিল কৰিলে লোকসভাৰ অধ্যক্ষই অসমৰ গৃহ বিভাগযোগে বিহিত ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিছিল যদিও বিহিত ব্যৱস্থা আজিলৈকে গ্ৰহণ কৰা নহ’ল৷ এজাহাৰ দাখিল হ’ল, গোচৰ ৰুজু হ’ল কিন্তু কোনো ব্যৱস্থাই গ্ৰহণ কৰা নহ’ল বুলিও বৰাই ক্ষোভ ব্যক্ত কৰে৷ বৰাই কয় যে জিলাখনত সেইজন আৰক্ষী অধীক্ষক এতিয়াও আছে৷ এনেদৰেই যদি প্ৰশাসন চলি থাকে তেন্তে স্বচ্ছ আৰু নিকা নিৰ্বাচন নহয়৷ পঞ্চায়ত নিৰ্বাচনৰ সময়ৰ কথাও আমি নিৰ্বাচন আয়োগক অৱগত কৰো৷ শোণিতপুৰ জিলাত নদুৱাৰত কংগ্ৰেছ দলৰ পঞ্চায়তৰ প্ৰাৰ্থীক পদ্ম হাজৰিকাৰ গুণ্ডাই মনোনয়ন দাখিল কৰিবলৈ নিদিলে৷ বিডিঅ’ৰ সন্মুখতে সেই সসময়ৰ কংগ্ৰেছৰ জিলা সভাপতিক আক্ৰমণ কৰিছিল৷ কিন্তু আৰক্ষীয়ে কোনো বিহিত ব্যৱস্থা নল’লে৷ কিন্তু সেইজন আৰক্ষী অধীক্ষক শোণিতপুৰত আজিও আছে৷ আমি গৌৰৱ গগৈৰ যাত্ৰাৰ কথাও কৈছো৷ গৌৰৱ গগৈয়ে অসমজুৰি যি যাত্ৰা কৰিছো সেই যাত্ৰাতো বাধা দিয়া হৈছে৷ আমিনগাঁও, বটদ্ৰৱা থান, শোণিতপুৰ, বিহগুৰি, লখিমপুৰ মেডিকেল কলেজত বিজেপিৰ কৰ্মীয়ে বাধা দিছিল৷ মন্দিৰত সোমোৱাত বাধা দিছিল৷ আৰক্ষীৰ সন্মুখতে সকলো হৈছিল৷ কিন্তু আৰক্ষী নীৰৱ দৰ্শক হৈ আছিল৷ যদি আৰক্ষীয়ে নিৰপেক্ষভাৱে কাম নকৰে তেন্তে নিৰ্বাচন কেতিয়াও নিকা নহয়৷ বৰাই কয় যে নিৰ্বাচন আয়োগে প্ৰতিশ্ৰুতি দিছে যে ৰাজ্য চৰকাৰৰ ক্ষমতা চলি আছে, যিদিনাৰ পৰা ৰাজ্য চৰকাৰৰ কোনো ক্ষমতা নাথাকিব আৰু প্ৰশাসন নিৰ্বাচন আয়োগৰ হাতলৈ আহিব সিদিনাই কেতিয়াও এনে কাণ্ড হ’বলৈ নিদিও বুলি কৈছে৷ আনহাতে, ৰাজনৈতিক দলে সভা পাতিলে টকা দিবলগীয়া হোৱা কথাটো অৱগত কৰা বুলিও জনায় ৰিপুন বৰাই৷ তেওঁ কয়, ”ৰাজনৈতিক দলে টকা দি সভাৰ অনুমতি ল’বলগীয়া হৈছে৷ যদি এখন সভা পাতিলে টকা দিব লাগে তেন্তে গণতন্ত্ৰ ক’ত থাকিব? এটা অনুমতি ল’বৰ বাবে প্ৰথমে আৰক্ষী থানা, তাৰ পিছতে ডিচি, ডিচিৰ পৰা এছপি, এছপিৰ পৰা ডিচি আৰু ডিচিৰ পৰা ঘূৰি আহি থানা পায়৷ সভাৰ অনুমতি ল’বলৈ দীঘলীয়া ব্যৱস্থা৷ বিৰোধী দলক এনেকৈ হাৰাশাস্তি কৰা হৈছে৷ কিন্তু শাসকীয় দলক এইবোৰ নালাগে৷ আমি স্পষ্ট কৰি কৈছো যে নিৰ্বাচনত কিন্তু এয়া নচলিব৷ আমি ২৪ ঘণ্টাৰ ভিতৰতে সভাৰ আয়োজন কৰিব লাগিব৷ ইমান ব্যৱস্থাৰ মাজেৰে আমি কেনেকৈ সভাৰ আয়োজন কৰিম৷ এই ব্যৱস্থা জাপি দিয়া মানেই হৈছে বিৰোধীক প্ৰচাৰ কৰিব নোৱৰা কৰা৷ স্বেচ্ছাচাৰী ক্ষমতা ব্যৱহাৰ কৰি ৰাজনৈতিক দলৰ যি সাংবিধানিক ক্ষমতা আছে, সেই ক্ষমতা নাইকিয়া কৰিব খুজিছে৷ আমি এছআৰত কৰা হাৰাশাস্তিৰ কথা আৰু মুখ্যমন্ত্ৰীয়ে এছআৰত কেনেকৈ হস্তক্ষেপ কৰিছে সেই কথাও আমি জনাইছো৷’’ আনহাতে, সংবাদমেলত ৰকিবুল হুছেইনে কয়, ‘বিজেপিয়ে বিহুৰ আগতে নিৰ্বাচন শেষ হোৱাটো বিচাৰিছে, অসমৰ ৰাইজে নহ’লে বিহু মঞ্চত জুবিন গাৰ্গলৈ মনত পেলাব।’’ ১৯ ছেপ্টেম্বৰত জুবিন গাৰ্গৰ মৃত্যু হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কেনেকৈ গম পাইছিল বুলিও হুছেইনে প্ৰশ্ন কৰে। হুছেইনে আৰু কয়, ”আমি মুখ্য নিৰ্বাচনী আয়ুক্তক কৈছো যে দিল্লীত এখন সংবাদমেলত আপুনি অসমত এছআৰ নহয় বুলি কৈছিল৷ এছআৰত যিবোৰ নথি চোৱা হয় সেই নথি এনআৰচিত চোৱা হয় সেয়েহে অসমত এছআৰৰ নহয়৷ আমি সকলোৱে এই সিদ্ধান্তক স্বাগতম জনাইছিলো৷ তাৰ দুদিন পিছতে মুখ্যমন্ত্ৰী ডাঙৰীয়া দিল্লীলৈ গৈছিল আৰু এছআৰ আৰম্ভ হৈছিল।’’ স্পেচিয়েল ৰিভিজন কাৰ হেঁচাত হৈছিল বুলিও হুছেইনে প্ৰশ্ন কৰে৷

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,271FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
few clouds
31.5 ° C
31.5 °
31.5 °
61%
1.8m/s
13%
Sun
31 °
Mon
32 °
Tue
33 °
Wed
29 °
Thu
34 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
প্ৰতি ৭ জনৰ ভিতৰত এজন ব্যক্তি মানসিক ৰোগৰ চিকাৰ || #notun_somoy
02:23
Video thumbnail
১৬ সংখ্যক অসম বিধানসভাৰ আজি প্ৰথমটো দিন || #notun_somoy
05:49
Video thumbnail
ডি আৰ ডি অ’ৰ নতুন ড্ৰোন-মিছাইলৰ সফল পৰীক্ষা সম্পন্ন || #notun_somoy
02:04
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
00:51
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
02:23
Video thumbnail
নিট ইউজি বাতিলক লৈ উত্তাল বিৰোধী || #notun_somoy
02:31
Video thumbnail
অসমত একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ || #notun_somoy
03:07
Video thumbnail
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত বিপদসংকুল যাতাযাত || #notun_somoy
01:51
Video thumbnail
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy
04:10
Video thumbnail
আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy
02:09

শেহতীয়া আপডেটঃ