তামিলনাডুৰ ৰাজনীতিত নতুন যুগৰ সূচনা

- Advertisement -
● তামিলনাডুৰ ৰাজনীতিত নতুন যুগৰ সূচনা
● ডি এম কে-এ আই এ ডি এম কেৰ পতন
● ৪৩ বছৰৰ পাছত ৰাজনৈতিক ইতিহাসৰ পুনৰাবৃত্তি কৰিলে ছুপাৰষ্টাৰ বিজয়ে
নিউজ ডেস্ক,গুৱাহাটী
তামিলনাডুৰ ৰাজনীতিত এক ঐতিহাসিক পৰিৱৰ্তনৰ সূচনা কৰি তামিল ছুপাৰষ্টাৰ জোচেফ বিজয়ে এক অভূতপূৰ্ব ৰাজনৈতিক সফলতা অৰ্জন কৰিছে। ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত ‘তামিলাগা ভেট্ৰি কাঝাগম’ চমুকৈ TVK নামৰ ৰাজনৈতিক দল গঠন কৰা ৫১ বছৰীয়া অভিনেতাগৰাকীয়ে শেহতীয়াকৈ অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত বিপুল সংখ্যাগৰিষ্ঠতা লাভ কৰি ইতিহাস সৃষ্টি কৰিছে। দশক দশক ধৰি ডি এম কে আৰু এ আই এ ডি এম কেৰ দৰে দুটা প্ৰধান দলৰ দ্বাৰা নিয়ন্ত্ৰিত তামিলনাডুৰ ৰাজনীতিত এই জয়ে এক নতুন অধ্যায়ৰ সূচনা কৰিলে। নিৰ্বাচনী প্ৰচাৰত বিজয়ে শাসকীয় ডি এম কে দলক দুৰ্নীতিগ্ৰস্ত আৰু ‘অশুভ শক্তি’ আখ্যা দি ৰাইজক পৰিৱৰ্তনৰ আহ্বান জনাইছিল। মাত্ৰ দুবছৰৰ ভিতৰতে এনে সাফল্য অৰ্জন কৰা বিজয় হৈ পৰিছে দেশৰ ইতিহাসত দ্বিতীয়গৰাকী অভিনেতা-ৰাজনীতিক, যিয়ে নিৰ্বাচনী ৰাজনীতিত ইমান দ্ৰুতগতিত সফলতাৰ শিখৰ স্পৰ্শ কৰিছে।
বিজয়ৰ এই আকস্মিক উত্থানে ৪৩ বছৰ পূৰ্বৰ এক অনুৰূপ ঐতিহাসিক ঘটনালৈ মনত পেলাই দিয়ে। ১৯৮২ চনৰ মাৰ্চ মাহত তদানীন্তন অন্ধ্ৰপ্ৰদেশৰ প্ৰখ্যাত অভিনেতা এন টি ৰামাৰাওৱে কংগ্ৰেছৰ শাসনৰ অন্ত পেলোৱাৰ উদ্দেশ্যে ‘তেলেগু দেশম পাৰ্টী’ গঠন কৰিছিল। এখন বিশেষভাৱে নিৰ্মিত ভানত উঠি সমগ্ৰ ৰাজ্যজুৰি প্ৰচাৰ চলোৱা ৰামাৰাওৱে মাত্ৰ কেইমাহমানৰ ভিতৰতে, অৰ্থাৎ ১৯৮৩ চনৰ জানুৱাৰীত অনুষ্ঠিত নিৰ্বাচনত ২৯৪খন আসনৰ ভিতৰত ২০২খনত জয়লাভ কৰি মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈছিল। দক্ষিণ ভাৰতৰ বহু তাৰকাই পৰৱৰ্তী সময়ত ৰাজনীতিত পদাৰ্পণ কৰিছিল যদিও, এন টি আৰৰ দৰে কম সময়ৰ ভিতৰতে এনে ঈৰ্ষণীয় সফলতা লাভ কৰিবলৈ পৰৱৰ্তী প্ৰজন্মক সুদীৰ্ঘ ৪৩ বছৰ সময়ৰ প্ৰয়োজন হ’ল।
দক্ষিণ ভাৰতৰ ৰাজনীতিত চলচ্চিত্ৰ তাৰকাৰ প্ৰৱেশ নতুন কথা নহয়। ১৯৭২ চনত এম জি ৰামচন্দ্ৰনে এ আই এ ডি এম কে গঠন কৰি ১৯৭৭ চনত ক্ষমতা দখল কৰাৰ পৰা আৰম্ভ কৰি শেহতীয়াকৈ পৱন কল্যাণৰ জনসেনা পাৰ্টীয়ে ২০২৪ চনত টি ডি পি আৰু বিজেপিৰ সৈতে মিত্ৰতাৰে প্ৰতিদ্বন্দ্বিতা কৰা সকলো আসনতে জয়েৰে উপ-মুখ্যমন্ত্ৰী হোৱালৈকে বহু উদাহৰণ আছে। ইয়াৰ বিপৰীতে চিৰঞ্জীৱীৰ প্ৰজা ৰাজ্যম পাৰ্টী, কমল হাছানৰ মাক্কাল নিধি মায়াম আৰু বিজয়কান্তৰ ডি এম ডি কে দলে ৰাজনীতিত প্ৰৱেশ কৰিলেও আশানুৰূপ সফলতা লাভ কৰাত ব্যৰ্থ হৈছিল। কিন্তু এই সকলোবোৰৰ ব্যতিক্ৰম হিচাপে বিজয়ে নিজৰ দল প্ৰতিষ্ঠা কৰাৰ মাত্ৰ দুবছৰৰ ভিতৰতে লাভ কৰা জয়ে প্ৰমাণ কৰিলে যে সঠিক নেতৃত্ব আৰু জনসাধাৰণৰ আবেগক একত্ৰিত কৰিব পাৰিলে আধুনিক ৰাজনীতিতো ইতিহাসৰ পুনৰাবৃত্তি সম্ভৱ।
- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,626FansLike
0FollowersFollow
22,900SubscribersSubscribe
- Advertisement -
Assam
overcast clouds
25.4 ° C
25.4 °
25.4 °
95%
1.7m/s
100%
Mon
25 °
Tue
31 °
Wed
33 °
Thu
29 °
Fri
29 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
■ কাজিৰঙাৰ বাফাৰ জ’ন হ্ৰাসৰ প্ৰস্তাৱক লৈ সৰৱ 'অৰণ্য মানৱ' যাদৱ পায়েং || #notun_somoy
01:39
Video thumbnail
বানাক্ৰান্ত পৰিয়ালবৰ্গক সাক্ষাৎ মৌলানা মুস্তাক আহমদ আনফাৰ চাহাবৰ || #notun_somoy
07:52
Video thumbnail
অসম-অৰুণাচল সীমান্তৰ ঘটনাক লৈ উদ্বিগ্নতা || #notun_somoy
02:35
Video thumbnail
নাজিৰাত বান বিধ্বস্ত বিদ্যালয়লৈ আৰ্থিক সাহাৰ্য বিতৰণ Pride East Entertainment PVT. LTDৰ
10:35
Video thumbnail
শিৱসাগৰৰ আইলা হাবি গাঁৱত বৰ্তমানেও এবুকু পানীৰ তলত শ শ পৰিয়ালৰ বাসগৃহ || #notun_somoy
05:27
Video thumbnail
অবৈধ খননৰ ফলত মৃত্যুমুখী পাটকাই পৰ্বত || #notun_somoy
02:12
Video thumbnail
দীঘল চুলিৰে বিশ্ব ৰেকৰ্ড || #notun_somoy
02:24
Video thumbnail
শিৱসাগৰত বানপীড়িত বিদ্যালয়ত পুনৰ পাঠদান সন্দৰ্ভত শিক্ষা বিভাগ || #notun_somoy
06:18
Video thumbnail
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ Eco Sensitive Zoneৰ পৰিসীমা ১০ কিলোমিটাৰ পৰা ১ কিলোমিটাৰলৈ হ্ৰাস
07:38
Video thumbnail
এগৰাকী নাৰীৰ ব্যক্তিক্ৰমী পদক্ষেপক শলাগ ভিন্নজনৰ || #notun_somoy
04:01

শেহতীয়া আপডেটঃ