ৰশ্মিতা হোজাইৰ অকাল মৃত্যুৰ বিষয়ে উচিত তদন্তৰ দাবীৰে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীলৈ পত্ৰ গৌৰৱ গগৈৰ

- Advertisement -
- Advertisement -
- Advertisement -

নিউজ ডেস্ক: অসমৰ ডিমা হাছাও জিলাৰ বাসিন্দা তথা জীয়াৰী ৰশ্মিতা হোজাইৰ কি পৰিস্হিতিত কেনেকৈ উত্তৰাখণ্ডত দুঃখজনক আৰু অকাল মৃত্যু হ’ল সেই বিষয়ে উচিত তদন্ত কৰি দোষীক কৰায়ত্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আৰু মৃত ৰশ্মিতা হোজাইৰ পৰিয়ালক ন্যায় প্ৰদান কৰাৰ উদ্দেশ্যে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামীলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে শুকুৰবাৰে এক পত্ৰ প্ৰেৰণ কৰিছে।

সভাপতি গৰাকীয়ে প্ৰত্ৰযোগে কয় যে – ৰশ্মিতা হোজাই ২০২৫ চনৰ ৫ জুন তাৰিখে ৰেলৱে ৰিক্ৰুটমেণ্ট ব’ৰ্ড (RRB) পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে দিল্লীলৈ গৈছিল আৰু সেই দিনাই তেওঁ নিৰুদ্দেশ হৈছিল। কিন্তু অতি দুখজনক কথা যে, ২০২৫ চনৰ ১০ জুন তাৰিখে তেওঁৰ মৃতদেহ উত্তৰাখণ্ডৰ পউৰি গঢ়ৱাল জিলাত উদ্ধাৰ হয়।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, পৰীক্ষাৰ পিছত ৰশ্মিতাৰ সৈতে শেষবাৰৰ বাবে যি দুজন ব্যক্তিক দেখা গৈছিল, তেওঁলোকে তেওঁক লৈ উত্তৰাখণ্ডলৈ গৈছিল। তাৰ পাছতেই তেওঁৰ মৃতদেহ পউৰিৰ গংগাৰ পাৰত পোৱা যায়। তেওঁৰ নিৰুদ্দেশ হোৱা আৰু তাৰ পাছত হোৱা মৃত্যুৰ পৰিস্থিতিসমূহ যথেষ্ট সন্দেহজনক আৰু ই তেওঁৰ পৰিয়াল, বন্ধুবৰ্গ আৰু সমাজৰ মাজত গভীৰ চিন্তা আৰু উদ্বেগৰ সৃষ্টি কৰিছে।

এই প্ৰেক্ষাপটত, মই আপোনাৰ ওচৰত বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে এই ঘটনাটোৰ এক তৎপৰ, স্বচ্ছ আৰু গভীৰ অনুসন্ধান আৰম্ভ কৰা হয়। এই ঘটনাৰ সকলো দিশ নিখুঁতভাৱে তদন্ত কৰি, যিসকল দোষী, তেওঁলোকক আইনৰ আওতালৈ অনাতো অতিশয় প্রয়োজনীয়। বিশেষকৈ শিক্ষাগত আৰু পেচাগত কাৰ্যসূচীৰ বাবে অন্য ৰাজ্যৰ পৰা অহা লোকসকলৰ সুৰক্ষা নিশ্চিত কৰা আমাৰ কৰ্তব্য।

সেয়ে মই আপোনাৰ মাননীয় কাৰ্যালয়ৰ পৰা ব্যক্তিগতভাৱে এই ঘটনাটোৰ বিশেষভাবে গুৰুত্ব প্ৰদান কৰি নিৰীক্ষণ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু ক্ষিপ্ৰতাৰে তদন্ত সম্পন্ন কৰি মৃত ৰশ্মিতাৰ পৰিয়ালক ন্যায় প্ৰদান কৰাৰ বাবে সংশ্লিষ্ট কর্তৃপক্ষক নিৰ্দেশ দিবলৈ অনুৰোধ জনাইছো।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,272FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
scattered clouds
26.6 ° C
26.6 °
26.6 °
81%
0.6m/s
48%
Sun
26 °
Mon
33 °
Tue
32 °
Wed
33 °
Thu
34 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
প্ৰতি ৭ জনৰ ভিতৰত এজন ব্যক্তি মানসিক ৰোগৰ চিকাৰ || #notun_somoy
02:23
Video thumbnail
১৬ সংখ্যক অসম বিধানসভাৰ আজি প্ৰথমটো দিন || #notun_somoy
05:49
Video thumbnail
ডি আৰ ডি অ’ৰ নতুন ড্ৰোন-মিছাইলৰ সফল পৰীক্ষা সম্পন্ন || #notun_somoy
02:04
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
00:51
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
02:23
Video thumbnail
নিট ইউজি বাতিলক লৈ উত্তাল বিৰোধী || #notun_somoy
02:31
Video thumbnail
অসমত একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ || #notun_somoy
03:07
Video thumbnail
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত বিপদসংকুল যাতাযাত || #notun_somoy
01:51
Video thumbnail
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy
04:10
Video thumbnail
আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy
02:09

শেহতীয়া আপডেটঃ