নিলাচল পাহাৰস্থিত শক্তিপীঠ মা-কামাখ্যা ধামত অহা ২২ জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ’ব। ২২ জুনৰ বিয়লি ২.৫৬ মিনিচত অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ কৰা হ’ব। ২৬ জুনত নিবৃত্তিৰ লগে লগে মন্দিৰ পৰিষ্কাৰ কৰি দেৱীৰ পূজা-অৰ্চনাৰ পাছত ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰা হ’ব। গুৱাহাটীস্থিত পৰ্যটন সঞ্চালকালয়ৰ কাৰ্যালয়ত বিভাগীয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ অধ্যক্ষতাত ২৪ টা বিভাগৰ সৈতে অম্বুবাচী মহাযোগ সন্দৰ্ভত এখন প্রস্তুতি বৈঠক অনুষ্ঠিত হয়। পর্যটন বিভাগে কামৰূপ মহানগৰ জিলা প্ৰশাসনলৈ অম্বুবাচীৰ বাবে ৪ কোটি ৫৫ লাখ টকা আগবঢ়োৱাৰ কথা জানিবলৈ দিয়ে।











