নিউজ ডেস্কঃ
নাজিৰাৰ মোৰ মৰমৰ ৰাইজ, যোৱা ১৫ বছৰ ধৰি আপোনালোকৰ প্ৰতিনিধি হিচাপে অসম বিধানসভাত আপোনালোকৰ মাত হৈ থিয় দিয়াৰ যি সুযোগ পালোঁ, সেয়া মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ প্ৰাপ্তি।
শেহতীয়াকৈ মোৰ বিৰুদ্ধে শাসকীয় পক্ষই যি এক অপপ্ৰচাৰ চলাইছে, সেয়া অত্যন্ত দুৰ্ভাগ্যজনক। মই লোকসভা নিৰ্বাচনৰ টিকট বিচৰা বুলি যি উৰাবাতৰি বিয়পোৱা হৈছে, সেয়া সম্পূৰ্ণ ভিত্তিহীন।
‘গোৱেলছিয়ান’ নীতিৰে মিছা কথা এশবাৰ কৈ সঁচা কৰিব বিচৰা এই ‘হিতলাৰী’ কায়দা মোৰ ক্ষেত্ৰত কেতিয়াও সফল নহ’ব। আমাৰ নিষ্ঠাৱান কংগ্ৰেছ কৰ্মীসকলক হতাশ কৰিবলৈকে তেওঁলোকে এই অসাৰ কৌশল ৰচিছে, কিন্তু আমাৰ মনোবল অটুট আছে।

আজি নিৰ্বাচনৰ ফলাফলৰ পিছত প্ৰথমবাৰৰ বাবে গুৱাহাটীলৈ যাত্ৰা কৰি আছো। যোৱা ডেৰ দশকত গুৱাহাটী আৰু নাজিৰাৰ মাজত অহা-যোৱা কৰোঁতে কান্ধত যি এক গধুৰ দায়িত্ব আৰু মনত যি এক হেঁচা লৈ ফুৰিছিলো, আজি তাৰ পৰা অলপ সকাহ অনুভৱ কৰিছো।
নাজিৰাবাসীয়ে নিৰ্বাচিত কৰা নতুন বিধায়কগৰাকীলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মই আশাবাদী যে তেওঁ ৰাইজৰ আশা-আকাংক্ষা নিষ্ঠাৰে পূৰণ কৰিবলৈ সক্ষম হ’ব।
পদবী থাকক বা নাথাকক, ৰাইজৰ সেৱাত মই সদায় আছিলো আৰু আগলৈকো একেই নিষ্ঠাৰে থাকিম।
সত্যৰ সদায় জয় হ’ব!











