বিৰোধীৰ স্বপ্নভংগ ! অসমত বিজেপি মিত্ৰজোঁটৰ হেট্ৰিক

- Advertisement -
●বিৰোধীৰ স্বপ্নভংগ ! অসমত বিজেপি মিত্ৰজোঁটৰ হেট্ৰিক
●অভিলেখ সংখ্যক আসন দখলেৰে শাসক দলৰ চমক
●বিজেপিয়ে অকলেই পালে ৮২ খন, ১০ খনকৈ আসন মিত্ৰ দল অগপ, বিপিএফৰ
● ১৯ খনতে থমকি ৰ’ল কংগ্ৰেছ
নিউজ ডেস্ক, গুৱাহাটী :
​আজি সমগ্ৰ অসমবাসীৰ উৎকণ্ঠাৰ অন্ত পেলাই অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয় । ৰাজ্যৰ ১২৬ খন বিধানসভা আসনৰ ৭২২ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰিবলৈ ভাৰতৰ নিৰ্বাচন আয়োগৰ কঠোৰ নিৰ্দেশনা আৰু কটকটীয়া নিৰাপত্তাৰ মাজেৰে সমগ্ৰ অসমৰ ৩৫ খন জিলা সামৰি মুঠ ৪০ টা ভোট গণনা কেন্দ্ৰত পুৱা ৮ বজাৰ পৰা ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ কৰা হয় । প্ৰশাসনীয় সুবিধা আৰু সমষ্টিৰ আধিক্যৰ প্ৰতি লক্ষ্য ৰাখি বেছিভাগ জিলাতে এটাকৈ কেন্দ্ৰ স্থাপন কৰা হৈছিল যদিও নগাঁও জিলাত সৰ্বাধিক ৩ টা আৰু কোকৰাঝাৰ, তিনিচুকীয়া তথা যোৰহাট জিলাত দুটাকৈ সুকীয়া ভোট গণনা কেন্দ্ৰ স্থাপন কৰা হৈছিল । নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, প্ৰতিটো কেন্দ্ৰত প্ৰাৰ্থী আৰু পৰ্যবেক্ষকৰ উপস্থিতিত প্ৰথমে পষ্টেল বেলটসমূহৰ গণনা কৰা হয় আৰু তাৰ পিছত ইলেক্ট্ৰনিক ভোটিং মেচিনৰ ভোটসমূহ গণনা কৰা হয়।
​নিৰ্বাচন আয়োগৰ ৱেবছাইটৰ পৰা লাভ কৰা শেহতীয়া আৰু আনুষ্ঠানিক তথ্য অনুসৰি, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টীয়ে সমগ্ৰ দেশজুৰি চলা প্ৰতিষ্ঠানবিৰোধী ঢৌক নেওচি অকলেই ৮২ খন আসনত জয়লাভ কৰি অভিলেখ সৃষ্টি কৰিছে আৰু মিত্ৰদল অসম গণ পৰিষদ আৰু বড়োলেণ্ড পিপলছ ফ্ৰণ্টে ক্ৰমে ১০ খনকৈ আসন লাভ কৰি শাসকীয় এন ডি এ মিত্ৰজোঁটক মুঠ ১০২ খন আসনৰ এক বৃহৎ আৰু নিৰঙ্কুশ সংখ্যাগৰিষ্ঠতা প্ৰদান কৰিছে । ইয়াৰ বিপৰীতে, বিজেপিক ক্ষমতাচ্যুত কৰাৰ লক্ষ্যৰে কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ নেতৃত্বত গঠন হোৱা বিৰোধী ঐক্য ‘অসম সন্মিলিত মৰ্চা’ বিফলতাৰ সন্মুখীন হৈছে। প্ৰধান বিৰোধী দল কংগ্ৰেছে মাত্ৰ ১৯ খন আসনতে সন্তুষ্ট থাকিবলগীয়া হোৱাৰ লগতে মৰ্চাৰ অংশীদাৰ ‘ৰাইজৰ দল’ মাত্ৰ ২ খন আসনত আৰু সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ ১ খন আসনত জয়ী হৈছে। বিৰোধী মৰ্চাৰ বাহিৰত থকা এআইইউডিএফ দলেও মাত্ৰ ২ খন আসনহে লাভ কৰিবলৈ সক্ষম হৈছে । বিৰোধী ঐক্যৰ এই শোচনীয় অৱস্থাৰ মূল কাৰণ হিচাপে আসন বুজাবুজিক লৈ থকা অন্তৰ্কন্দল, সমষ্টি পুনৰ্নিৰ্ধাৰণৰ ফলত হোৱা ৰাজনৈতিক মেৰুকৰণ আৰু শাসকীয় দলৰ ‘অৰুণোদয়’ৰ দৰে শক্তিশালী হিতাধিকাৰী আঁচনিসমূহৰ ব্যপক প্ৰভাৱক চিহ্নিত কৰা হৈছে । আনকি বিৰোধী মৰ্চাৰ মুখ হিচাপে বিবেচিত হোৱা গৌৰৱ গগৈয়ে যোৰহাট সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীৰ হাতত ২৩,১৮২ টা ভোটৰ ব্যৱধানত পৰাজয় বৰণ কৰিবলগীয়া হোৱাটোৱে সমগ্ৰ বিৰোধী শিবিৰৰ সাংগঠনিক দুৰ্বলতা উদঙাই দিছে।
- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,626FansLike
0FollowersFollow
22,900SubscribersSubscribe
- Advertisement -
Assam
overcast clouds
25.4 ° C
25.4 °
25.4 °
95%
1.7m/s
100%
Mon
25 °
Tue
31 °
Wed
33 °
Thu
29 °
Fri
29 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
■ কাজিৰঙাৰ বাফাৰ জ’ন হ্ৰাসৰ প্ৰস্তাৱক লৈ সৰৱ 'অৰণ্য মানৱ' যাদৱ পায়েং || #notun_somoy
01:39
Video thumbnail
বানাক্ৰান্ত পৰিয়ালবৰ্গক সাক্ষাৎ মৌলানা মুস্তাক আহমদ আনফাৰ চাহাবৰ || #notun_somoy
07:52
Video thumbnail
অসম-অৰুণাচল সীমান্তৰ ঘটনাক লৈ উদ্বিগ্নতা || #notun_somoy
02:35
Video thumbnail
নাজিৰাত বান বিধ্বস্ত বিদ্যালয়লৈ আৰ্থিক সাহাৰ্য বিতৰণ Pride East Entertainment PVT. LTDৰ
10:35
Video thumbnail
শিৱসাগৰৰ আইলা হাবি গাঁৱত বৰ্তমানেও এবুকু পানীৰ তলত শ শ পৰিয়ালৰ বাসগৃহ || #notun_somoy
05:27
Video thumbnail
অবৈধ খননৰ ফলত মৃত্যুমুখী পাটকাই পৰ্বত || #notun_somoy
02:12
Video thumbnail
দীঘল চুলিৰে বিশ্ব ৰেকৰ্ড || #notun_somoy
02:24
Video thumbnail
শিৱসাগৰত বানপীড়িত বিদ্যালয়ত পুনৰ পাঠদান সন্দৰ্ভত শিক্ষা বিভাগ || #notun_somoy
06:18
Video thumbnail
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ Eco Sensitive Zoneৰ পৰিসীমা ১০ কিলোমিটাৰ পৰা ১ কিলোমিটাৰলৈ হ্ৰাস
07:38
Video thumbnail
এগৰাকী নাৰীৰ ব্যক্তিক্ৰমী পদক্ষেপক শলাগ ভিন্নজনৰ || #notun_somoy
04:01

শেহতীয়া আপডেটঃ