কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ছাত্ৰ-ছাত্ৰীসকলক চৰকাৰৰ অগ্ৰাধিকাৰ বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি এক সংবাদমেলত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা ২১ জুনত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰ্ণায়ক তথা প্ৰৱেশ পৰীক্ষা NEET পুনৰ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে।

পৰীক্ষাৰ্থীসকলে অহা ১৪ জুনৰ ভিতৰত প্ৰৱেশপত্ৰ লাভ কৰিব বুলি তেওঁ জনায়। এইবাৰ NEET পৰীক্ষা বৰ্তমানৰ OMR ব্যৱস্থাৰ পৰিৱৰ্তে CBT অৰ্থাৎ কম্পিউটাৰ আধাৰিত ব্যৱস্থাৰে অনুষ্ঠিত হ’ব।
মন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাত নিৰ্দিষ্ট সংস্কাৰৰ প্ৰয়োজন আছে আৰু পৰীক্ষা ব্যৱস্থা অধিক নিৰ্ভৰযোগ্য কৰি তুলিবলৈ পদক্ষেপ লোৱা হৈছে। তেওঁ লগতে কয় যে শিক্ষা মাফিয়াৰ ষড়যন্ত্ৰ অথবা প্ৰাৰ্থীৰ প্ৰতাৰণাৰ বাবে কোনো যোগ্য শিক্ষাৰ্থীক বঞ্চিত হ’বলৈ দিয়া নহ’ব।











