আজি ‘বিশ্ব গঁড় দিৱস’ ■ সমগ্ৰ বিশ্বতে ৫টা গঁড়ৰ প্ৰজাতিৰ গঁড় পোৱা যায়

- Advertisement -
- Advertisement -
- Advertisement -

■ সমগ্ৰ বিশ্বতে ৫টা গঁড়ৰ প্ৰজাতিৰ গঁড় পোৱা যায়
■ অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২৬০০ৰো অধিক এশিঙীয়া গঁড় আছে
● প্ৰণৱজ্যোতি গগৈ

আজি ২২ ছেপ্টেম্বৰ, আজিৰ দিনটোতেই বিশ্বজুৰি উদযাপন কৰা ‘বিশ্ব গঁড় দিৱস’। এই দিনটোৱে সমগ্ৰ বিশ্বতে গঁড় সংৰক্ষণৰ প্ৰাসংগিকতাক প্ৰতিফলিত কৰে।

■ পাঁচটা গঁড়ৰ প্ৰজাতি
পৃথিৱীত গঁড়ৰ মুঠ পাঁচটা প্ৰজাতিৰ আছে। সেই প্ৰজাতি কেইটা হ’ল-


১) Indian One-Horned Rhino (Rhinoceros unicornis) – এটা খৰ্গ থকা এই প্ৰজাতিৰ গঁড় প্ৰধানকৈ ভাৰত আৰু নেপালত পোৱা যায়।
২) Javan Rhino (Rhinoceros sondaicus) – ইণ্ডোনেছিয়াৰ এক সীমিত অঞ্চলত এইবিধ গঁড়ৰ উপস্থিতি পোৱা যায়।
৩) Sumatran Rhino (Dicerorhinus sumatrensis) – এই প্ৰজাতিৰ গঁড় হৈছে আটাইতকৈ সৰু প্ৰজাতিৰ গঁড়। ইয়াক বিশেষকৈ ইণ্ডোনেছিয়াত পোৱা যায়।
৪) Black Rhino (Diceros bicornis) – এই প্ৰজাতিৰ গঁড় মূলত পূব আৰু দক্ষিণ আফ্ৰিকাৰ স্থানীয়।
৫) White Rhino (Ceratotherium simum) – এই প্ৰজাতিৰ গঁড় আফ্ৰিকাৰ স্থানীয় আৰু ই মূলত দুটা উপ-প্ৰজাতিত বিভক্ত। Southern White Rhino আৰু critically endangered Northern White Rhino.
গঁড়ৰ এই প্ৰজাতিবোৰে এসময়ত এছিয়া আৰু আফ্ৰিকাৰ বিশাল বিস্তৃত অঞ্চলত বিচৰণ কৰিছিল। কিন্তু আজি অবাধ হাৰত চোৰাং চিকাৰ আৰু বাসস্থানৰ সংকোচনে ইহঁতৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।

■ অসমৰ এটা খৰ্গ থকা গঁড়
ভাৰতীয় এশিঙীয়া গঁড়। এসময়ত বিলুপ্তিৰ পথত থকা এই প্ৰজাতিৰ গঁড় চৰকাৰ প্ৰশাসন তথা প্ৰকৃতিপ্ৰেমী সংস্থা সমূহৰ সংৰক্ষণৰ প্ৰচেষ্টাৰ বাবেই সংখ্যা বৃদ্ধি হৈছে। আজি অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২৬০০ৰো অধিক এশিঙীয়া গঁড় আছে, যিটো বিশ্বৰ মুঠ গঁড়ৰ সংখ্যাৰ ৭০%তকৈও অধিক।

অসমত দশক দশক ধৰি গঁড় সংৰক্ষণক অগ্ৰাধিকাৰ দি অহা হৈছে, এই ক্ষেত্ৰত প্ৰজেক্ট ৰাইন’ৰ দৰে পদক্ষেপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। অৱশ্যে, ইয়াৰ পাছতো অসমৰ গঁড় চোৰাং চিকাৰী চিকাৰৰ বলি নোহোৱাকৈ থকা নাই। অবৈধ বন্যপ্ৰাণীৰ বজাৰত গঁড়ৰ খৰ্গৰ ঔষধি গুণ আছে বুলি ভুৱা জনবিশ্বাসৰ বাবেই গঁড় হত্যা কৰা হয়। উল্লেখযোগ্য যে অসম চৰকাৰৰ চোৰাং চিকাৰ বিৰোধী শক্তিশালী আইন তথা প্ৰশাসন ব্যৱস্থাৰ ফলত যোৱা কেইবছৰমানৰ পৰা চোৰাং চিকাৰৰ ঘটনা যথেষ্ট পৰিমাণে হ্ৰাস পাইছে।

■ Northern White Rhino
গঁড়ৰ প্ৰজাতি সমূহৰ আফ্ৰিকাত থকা গঁড়ৰ এক অন্যতম প্ৰজাতি হৈছে Northern White Rhino. এই প্ৰজাতিৰ গঁড় সমগ্ৰ পৃথিৱীতে মাত্ৰ দুটা হে জীৱীত অৱস্থাত আছে। বৰ্তমান ‘নাজিন’ আৰু ‘ফাটো’ নামেৰে নামকৰণ কৰা দুজনী মাইকী গঁড় হে জীয়াই আছে। এই উপ-প্ৰজাতিটোক বিলুপ্ত বুলি গণ্য কৰা হয়। Northern White Rhino ৰ শেষৰটো মতা গঁড় ‘চুডানে’ ২০১৮ চনত বৰ্তমান জীৱিত দুই মাইকী গঁড়ক এৰি কেনিয়াৰ এখন সংৰক্ষিত অভয়াৰণ্যত মৃত্যুবৰণ কৰে।
বৰ্তমান সময়ত এই প্ৰজাতিটোক পুনৰুদ্ধাৰ কৰাৰ আশাৰে উন্নত প্ৰজনন কৌশল যেনে ‘ইন ভিট্ৰ’ ফাৰ্টিলাইজেচন’ ব্যৱহাৰ কৰাৰ প্ৰচেষ্টা অব্যাহত আছে। Northern White Rhino পৰিস্থিতিয়ে আমাক সোঁৱৰাই দিছে যে পলম হোৱাৰ আগতেই বন্যপ্ৰাণী বিধক সুৰক্ষা দিয়াটো অতি প্ৰয়োজনীয়।

■ সংৰক্ষণৰ প্ৰচেষ্টা
বিশ্বজুৰি গঁড় সংৰক্ষণৰ প্ৰচেষ্টাত কিছু সফলতা দেখা গৈছে। Southern White Rhino আৰু Indian One Horned Rhino পুনৰুদ্ধাৰৰ ক্ষেত্ৰত যথেষ্ট উন্নত ফলাফল লাভ কৰিব পৰা গৈছে। ৰাষ্ট্ৰীয় উদ্যান, চোৰাং চিকাৰ বিৰোধী সংগঠন আৰু সজাগতা অভিযানৰ জৰিয়তে গঁড় সুৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব পাৰি।
গঁড় সংৰক্ষণৰ উদ্দেশ্যৰে ২০০৫ চনত ভাৰতত প্ৰজেক্ট ৰাইনো আৰু অসমত গঁড় সুৰক্ষা টাস্ক ফ’ৰ্চৰ দৰে পদক্ষেপ ভাৰতত এই বন্যপ্ৰাণী বিধৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। ইফালে, আফ্ৰিকাত গ্ৰহণ কৰা প্ৰচেষ্টাসমূহৰ ভিতৰত আছে স্থানান্তৰ কাৰ্যসূচী আৰু সম্প্ৰদায়ৰ নেতৃত্বত সংৰক্ষণ প্ৰকল্প য’ত স্থানীয় লোকসকলক বন্যপ্ৰাণী সুৰক্ষাৰ বাবে ক্ষমতা প্ৰদান কৰা হয়।

■ চোৰাং চিকাৰৰ সমস্যা
সাম্প্ৰতিক সময়ত এই বন্যপ্ৰাণী বিধৰ বাবে এটা ডাঙৰ ভাবুকি হৈছে চোৰাং চিকাৰ। এছিয়াৰ কিছু অংশত ইয়াৰ কল্পিত ঔষধি গুণৰ বিষয়ে থকা অন্ধ বিশ্বাসৰ ফলত গঁড়ৰ খৰ্গ অবৈধ বজাৰত অতিৰিক্ত দামত বিক্ৰী হয়। বছৰ বছৰ ধৰি হাজাৰ হাজাৰ গঁড়ক কেৱলমাত্ৰ খৰ্গৰ বাবে বধ কৰা হৈছে।
অসমত চোৰাং চিকাৰ বিৰোধী কঠোৰ আইনৰ লগতে ড্ৰ’ন আৰু টহলদাৰীৰ দৰে প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত চোৰাং চিকাৰ যথেষ্ট পৰিমানে হ্ৰাস পাইছে। ২০২১ চনত অসমত ২৫০০টা গঁড়ৰ খৰ্গ জ্বলোৱা ঘটনাই বিশ্ববাসীক চোৰাং চিকাৰ আৰু বন্যপ্ৰাণী অপৰাধৰ প্ৰতি ৰাজ্যৰ শূন্য সহনশীলতা নীতিৰ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছিল। সুদীৰ্ঘ ৪৫ বছৰৰ মূৰত ২০২২ বৰ্ষত এটাও গঁড় চোৰাং চিকাৰী হাতত নিধন নোহোৱাৰ তথ্য পোৱা গৈছে।

■ ভৱিষ্যতৰ পদক্ষেপ
গঁড়ৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে কেইবাটাও পদক্ষেপ অতি গুৰুত্বপূৰ্ণ। এই ক্ষেত্ৰত অৱলম্বন কৰিব পৰা কিছুমান মূল কৌশল হৈছেঃ

১) সংৰক্ষিত এলেকা সম্প্ৰসাৰণ – অসমৰ মানস, পবিতৰা, ওৰাঙৰ দৰে উদ্যানসমূহ গঁড়ৰ বাবে অতি গুৰুত্বপূৰ্ণ আশ্ৰয়স্থল, কিন্তু এই বাসস্থানসমূহ সম্প্ৰসাৰণ কৰি বন্যপ্ৰাণীৰ কৰিড’ৰ সৃষ্টি কৰিলে গঁড়ৰ সংখ্যা বৃদ্ধিত সহায়ক হ’ব।
২) জিনীয় সংৰক্ষণ – Northern white Rhino ৰ বাবে ‘ইন ভিট্ৰ’ ফাৰ্টিলাইজেচন’ৰ দৰে প্ৰকল্প বিলুপ্তিৰ পথত থকা প্ৰজাতিবোৰক ঘূৰাই অনাৰ বাবে অতি গুৰুত্বপূৰ্ণ।
৩) সম্প্ৰদায়ৰ জড়িততা – সংৰক্ষণৰ ক্ষেত্ৰত স্থানীয় সম্প্ৰদায়ক জড়িত কৰাটো যথেষ্ট গুৰুত্বপূৰ্ণ। স্থানীয় লোকসকলক গঁড়ক সুৰক্ষা দিয়াৰ বাবে শিক্ষা আৰু উৎসাহ প্ৰদান কৰিলে বহনক্ষম সংৰক্ষণৰ প্ৰচেষ্টা আৰম্ভ হ’ব।
৪) অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে যুঁজ দিয়া–অবৈধ বন্যপ্ৰাণী ব্যৱসায় নেটৱৰ্ক বন্ধ কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় সহযোগিতা অব্যাহত ৰখাৰ প্ৰয়োজন।
৫) গঁড় স্থানান্তৰ কাৰ্যসূচী – গঁড়ৰ সংখ্যা কমি অহা অঞ্চললৈ স্থানান্তৰিত কৰিলে ইহঁতৰ সংখ্যা বৃদ্ধি কৰাত সহায়ক হ’ব

■ গঁড়ৰ বিষয়ে আচৰিত তথ্য
গঁড়ৰ বিষয়ে কেইটামান আচৰিত তথ্য হৈছে –
● গঁড়ৰ খৰ্গ কেৰাটিনৰ পৰা তৈয়াৰ কৰা হয়, যিয়ে প্ৰ’টিন মানুহৰ চুলি আৰু নখ ও গঠন কৰে
● বিশাল আকাৰৰ সত্ত্বেও গঁড়ে ঘণ্টাত ৪০-৫০ কিলোমিটাৰ পৰ্যন্ত বেগেৰে দৌৰিব পাৰে!
● ভাৰতীয় এটা খৰ্গযুক্ত গঁড় ৪০ বছৰ পৰ্যন্ত জীয়াই থাকে
● গঁড়ৰ ছাল অবিশ্বাস্যভাৱে কঠিন, ই কৱচৰ দৰে, কিন্তু ই ৰ’দত জ্বলন-পুৰণ আৰু পোক-পৰুৱাৰ কামোৰৰ প্ৰতিও সংবেদনশীল। সেয়েহে আই প্ৰায়ে গঁড়ক বোকাত ঘুলি মাৰি থকা দেখিবলৈ পাওঁ—এই কার্যই গঁড়ক ছালখন ঠাণ্ডা আৰু সুৰক্ষা দিয়ে।
● Javan Rhino আটাইতকৈ সংকটজনকভাৱে বিপন্ন হৈ পৰিছে। এই প্ৰজাতিৰ গড় বনাঞ্চল মাত্ৰ প্ৰায় ৮০টা মানহে বাকী আছে। সাধাৰণতে ইণ্ডোনেছিয়াৰ উজুং কুলন ৰাষ্ট্ৰীয় উদ্যানত এই প্ৰজাতিৰ গঁড় পোৱা যায়৷

আমি বিশ্ব গঁড় দিৱস উদযাপন কৰাৰ সময়ত মনত ৰাখিব লাগে যে এই বন্যপ্ৰাণী বিধ ৰক্ষা কৰাৰ যুঁজখনত আমি সকলোৱে জড়িত হব লাগে। অসমৰ দৰে ঠাইত সংৰক্ষণৰ প্ৰচেষ্টাৰ সফলতাই যথেষ্ট পৰিমাণে আশাৰ সঞ্চাৰ কৰিছে, যদিও আমি এই ক্ষেত্ৰত আৰু অধিক সজাগ আৰু সচেতন হৈ থাকিব লাগিব। চোৰাং চিকাৰ প্ৰতিৰোধ কৰাই হওক, সংৰক্ষিত বাসস্থান সম্প্ৰসাৰণ কৰাই হওক, বা স্থানীয় সম্প্ৰদায়ক জড়িত কৰাই হওক,গঁড় সংৰক্ষণ নিশ্চিত কৰাত আমাৰ সকলোৰে ভূমিকা আছে।
আমি সকলোৱে গঁড় সুৰক্ষা আৰু আমাৰ গ্ৰহটোৰ চহকী জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়।

- Advertisement -

গুৱাহাটীঃ

Stay Connected

27,272FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
scattered clouds
26.3 ° C
26.3 °
26.3 °
82%
1.7m/s
37%
Fri
26 °
Sat
35 °
Sun
29 °
Mon
30 °
Tue
31 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
১৬ সংখ্যক অসম বিধানসভাৰ আজি প্ৰথমটো দিন || #notun_somoy
05:49
Video thumbnail
ডি আৰ ডি অ’ৰ নতুন ড্ৰোন-মিছাইলৰ সফল পৰীক্ষা সম্পন্ন || #notun_somoy
02:04
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
00:51
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
02:23
Video thumbnail
নিট ইউজি বাতিলক লৈ উত্তাল বিৰোধী || #notun_somoy
02:31
Video thumbnail
অসমত একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ || #notun_somoy
03:07
Video thumbnail
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত বিপদসংকুল যাতাযাত || #notun_somoy
01:51
Video thumbnail
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy
04:10
Video thumbnail
আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy
02:09
Video thumbnail
শিৱসাগৰত চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ || #notun_somoy
03:35

শেহতীয়া আপডেটঃ