● অনলাইন ঔষধ বিক্ৰীৰ বিৰুদ্ধে দেশজোৰা প্ৰতিবাদ
● ঔষধৰ দোকান বন্ধক লৈ অসমৰ ব্যৱসায়ীৰ মাজত বিভাজন
● গুৱাহাটীত ঔষধ ব্যৱসায়ীৰ উত্তাল প্ৰতিবাদৰ বিপৰীতে যোৰহাটত মুকলি ফাৰ্মাচী
নিউজ ডেস্ক,গুৱাহাটী: অনলাইন ঔষধ বিক্ৰী আৰু বৃহৎ কৰ্প’ৰেট প্ৰতিষ্ঠানৰ আধিপত্যৰ বিৰুদ্ধে অল ইণ্ডিয়া অৰ্গেনাইজেশ্যন অৱ কেমিষ্টছ এণ্ড ড্ৰাগিষ্টছে আহ্বান জনোৱা ২৪ ঘণ্টীয়া দেশজোৰা বন্ধই বুধবাৰে অসমত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। ৰাজ্যখনৰ একাংশ ঔষধ ব্যৱসায়ীয়ে এই বন্ধক পূৰ্ণ সমৰ্থন জনোৱাৰ বিপৰীতে আন একাংশই সাধাৰণ জনতাৰ দুৰ্যোগৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ বিৰোধিতা কৰে, যাৰ ফলত ঔষধ সেৱা খণ্ডটোত এক স্পষ্ট বিভাজন পৰিলক্ষিত হৈছে।

সন্থাৰ শাখা ‘কেমিষ্টছ এণ্ড ড্ৰাগিষ্টছ এছ’চিয়েশ্যন অৱ অসম’ৰ উদ্যোগত গুৱাহাটীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ই-ফাৰ্মাচীৰ জৰিয়তে হ’ব পৰা নকল ঔষধৰ প্ৰচলন ৰোধ কৰা, ক’ভিড সৃষ্ট জি এছ আৰ 220 অধিসূচনা প্ৰত্যাহাৰ কৰা আৰু পাঁচ কোটি ব্যৱসায়ীৰ জীৱিকা সুৰক্ষিত কৰাই আছিল এই প্ৰতিবাদৰ মূল লক্ষ্য। অৱশ্যে, ৰোগীৰ জৰুৰীকালীন সেৱা ব্যাহত নহ’বৰ বাবে প্ৰতিখন জিলাতে নিৰ্দিষ্টসংখ্যক ঔষধৰ দোকান খোলা ৰখা হৈছিল।
ইফালে, ই-ফাৰ্মাচীৰ বিৰূপ প্ৰভাৱক লৈ সহমত পোষণ কৰিলেও অসম ড্ৰাগ ডিলাৰ্ছ এছ’চিয়েশ্যন আৰু যোৰহাট জিলা ঔষধ ব্যৱসায়ী সন্থাই বন্ধৰ তীব্ৰ বিৰোধিতা কৰে। তেওঁলোকৰ মতে, সাধাৰণ ৰাইজক হাৰাশাস্তি কৰি সাব্যস্ত কৰা প্ৰতিবাদ কেতিয়াও গ্ৰহণযোগ্য নহয়। কেৱল অসমতেই নহয়, কলকাতা আৰু বেংগালুৰুৰ দৰে মহানগৰতো ঔষধৰ দোকান খোলা থকা কাৰ্যই এই দেশজোৰা বন্ধৰ মাজত থকা মতানৈক্যক পুনৰবাৰ প্ৰমাণিত কৰিছে।











