25 C
Guwahati
Saturday, October 5, 2024

Buy now

অসমত সম্ভাৱনাপূৰ্ণ বৰ্ষাকালীন তৈলবীজ শস্য ছয়াবিন ✒️ ডঃ প্ৰদীপ চহৰীয়া

- Advertisement -
- Advertisement -
- Advertisement -

Soybean | Health Benefits of Soybean dgtl - Anandabazar

ছয়াবিন (Glycine max) এবিধ মুখ্য তৈলবীজ শস্য৷ আবাদী ছয়াবিন খ্ৰীষ্টাব্দ ২৮০০১ সময়ত চীন দেশত প্ৰথমে খেতি কৰা হৈছিল৷ সোতৰশ খ্ৰীষ্টাব্দত ইউৰোপ মহাদেশ আৰু আমেৰিকাত ইয়াৰ খেতি কৰা হয়৷ খ্ৰীষ্টাব্দ কুৰি শতিকাৰ সত্তৰ দশকত ছয়াবিনৰ খেতি ভাৰতবৰ্ষত প্ৰথমে প্ৰচলন হয়৷
অসম কৃষি বিশ্ববিদ্যালয় যোৰহাট চৌহদত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অধীনত এখন সৰ্বভাৰতীয় সমন্বিত ছয়াবিন আঁচনিৰ বহু বছৰৰ পৰা গৱেষণা কৰি থকা হৈছে৷ এই গৱেষণা আঁচনিৰ ফলত বিভিন্ন সঁচ উদ্ভাৱন অথবা বাছনি কৰা হৈছে৷ তাৰোপৰি বিভিন্ন কৃষি প্ৰণালী যেনে ধান সিঁচাৰ সময়, সাৰ প্ৰয়োগ, বন-বাত নিৰণি, ৰোগ নিৰাময় আৰু পোক-পতঙ্গৰ নিয়ন্ত্ৰণ আদি ব্যৱস্থাৰ অনুমোদন দিয়া হৈছে৷ উক্ত আঁচনিখন বৰ্তমান বিশ্বনাথ কৃষি মহাবিদ্যালয়ত ২০০২ চনৰ পৰা ৰূপায়িত হৈ আছে৷ এই আঁচনিৰ অধীনত এতিয়ালৈকে ১২বিধ ছয়াবিনৰ উন্নত জাত অসমৰ মাটি আৰু জলবায়ুৰ উপযোগী হোৱাকৈ নিৰ্বাচন কৰা হৈছে৷
ছয়াবিন বিশেষকৈ মাংসসাৰ আৰু খোৱা তেলৰ উৎসৰ বাবে উল্লেখযোগ্য ছয়াবিন বীজত শতকৰা ২০ভাগ তেল আৰু শতকৰা ৪০-৪২ভাগ মাংসসাৰ থাকে৷ ছয়াবিন তেল খোৱা তেল হিচাপে ৰন্ধা-বঢ়াত ব্যৱহাৰ হোৱাৰ উপৰি বিভিন্ন উদ্যোগ যেনে চাবোন আৰু বিভিন্ন ৰং প্ৰস্তুতকৰণত বিস্তৃতভাৱে ব্যৱহাৰ হয়৷ আজিকালি বজাৰত ছয়াবিন গাখীৰ, ছয়াবিন চচ, ছয়াবিন আটা আদি বিভিন্ন খাদ্যসামগ্ৰী পোৱা যায়৷ ছয়াবিন গাখীৰৰ পৰা বিভিন্ন প্ৰকাৰৰ মিঠাই প্ৰস্তুত কৰা হয়৷ ছয়াবিন উৰহী জাতীয় [Leguminous] হোৱা বাবে বীজত থকা লাইচিন [Lysine] এবিধ প্ৰধান এমিন’ এচিড৷

सोयाबीन - विकिपीडिया
ভাৰতবৰ্ষৰ মুঠ ছয়াবিন উৎপাদনৰ শতকৰা ৫০ভাগ অকল মধ্যপ্ৰদেশ ৰাজ্যই উৎপাদন কৰে৷ অন্যান্য মুখ্য উৎপাদনকাৰী ৰাজ্যকেইখন হ’ল মহাৰাষ্ট˜, ৰাজস্থান, অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটক৷
ছয়াবিন আৰু মাকৈৰ মিশ্ৰণ কুকুৰাৰ [Poultry] উকৃষ্ট খাদ্য৷
গৱেষণাৰ পৰা দেখা গৈছে যে অসমত ছয়াবিন পৰীক্ষামূলক খেতিত পোৱা উৎপাদন যথেষ্ট বেছি৷ ইয়াৰ পৰা বুজা যায় যে ছয়াবিন খেতিৰ অসমত যথেষ্ট সম্ভাৱনা আছে৷ অৱশ্যে ছয়াবিন খেতিত কেইটামান বিশেষ অন্তৰায় থকাৰ বাবে এই খেতিয়ে বিস্তাৰ লাভ কৰা নাই৷ প্ৰধান অন্তৰায়সমূহ হ’ল–

[১] ছয়াবিনৰ মাটি প্ৰস্তুতি আৰু বীজ সিঁচা বাৰিষাকালত হোৱা বাবে বিশেষ অসুবিধা
[২] ছয়াবিন গোটাকৈ খাব নোৱাৰা বাবে তৈয়াৰী খাদ্য [Processed food] ব্যৱস্থা নথকা
[৩] অসম ধানপ্ৰধান শস্যৰ ৰাজ্য হোৱা হেতুকে এই শস্যত কম গুৰুত্ব
[৪] জলবায়ুত আদ্ৰৰ্তা বেছি থকা বাবে বীজৰ অঙ্কুৰণ ক্ষমতা সোনকালে হ্ৰাস পায়
ছয়াবিন খেতি বিভিন্ন জলবায়ু আৰু মাটিত কৰিব পাৰি যদিও বালিঅঁহীয়া আৰু আলতীয়া মাটিত এই খেতি ভাল হয়৷ ছয়াবিন খেতি ঘাইকৈ গ্ৰীষ্মকালত আৰু বসন্তকালত কৰা হয়৷ ছয়াবিনৰ বীজ সিঁচাৰ সময় যদিও কৃষি জলবায়ু পৰিমণ্ডল ভেদে বেলেগ বেলেগ তথাপি মে’-জুন মাহেই বীজ সিঁচাৰ উত্তম সময়৷

Soya Chunk And Green Peas Sabzi Recipe

ছয়াবিনৰ কৃষিকাল সঁচভেদে ৯০-১২০ দিন৷ ছয়াবিন ক্ৰান্তীয় (Tropical) বতৰৰ শস্য হোৱা বাবে বিভিন্ন শস্যৰ লগত অনুক্ৰম [Sequential Crohping] শস্যাক্ৰম, আন্তঃশস্যাকৰণ [Intercrohping] শস্যাক্ৰম পদ্ধতিত কৰা খেতিৰ বাবে অতি উপযুক্ত৷ ছয়াবিন অনুক্ৰম শস্য হিচাপে ঘেঁহু, মটৰ, সৰিয়হ, আলু, মচুৰ আদি সকলো শীতকালীন শস্যৰ লগত একেডৰা মাটিতে কৰিব পাৰি৷ মিশ্ৰিত শস্যাকৰণ [Mixed Crohping] পদ্ধতিত ৰহৰ মাহ, মাকৈ, বাদাম, তিল আদি অনেক শস্যৰ লগত ছয়াবিন শাৰী পদ্ধতিত কৰিব পাৰি৷
বৰষুণ বতৰৰ ওপৰত নিৰ্ভৰশীল ছয়াবিন খেতিত প্ৰতি হেক্টৰত ১৬১ পৰা ২০ কুইণ্টল আৰু জলসিঞ্চনৰ দ্বাৰা কৰা খেতিত ২০১ পৰা ২৫ কুইণ্টল উৎপাদন পোৱা যায়৷

Download-Here (1)

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

10,334FansLike
0FollowersFollow
22,000SubscribersSubscribe
- Advertisement -
Assam
overcast clouds
23.1 ° C
23.1 °
23.1 °
98 %
1.2kmh
100 %
Sat
28 °
Sun
26 °
Mon
28 °
Tue
30 °
Wed
29 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
৪ আৰু ৫ অক্টোবৰত সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ ৰাজ্যজুৰি কৰ্মবিৰতি ঘোষণা || #notun_somoy
05:24
Video thumbnail
অসমৰ বড়ো সম্প্ৰদায়ৰ ৮ টা সামগ্ৰীলৈ ভৌগোলিক সূচকাংক তথা (GI Tag) প্ৰদান || #notun_somoy
04:05
Video thumbnail
দ্যা চাইলেণ্ট উইটনেছঃ এ ট্ৰি’ছ প্লি ফৰ চাৰ্ভাইভেল || #notun_somoy
07:27
Video thumbnail
|| notun_somoy || কাব্য চেতনা কবিৰ একচেতীয়া সম্পত্তি নহয়
04:59
Video thumbnail
পৰ্যটন খণ্ডত উজলিছে মণিপুৰৰ এখন ইতিহাস সমৃদ্ধ গাঁও || #notun_somoy
06:54
Video thumbnail
ভাৰতীয় ক্ৰিকেটৰ মিৰাক’ল মেন-ঋষভ পণ্ট || #notun_somoy
06:37
Video thumbnail
■ বিশ্বৰ ভিন্ন প্ৰান্তৰ কেইটামান খবৰ || #notun_somoy
01:59
Video thumbnail
হলৌ বান্দৰৰ বাসভূমিৰ ওপৰত পুঁজিপতিৰ আক্ৰমণ || #notun_somoy
02:17
Video thumbnail
তেলিয়াগাঁৱত বন্যহস্তীৰ উপদ্ৰৱত বিঘাই বিঘাই ধান খেতি বিনষ্ট || #notun_somoy
03:58
Video thumbnail
|| #notun_somoy || স্বদেশ সংবাদ | SAWDESH SANBAD
02:32

শেহতীয়া আপডেটঃ