‘জনাদেশ ২০২৪’- কাইলৈ ১৪টা সমষ্টিত ১৪৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নির্ণয়ঃ অপেক্ষা আৰু কেইটামান ঘণ্টা

- Advertisement -
- Advertisement -
- Advertisement -

কাইলৈ অসমৰ ১৪টা সমষ্টিত মুঠ ১৪৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নির্ণয় হ’ব। তিনিটা পৰ্যায়ত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনত কাজিৰঙা সমষ্টিত বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰ’জলিনা তিৰ্কীৰ বিপৰীতে বিজেপিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই প্রতিদ্বন্দ্বিতা আগবঢ়াইছিল। যোৰহাট সমষ্টিত বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ বিপৰীতে কংগ্ৰেছ দলৰ পৰা গৌৰৱ গগৈ, ডিব্ৰুগড় সমষ্টিত কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি প্ৰাৰ্থী সর্বানন্দ সোণোৱালৰ প্ৰতিদ্বন্দ্বী অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰিনজ্যোতি গগৈ, শোণিতপুৰত বিজেপিৰ জ্যেষ্ঠ নেতা ৰণজিৎ দত্তই প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। বিজেপিৰ হৈ দৰং-ওদালগুৰিত সাংসদ দিলীপ শ‍ইকীয়া, কৰিমগঞ্জত কৃপানাথ মাল্লা, শিলচৰত পৰিমল শুক্লবৈদ্য, নগাঁৱত সুৰেশ বৰা আৰু ডিফুত অমৰ সিং টিছ’ৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। ইয়াৰ বিপৰীতে নগাঁৱত কংগ্ৰেছ দলৰ প্ৰদ্যুৎ বৰদলৈ, শিলচৰত দলটোৰ প্ৰাৰ্থী সূর্যকান্ত সৰকাৰ, দৰং-ওদালগুৰিত মাধৱ ৰাজবংশী, কৰিমগঞ্জত হাফিজ ৰচিদ আহমেদ চৌধুৰী আৰু ডিফুত জয়ৰাম ইংলেঙে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। আনহাতে, গুৱাহাটী লোকসভা সমষ্টিত বিজেপিৰ হৈ বিজুলী কলিতা মেধি আৰু বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। বৰপেটাত এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ বিপৰীতে চি পি আই এমৰ হৈ মনোৰঞ্জন তালুকদাৰে প্ৰাৰ্থীত্ব আগবঢ়াইছে। ধুবুৰী সমষ্টিত বিৰোধী মিত্ৰজোঁটৰ ৰকিবুল হুছেইনৰ বিপৰীতে এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমলে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। এতিয়া অপেক্ষা আৰু কেইটামান ঘণ্টা৷

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

26,933FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
overcast clouds
24.7 ° C
24.7 °
24.7 °
57 %
0.9kmh
100 %
Mon
25 °
Tue
30 °
Wed
29 °
Thu
24 °
Fri
28 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
CBSE-ৰ নতুন ত্ৰি-ভাষিক নীতি || #notun_somoy
03:37
Video thumbnail
শক্তি দেখুৱালে প্ৰদীপ হাজৰিকাই || #notun_somoy
04:42
Video thumbnail
ভাৰত-বাংলাদেশ সীমান্তত BSFৰ নতুন অস্ত্ৰ হিংস্ৰ সৰীসৃপ আৰু ঘঁৰিয়াল | Indo-Bangla Border| #notun_somoy
02:47
Video thumbnail
বিত্তীয় বৰ্ষ ২০২৬-ত ইউপিআইৰ নতুন অভিলেখ | New record of UPI | #notun_somoy
03:06
Video thumbnail
দেশৰ শ্ৰেষ্ঠ মগজুসমূহক ধৰি ৰখাত কিয় ব্যৰ্থ হৈছে ভাৰত ? | Indian's best intellect | #notun_somoy
03:28
Video thumbnail
আত্মনিৰ্ভৰশীল ভাৰতৰ চমক
03:02
Video thumbnail
ৰাজ্যসভাৰ উপ-দলপতি পদৰ পৰা ৰাঘৱ চাড্ডাক অপসাৰণ | Raghav Chaddha | #notun_somoy
03:32
Video thumbnail
বোৱাৰীৰ পৰা ভৰণ-পোষণ দাবী কৰিব নোৱাৰিব শহুৰ-শাহুৱেকে | Allahabad High Court | #notun_somoy
03:12
Video thumbnail
প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল মাধ্যমৰে আৰম্ভ লোকপিয়ল ২০২৭ | Census 2027 | #notun_somoy
02:42
Video thumbnail
ইৰাণলৈ ট্ৰাম্পৰ সকীয়নি, চুক্তি নহ'লে শক্তি প্ৰকল্প ধ্বংসৰ হুংকাৰ | US-Iran War | #notun_somoy
03:42

শেহতীয়া আপডেটঃ