পাক-ভাৰতৰ ভৱিষ্যৎ যুদ্ধ পাৰমাণৱিক অস্ত্ৰৰ দিশলৈ যাব নেকি ?

- Advertisement -
- Advertisement -
- Advertisement -

বিশেষ প্ৰতিবেদনঃ

  • ‘অপাৰেচন সেন্দুৰ’ কেৱল এক সামৰিক জয়েই নহয়, বৰঞ্চ দক্ষিণ এছিয়াৰ ভৱিষ্যৎ নিৰাপত্তাৰ এক সতৰ্কবাণী৷

    ‘অপাৰেচন সেন্দুৰে’ দেখুৱালে যে ভৱিষ্যতৰ যুদ্ধবোৰ হ’ব দীৰ্ঘ দূৰত্বৰ অস্ত্ৰ, ড্ৰোন আৰু সুসংহত তথ্য প্ৰযুক্তিৰ যুদ্ধ৷

    ভাৰতে নিজৰ আকাশী আধিপত্য প্ৰতিষ্ঠা কৰি পাকিস্তানক যুদ্ধবিৰতি ল’বলৈ বাধ্য কৰোৱাটো আছিল এক কৌশলগত বিজয়৷

পাকিস্তানত ভাৰতৰ আক্ৰমণ সেন্দুৰ অপাৰেচনৰ সময়ত

   দক্ষিণ এছিয়াৰ আকাশত বাৰুদৰ গোন্ধ আৰু যুদ্ধৰ ৰণডংকা নতুন কথা নহয়৷

   কিন্তু ২০২৫ৰ মে’ মাহত সংঘটিত হোৱা ভাৰত আৰু পাকিস্তানৰ মাজৰ আকাশী যুদ্ধই সামৰিক ইতিহাসত এক নতুন সমীকৰণৰ সৃষ্টি কৰিছিল৷

   মাত্ৰ ৮৮ ঘণ্টা ধৰি চলি থকা এই তীব্ৰ সংঘাত কেৱল দুখন দেশৰ মাজৰ গুলীয়াগুলী নাছিল, ই আছিল এক আধুনিক প্ৰযুক্তি, কৌশলগত পৰিৱৰ্তন আৰু পাৰমাণৱিক শক্তিধৰ ৰাষ্ট্ৰৰ মাজত হ’ব পৰা যুদ্ধৰ এক বাস্তৱধৰ্মী আখৰা৷

  • ৭ মে’ৰ নিশা ভাৰতীয় বায়ু সেনাই পাকিস্তানৰ বাহাৱালপুৰ আৰু মুৰিদকেত থকা জৈছ-ই-মহম্মদ আৰু লস্কৰ-ই-তৈবাৰ ঘাটিত নিখুঁত আক্ৰমণ চলাইছিল৷
  • পাকিস্তানে বিশেষকৈ চীনা প্ৰযুক্তিৰে নিৰ্মিত দীৰ্ঘ দূৰত্বৰ পি এল-১৫ মিছাইল আৰু এৰিয়াই ‘আৰলি ৱাৰ্মিং’ ব্যৱস্থাৰ সহায়ত প্ৰতিৰোধ কৰিছিল৷
  • ভাৰতৰ আক্ৰমণৰ প্ৰত্যুত্তৰত পাকিস্তানে ‘অপাৰেচন বুলিয়ান-ঊল-মাৰ্চুছ’ আৰম্ভ কৰিছিল৷ য’ত পাকিস্তানে তিনিশৰো অধিক ড্ৰোন আৰু মিছাইল ব্যৱহাৰ কৰিছিল৷
সেন্দুৰ অপাৰেচনৰ সময়ত ভাৰতৰ মিছাইল আক্ৰমণ
  • ভাৰতৰ ‘ইণ্টিগ্ৰেটেড এয়াৰ কমাণ্ড এণ্ড কণ্ট্ৰল চিষ্টেম’ আৰু আকাশতীৰ ব্যৱস্থাৰ শ্ৰেষ্ঠত্ব প্ৰমাণিত কৰিছিল৷
  • পাকিস্তানৰ অত্যাধুনিক চি এম-৪০০ এ কে জি মিছাইল আৰু তুৰস্কৰ নিৰ্মিত ড্ৰোনবোৰেও ভাৰতৰ সুৰক্ষা বলয় ভেদ কৰিবলৈ সক্ষম নহ’ল৷

   ১০ মে’ৰ দিনা ভাৰতে অতি আক্ৰমণত্মক স্থিতি গ্ৰহণ কৰি যুদ্ধৰ গতি সলনি কৰি দিলে৷

  • ব্ৰাহ্মোছ, স্কাল্প আৰু ৰেমপেজৰ দৰে দীৰ্ঘ দূৰত্বৰ মিছাইল ব্যৱহাৰ কৰি ভাৰতে পাকিস্তানৰ চৰগোধা, জাকোবাবাদ আৰু মিয়ানৱালীৰ দৰে গুৰুত্বপূৰ্ণ বিমান ঘাটিবোৰত প্ৰচণ্ড আঘাত হানিলে৷
  • চৰগোধাৰ ওচৰৰ কিৰানা হিলছত থকা পাৰমাণৱিক ভঁৰাল বুলি সন্দেহ কৰা স্থানতো আঘাতৰ চিন স্পষ্ট হৈ পৰিছিল৷
  • এই প্ৰচণ্ড প্ৰত্যাক্ৰমণৰ ফলত পাকিস্তানৰ কেইবাখনো যুঁজাৰু বিমান, ড্ৰোন আৰু গুৰুত্বপূৰ্ণ কমাণ্ড চেণ্টাৰ ধ্বংসপ্ৰাপ্ত হয়৷

   পূৰ্বতে কেৱল সন্ত্ৰাসবাদীৰ ওপৰত আক্ৰমণ কৰাৰ পৰিৱৰ্তে এইবাৰ ভাৰতে সন্ত্ৰাসবাদক সমৰ্থন দিয়া চৰকাৰী অনুষ্ঠান আৰু সামৰিক ঘাটিবোৰকো লক্ষ্য কৰি ল’লে৷

  • ‘অপাৰেচন সেন্দুৰ’ৰ পিছত দুয়োখন দেশৰ মাজত পাৰমাণৱিক যুদ্ধৰ আশংকাও বৃদ্ধি পালে৷

যিহেতু পাকিস্তানে ভাৰতৰ পৰম্পৰাগত সামৰিক শক্তিৰ লগত ফেৰ মাৰিবলৈ অপাৰগ, তেনে ক্ষেত্ৰত ভৱিষ্যতে পাক-ভাৰতৰ ভৱিষ্যত যুদ্ধ পাৰমাণৱিক অস্ত্ৰৰ ভাবুকিৰ দিশলৈ যাব পাৰে নেকি?

‘অপাৰেচন সেন্দুৰে’ প্ৰমাণ কৰিলে যে শক্তিৰ পথ বৰ ঠুকুকা আৰু যিকোনো মুহূৰ্ততে এটা সৰু স্ফুলিংগই এক ভয়ংকৰ দাবানলৰ সৃষ্টি কৰিব পাৰে৷

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,273FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
clear sky
28 ° C
28 °
28 °
77%
3.5m/s
6%
Sun
31 °
Mon
32 °
Tue
33 °
Wed
29 °
Thu
34 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
প্ৰতি ৭ জনৰ ভিতৰত এজন ব্যক্তি মানসিক ৰোগৰ চিকাৰ || #notun_somoy
02:23
Video thumbnail
১৬ সংখ্যক অসম বিধানসভাৰ আজি প্ৰথমটো দিন || #notun_somoy
05:49
Video thumbnail
ডি আৰ ডি অ’ৰ নতুন ড্ৰোন-মিছাইলৰ সফল পৰীক্ষা সম্পন্ন || #notun_somoy
02:04
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
00:51
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
02:23
Video thumbnail
নিট ইউজি বাতিলক লৈ উত্তাল বিৰোধী || #notun_somoy
02:31
Video thumbnail
অসমত একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ || #notun_somoy
03:07
Video thumbnail
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত বিপদসংকুল যাতাযাত || #notun_somoy
01:51
Video thumbnail
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy
04:10
Video thumbnail
আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy
02:09

শেহতীয়া আপডেটঃ