টি-২০ ক্ৰিকেটত ইতিহাস ৰচনা বিৰাট ক’হলিৰ

- Advertisement -
● টি-২০ ক্ৰিকেটত ইতিহাস ৰচনা বিৰাট ক’হলিৰ
● ১৪ হাজাৰ ৰাণ সংগ্ৰহ কৰা প্ৰথমগৰাকী ভাৰতীয় বেটছমেন ক’হলি
● দ্ৰুততম ১৪ হাজাৰ টি-২০ ৰাণ সংগ্ৰহৰে ক্ৰিছ গেইলৰ অভিলেখ ভংগ ক’হলিৰ
নিউজ ডেস্ক,গুৱাহাটী
ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ তাৰকা বেটছমেন বিৰাট ক’হলিয়ে T-20 ক্ৰিকেটত ১৪,০০০ ৰাণ সম্পূৰ্ণ কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হৈছে। বুধবাৰে নিশা ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ৫৭ সংখ্যক মেচত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে এই অভিলেখ অৰ্জন কৰে। একেৰাহে দুখন মেচত শূন্য ৰাণত আউট হোৱাৰ পিছত এক শক্তিশালী প্ৰত্যাৱৰ্তন কৰি ক’হলিয়ে ৬০ টা বলত ১০৫ ৰাণৰ অনবদ্য ইনিংছ খেলি দলক ৬ উইকেটৰ ব্যৱধানত জয়লাভ কৰোৱায়।
ক’হলি টি-২০ ফৰ্মেটত এই মাইলখুঁটি স্পৰ্শ কৰা বিশ্বৰ ষষ্ঠগৰাকী ক্ৰিকেটাৰ। মাত্ৰ ৪০৯ টা ইনিংছতে ১৪ হাজাৰ ৰাণ সম্পূৰ্ণ কৰি তেওঁ ক্ৰিছ গেইলৰ ৪২৩ ইনিংছৰ পূৰ্বৰ অভিলেখ ভংগ কৰি দ্ৰুততম বেটছমেনৰ স্বীকৃতি লাভ কৰিছে। বৰ্তমান গেইল, কাইৰণ প’লাৰ্ড, এলেক্স হেলছ, ডেভিদ ৱাৰ্ণাৰ আৰু জছ বাটলাৰহে সৰ্বাধিক টি-২০ ৰাণ সংগ্ৰহকাৰীৰ তালিকাত ক’হলিতকৈ আগত আছে। এই শতকটোৰ জৰিয়তে কোহলিয়ে আই পি এলত নৱম আৰু সামগ্ৰিকভাৱে টি-২০ কেৰিয়াৰত দশম শতক অৰ্জন কৰি এই কৃতিত্ব লাভ কৰা প্ৰথম ভাৰতীয় হিচাপেও পৰিগণিত হয়।
১৯৩ ৰাণৰ এক প্ৰত্যাহ্বানমূলক বিজয় লক্ষ্য অনুসৰণ কৰি বেংগালুৰুৱে ক’হলিৰ ১১ টা চাৰি আৰু ৩ টা ছয়েৰে সজোৱা বিস্ফোৰক শতক আৰু দেৱদত্ত পাডিক্কলৰ ৩৯ ৰাণৰ সহায়ত ৫ টা বল বাকী থাকোতেই মেচখনত সহজ জয় সাব্যস্ত কৰে। ডিফেণ্ডিং চেম্পিয়ন বেংগালুৰুৰ এই জয়ে প্ৰতিযোগিতাখনত দলটোৰ স্থিতি অধিক শক্তিশালী কৰাৰ লগতে ক্ৰিকেট বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বেটছমেনগৰাকীৰ ফৰ্মলৈ প্ৰত্যাৱৰ্তনে সামগ্ৰিকভাৱে ক্ৰীড়ামহলত ইতিবাচক প্ৰভাৱ পেলাইছে।
- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,256FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
broken clouds
25.5 ° C
25.5 °
25.5 °
81%
1.2m/s
82%
Thu
25 °
Fri
30 °
Sat
28 °
Sun
28 °
Mon
31 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
নিট ইউজি বাতিলক লৈ উত্তাল বিৰোধী || #notun_somoy
02:31
Video thumbnail
অসমত একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ || #notun_somoy
03:07
Video thumbnail
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত বিপদসংকুল যাতাযাত || #notun_somoy
01:51
Video thumbnail
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy
04:10
Video thumbnail
আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy
02:09
Video thumbnail
শিৱসাগৰত চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ || #notun_somoy
03:35
Video thumbnail
শাসকীয় পক্ষৰ অভিযোগৰ প্ৰত্যুতৰ নাজিৰাৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ || #notun_somoy
02:08
Video thumbnail
মমতাৰ দুৰ্গত প্ৰধানমন্ত্ৰী মোডীৰ আধিপত্য | West Bengal Election result 2026 | #notun_somoy
02:33
Video thumbnail
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাসত টাই-আহোম ভাষা বিষয়ক পাঠ্যক্ৰম || #notun_somoy
07:48
Video thumbnail
অস্তিত্বৰ সংকটত সোণাই নদী, জেচিবিৰে খান্দিছে সোণাই নদীৰ পাৰ || #notun_somoy
04:33

শেহতীয়া আপডেটঃ