জনাদেশক বিনম্ৰতাৰে স্বীকাৰ কৰি সংবাদমেলত বিজেপি দলক শুভেচ্ছা জ্ঞাপন প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ

- Advertisement -
- Advertisement -
- Advertisement -

▪️ জনাদেশক বিনম্ৰতাৰে স্বীকাৰ কৰি সংবাদমেলত বিজেপি দলক শুভেচ্ছা জ্ঞাপন প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ
▪️ নিৰ্বাচনী ফলাফল সন্দৰ্ভত ৯ মে’ত বিজয়ী আৰু পৰাস্ত হোৱা প্ৰাৰ্থীসকলক লৈ গুৱাহাটীত পৰ্যালোচনা বৈঠকৰ আহ্বান
▪️ সংবাদমেলত গৌৰৱ গগৈৰ মন্তব্য, ”নিৰ্বাচনত আশা কৰা ধৰণে আসন লাভ নকৰিলেও মানসিকভাৱে হাৰ মনা নাই’’
▪️ বিধানসভাৰ বাহিৰৰ পৰা হ’লেও আমি বিৰোধী হিচাপে দায়িত্ব সঠিকভাৱে পালন কৰিব যামঃ গৌৰৱ গগৈ
▪️ আমি নতুন চৰকাৰখনৰ কাম-কাজসমূহৰ ওপৰত চোকা দৃষ্টি ৰাখিম, মুখ্যমন্ত্ৰীৰ দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি যামঃ গৌৰৱ গগৈ
▪️ ”মোক লৈ মুখ্যমন্ত্ৰীয়ে কি মন্তব্য কৰে সেয়া বিচাৰ্য নহয়, ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালন কৰে নে নাই সেয়াহে গুৰুত্বপূৰ্ণ’’
▪️ ”কংগ্ৰেছ দল বহি গৈছে বুলি ভাবিলে নহ’ব, কংগ্ৰেছ দল আজিৰে পৰা পুনৰ ৰাইজৰ মাজলৈ যাবলৈ প্ৰস্তুত হৈছে’’
▪️ ৰাইজৰ দিহা-পৰামৰ্শৰে অনাগত দিনত কংগ্ৰেছ দলে নতুন ৰূপ লাভ কৰি অধিক শক্তিশালী হৈ পৰিবঃ গৌৰৱ গগৈ

গুৱাহাটী, ৫ মে’ : আমি নিৰ্বাচনৰ ফলাফলক স্বীকাৰ কৰি লৈছো আৰু বিজেপি দল আৰু তেওঁলোকৰ নেতৃত্বক শুভেচ্ছা জ্ঞাপন কৰিছো৷ যোৱা ৫ বছৰত যিসমূহ সমস্যা সমাধান কৰিব পৰা নাই সেইসমূহ সমস্যা নতুন চিন্তা আৰু নতুন শক্তিৰে সমাধান কৰিব বুলি আশা কৰিছো৷ বিজেপিয়ে যোৱা ৫ বছৰত যি ভুল কৰিলে সেই ভুল যাতে পুনৰ নকৰে তাৰ আশা কৰিছো৷- ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰি আজি এইদৰে কয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে। সভাপতি হিচাপে পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি তেওঁ আৰু কয় যে যিসকলে এই নিৰ্বাচনত যিসকলে আমাক সহায় কৰিলে, ভোট দিলে সমৰ্থন কৰিলে সেইসকলক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো৷ যিসকলে বিভিন্ন হেঁচাৰ পিছতো দলৰ পৰা আঁতৰি নগৈ নিষ্ঠাৱান কৰ্মী হিচাপে আৰু নিৰ্বাচনত তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে যি নিষ্ঠাৰে কাম কৰিলে তাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো৷ সামাজিক মাধ্যম, বিভিন্ন বাহিনী, সংস্থাই যি ধৰণে কাম কৰিলে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলো৷ ছোনিয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, কেচি বেণুগোপাল, জীতেন্দ্ৰ সিঙে বিভিন্ন সময়ত আমাক দিহা-পৰামৰ্শ দিছিল তাৰ বাবে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছো৷ আমি যিমান আসন পাব লাগিছিল সিমান আসন নাপালো বুলি উল্লেখ কৰি গগৈয়ে কয় যে আশা কৰা ধৰণে ফলাফল নহ’লেও পৰৱৰ্তী দিনত আমি বিৰোধী দলৰ যি ভূমিকা সেই ভূমিকা পালন কৰি যাম৷ গগৈয়ে কয়, ”যেতিয়াই এইখন চৰকাৰে মানুহক ভয়-ভাবুকি দিব আৰু মানুহক বিপদত পেলাবলৈ চেষ্টা কৰিব তেতিয়াই আমি সাধাৰণ নাগৰিকৰ সৈতে থাকিম৷ সেয়া হৈছে আমাৰ প্ৰতিশ্ৰুতি৷ চৰকাৰৰ গাফলতি, ভুল, দুৰ্নীতিৰ ওপৰত আমাৰ নজৰ থাকিব৷ কংগ্ৰেছ দলৰ আসন কম হ’লেও আমি হাৰ মানি লোৱা নাই৷ মোৰ লগতে সমগ্ৰ অসমৰ কংগ্ৰেছ নেতৃত্ব আৰু অসমবাসীক মই কও যে এই নিৰ্বাচনত আমি আশা কৰা ধৰণে আসন লাভ কৰা নাই৷ কিন্তু আমি মানসিকভাৱে হাৰ মনা নাই৷’’ তেওঁ কয় যে ৰাইজে শুভ চিন্তক হিচাপে যি কথা কয় সেয়া আমি শুনিম৷ আমাৰ যি ভুল হৈছে সেয়া শুধৰণি কৰিম৷ ৰাইজ আমাৰ শুভ চিন্তক৷ আমাক ৰাইজে বিভিন্ন জিলাৰ পৰা মনোবল বৃদ্ধি কৰিবলৈ খবৰ লৈছে, মেছেজ দিছে৷ আমাক আগবাঢ়ি যাবলৈ কৈছে৷ তেওঁ আৰু কয়, ”যদি কংগ্ৰেছ দলে ভালদৰে বিৰোধী দলৰ ভূমিকা পালন নকৰে তেন্তে অসমত লোকতন্ত্ৰ জীয়াই নাথাকে৷ বৰ্তমানৰ চৰকাৰক নিয়ন্ত্ৰণ কৰা কোনো বিৰোধী নাথাকিব৷ চৰকাৰে কৰা অন্যায়ৰ পৰা ৰাইজৰ বাচিবলৈ কোনো সুৰক্ষা কবচ নাথাকিব৷ ৰাইজৰ ওচৰত চৰকাৰক দায়বদ্ধ কৰিবলৈ কোনো অস্ত্ৰ নাথাকিব৷ যদিও আমাৰ আসন কম তথাপিও ৰাইজৰ লোকতান্ত্ৰিক অস্ত্ৰ হৈ লোকতান্ত্ৰিক শক্তি বৃদ্ধি কৰাটো আমাৰ উদ্দেশ্যে৷’’ এই নিৰ্বাচনৰ পৰা আমি যি গুৰুত্বপূৰ্ণ শিক্ষা ল’ব লাগে সেই শিক্ষা লোৱা হ’ব বুলিও কয় গগৈয়ে৷ আমাৰ সকলো নেতাই সাংগঠনিক নীতি, নিজৰ ৰাজনৈতিক চিন্তাধাৰাত ব্যক্তিগত পৰিৱৰ্তন আনিবলৈ সক্ষম হ’ম বুলিও কয় গগৈয়ে। তেওঁ কয় যে বিগত কেইবাটাও নিৰ্বাচনত কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ ভূমিকা আমি দেখা পাইছো৷ আমাৰ নেতা ৰাহুল গান্ধীয়ে এই নিৰ্বাচনক লৈ প্ৰশ্ন উত্থাপন কৰি আহিছে৷ কেইবাটাও নিৰ্বাচনত কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ ভূমিকা আমি দেখি আহিছো৷ নিৰ্বাচন আয়োগৰ ব্যৱহাৰ, চৰিত্ৰ আমি দেখি আহিছো৷ দিল্লীত সদনৰ মজিয়াত আমি বিভিন্ন দলে এই কথা কৈ আহিছো৷ মুখ্য নিৰ্বাচনী বিষয়াৰ বিৰুদ্ধে অবিশ্বাস প্ৰস্তাৱ আনিবলৈ আমি প্ৰয়াস কৰিছিলো৷ এই নিৰ্বাচনৰ ফলাফলক ৰাইজে বিশ্বাস কৰিব পৰা নাই৷ ভোটৰ ইমান ব্যৱধান হৈছে যে ৰাইজে ফলাফলক বিশ্বাস কৰিব পৰা নাই৷ আমিও ফলাফলক বিশ্বাস কৰিব পৰা নাই৷ ৰাইজেও একেধৰণে অবিশ্বাস কৰিছে৷ বহু সমষ্টিত ৰাইজে ভাবিছিল যে কম ভোটৰ ব্যৱধানত কোনোবা এজন প্ৰাৰ্থী জিকিব৷ কিন্তু ভোটৰ ব্যৱধান বহুত হৈছে৷ বহু সমষ্টিত ফাইট হ’ব আৰু ৫০-৫০ হ’ব বুলি ৰাইজে ধাৰণা কৰিছিল৷ ৰাইজ, সাংবাদিক, বদ্ধিজীৱিসকলে এই কথা চৰ্চা কৰিছিল৷ বহু সমষ্টিত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ’ব বুলি আমাৰ ধাৰণা আছিল৷ ফাইট নেক টু নেক হ’ব বুলি জানিছিলো৷ ৰাইজে ভাবিছিল বহু সমষ্টিত ফলাফল ৫-১০ হাজাৰৰ ভিতৰত হ’ব কিন্তু ব্যৱধান বহুত হৈছে৷ বহু আসনত যিধৰণৰ ফলাফল আহিছে পৰৱৰ্তী সময়ত আমি পৰ্যালোচনা কৰিব লাগিব৷ দিল্লীত ৰাহুল গান্ধীয়ে বেলেগ ৰাজ্যৰ ভোটৰ তালিকাক লৈ বিভিন্ন সময়ত গাফিলতি দাঙি ধৰিছে৷ আমি একত্ৰিত হৈ সামূহিক অভিজ্ঞতা আহৰণ কৰিবলৈ চেষ্টা চলাম৷ এই সন্দৰ্ভত পৰ্যালোচনা কৰিবলৈ অহা ৯ মে’ত এক বিশেষ বৈঠকৰ আহ্বান কৰা হৈছে বুলিও কয় গগৈয়ে। তেওঁ কয়, ”অহা শনিবাৰ সকলো বিধায়ক, সকলো প্ৰাৰ্থীক আমি গুৱাহাটীলৈ মাতিছো৷ তেওঁলোকে নিজৰ সমষ্টিক লৈ ক’বলগীয়া কি আছে সেয়া ক’ব৷ ৰাইজে দিয়া এই ফলাফলক আমি স্বীকাৰ কৰিছো৷ ৰাইজে আগন্তুক দিনতো আমাক ৰাইজৰ মাজত থকাটো বিচাৰে৷ সমস্যাসমূহ উত্থাপন কৰাটো বিচাৰে৷ সাংগঠনিক ভেটি শক্তিশালী কৰাটো বিচাৰে৷ এইখন চৰকাৰৰ অন্যায়, দুৰ্নীতিৰ বিৰুদ্ধে মাত মতাটো বিচাৰে৷ আমি ৰাইজৰ অস্ত্ৰ হৈ লোকতন্ত্ৰ বচাবলৈ কাম কৰিম৷’’ তেওঁ আৰু কয়, ”আমি যোৱা নিৰ্বাচনত এখন নতুন বৰ অসমৰ সংকল্প লৈছো৷ এই সংকল্প মাথো এটা নিৰ্বাচনৰ শ্ল’গান নহয়৷ শাসক পক্ষত নাথাকিলেও এই সংকল্পক কেনেদৰে ৰূপায়ন কৰিব লাগে তাৰ বাবে আমি কাম কৰি যাম৷ উজনি-নামনি, বৰাক উপত্যকালৈ বিভিন্ন জাতি-জনগোষ্ঠীৰ ৰাইজৰ বহু আশা আকাংক্ষা আছে৷ সেই কথা আমি যোৱা ১০ মাহত শুনিছো৷ সেই কথাক লৈ আমি পৰিৱৰ্তন কৰিব বিচাৰিছো৷ এটা কথা হয় যে শাসক পক্ষত থাকিলে আমাৰ ক্ষমতা বেছি থাকিলহেঁতেন তথাপিও আমি যি সংকল্প লৈছো সেই সংকল্পৰ প্ৰতি দায়বদ্ধ হৈ থাকিম৷’’ সংবাদমেলৰ শেষত পুনৰবাৰ অসমৰ ৰাইজ, দলৰ কৰ্মীক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে বিজেপি দলক শুভেচ্ছা জনাই প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে আৰু কয়, ”বিজেপিক ক’ব খুজিছো যে কংগ্ৰেছ দল বহি গৈছে বুলি ভাবিলে নহ’ব৷ কংগ্ৰেছ দল আজিৰে পৰা পুনৰবাৰ ৰাইজৰ মাজলৈ যাবলৈ প্ৰস্তুত হৈছো৷ আমি পৰৱৰ্তী সময়ত বিভিন্ন স্থানত নতুন নতুন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ ৰণকৌশল প্ৰস্তুত কৰিছো৷’’ ইফালে, যোৰহাটত পৰাজয় সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত গগৈয়ে কয়, ”যোৰহাটৰ ৰাইজ সচেতন ৰাইজ। যোৰহাটৰ ৰাইজে ভাবি-চিন্তি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। সমষ্টিটোৰ বিজয়ী প্ৰাৰ্থী হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াক শুভেচ্ছা জনাইছো। নিৰ্বাচনৰ সময়ত প্ৰচাৰৰ বাবে মই ৰাইজৰ মাজলৈ যাবলৈ চেষ্টা কৰিছিলো। কিন্তু দলৰ সভাপতি হিচাপে সকলোতে সময় দিবলগীয়া হোৱা বাবে মই তাত প্ৰচাৰৰ বাবে ৰাইজে বিচৰাধৰণে ৰাইজৰ মাজলৈ যাব নোৱাৰিলো।’’ তেওঁ আৰু কয় যে লোকসভা নিৰ্বাচনত যোৰহাটৰ ৰাইজে সাংসদ হিচাপে আমাক আগুৱাই লৈ গৈছিল। এইবাৰ দলীয় নেতৃত্বই সংসদৰ লগতে বিধানসভাতো প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ ক’লে। মই দুঃখিত কিয়নো লোকসভাৰ দৰে এইবাৰ বিধানসভা নিৰ্বাচনত যোৰহাটত দলে বিচৰাধৰণে ফলাফল দিব নোৱাৰিলো। ইভিএমৰ খেলিমেলি সন্দৰ্ভত সোধা প্ৰশ্নত প্ৰতিক্ৰিয়া ব্যক্ত কৰি গৌৰৱ গগৈয়ে কয় যে ইভিএমক লৈ সন্দেহৰ অৱকাশ নথকা নহয়। তেওঁ কয়, ”বৰ্তমানৰ বিজেপি নেতৃত্বই গণতন্ত্ৰৰ ওপৰত বিশ্বাস নকৰে। তেওঁলোকে এক দেশ এক দল নীতিত বিশ্বাস কৰে। এক দেশ এক পাৰ্টী কৰিবলৈ হ’লে বেলেগ ৰাজনৈতিক দলবোৰ লাহে লাহে শেষ কৰিব লাগিব। লাহে লাহে শেষ কৰাৰ কৌশলটোৱেই হৈছে নিৰ্বাচনী প্ৰক্ৰিয়াটোক একপক্ষীয় কৰি তোলা, নিৰ্বাচন নিয়ন্ত্ৰণ কৰা সংস্থাবোৰৰ নিৰপেক্ষতা শেষ কৰা। ভোটাৰ লিষ্টৰ পৰা ভোট দিয়া, ভোট গণনাৰ পৰা নিৰ্বাচনী বিষয়াৰ দায়িত্বলৈকে যিমানবোৰ প্ৰক্ৰিয়া আছে, সেই সকলোবোৰ প্ৰক্ৰিয়াৰে য’ত য’ত সম্ভৱ হয় সকলোতে হস্তক্ষেপ কৰে। নিৰ্বাচনী আচৰণ বিধিৰ লগতে নিৰ্বাচনৰ মাজতে আঁচনিৰ ধন প্ৰদান কৰা আদিকে ধৰি সকলো ক্ষেত্ৰতে যিদৰে নিয়ন্ত্ৰণ কৰিব বিচাৰিছে তেনেদৰে ইভিএমকো যে নিয়ন্ত্ৰণ নকৰিব তাৰ কোনো মানে নাই।’’ চিচিটিভি ফুটেজ পূৰ্বে নিৰ্দিষ্ট সময়লৈকে ৰখা হৈছিল যদিও নিৰ্বাচন নিজৰ নিয়ন্ত্ৰণলৈ নিবলৈ আইন আনি মেমৰি নথকাৰ দোহাই দি সময় কমাই দিয়াৰ প্ৰসংগও গগৈয়ে উল্লেখ কৰে। আজিৰ এই ডিজিটেল যুগত মেম’ৰিৰ কিবা অভাৱ থাকিব পাৰে নেকি বুলিও গগৈয়ে প্ৰশ্ন কৰে। তেওঁ কয়, ”এই চৰকাৰৰ ওচৰত আধাৰৰ সম্পূৰ্ণ ডাটা আছে। তাৰ পিছত তেওঁলোকে কৈছে যে ফুটেজবোৰ ৰাখিব নোৱাৰি।’’ সমগ্ৰ দেশতে নিৰ্বাচনী প্ৰক্ৰিয়াৰ স্বচ্ছতাক লৈ প্ৰশ্ন উত্থাপিত হোৱা বাবে ৰাহুল গান্ধীয়ে গণতন্ত্ৰ ৰক্ষাৰ বাবে সাহসেৰে যুঁজ অব্যাহত ৰখাৰ কথাও গগৈয়ে সদৰী কৰে। নিৰ্বাচনী ফলাফলৰ পৰ্যালোচনাৰ অন্তত সবিশেষ তথ্য ৰাইজক জনোৱা হ’ব বুলিও কয় গগৈয়ে। বিধানসভাত বিৰোধী হিচাপে শক্তিশালী হ’ব নোৱাৰিলেও বিধানসভাৰ বাহিৰৰ পৰা হ’লেও বিৰোধী হিচাপে দায়িত্ব সঠিকভাৱে পালন কৰিব যাব বুলি সংবাদমেলত গগৈয়ে সদৰী কৰে। গগৈয়ে আৰু কয়, ”আমি নতুন চৰকাৰখনৰ কাম-কাজসমূহৰ ওপৰত চোকা দৃষ্টি ৰাখিম। জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতিসমূহ সঠিকভাৱে পালন কৰা হয় নে নহয় সেয়াও আমি লক্ষ্য কৰি যাম।’’ পূৰ্বৰ দৰে মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ অবাধ দুৰ্নীতিৰ প্ৰসংগসমূহ আহি থকা সময়তো একেধৰণে ৰাইজৰ মাজত দাঙি ধৰা হ’ব বুলিও কয় গগৈয়ে। মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈ সন্দৰ্ভত কৰা মন্তব্যৰ কি প্ৰত্যুত্তৰ দিব বুলি সাংবাদিকে প্ৰশ্ন কৰাত গগৈয়ে কয়, ”মোৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে কি মন্তব্য কৰে তাক লৈ মই কোনো গুৰুত্ব নিদিও। কিন্তু মুখ্যমন্ত্ৰীৰ আচৰণৰ ওপৰতো আমাৰ দৃষ্টি নিৱদ্ধ থাকিব। যদি বিগত সময়ছোৱাৰ দৰে ক্ষমতাৰ অপপ্ৰয়োগ কৰি অসমৰ সাধাৰণ লোকসকলৰ ওপৰত ভয়-ভাবুকি দেখুৱাই তেন্তে তেনে লোকৰ পক্ষত থিয় দিবলৈ আমাৰ কংগ্ৰেছ দল সদায়েই সাজু হৈ আছে।’’ অনাগত দিনত কংগ্ৰেছ আৰু দুৰ্বল হৈ যাব নেকি প্ৰশ্ন কৰাত গগৈয়ে কয় যে যোৱা ১০ মাহত বুথৰ পৰা আৰম্ভ কৰি ৰাজীৱ ভৱনলকৈ সাংগঠনিক ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি প্ৰতিটো ক্ষেত্ৰতে যথেষ্ট পৰিৱৰ্তন সাধন কৰা হৈছে। কংগ্ৰেছ দলক নতুন ৰূপ দিয়া, নতুন ধৰণে ৰাইজৰ মাজলৈ যোৱা, ৰাইজৰ অভাৱ-অভিযোগৰ কথাসমূহ তুলি ধৰাৰ দৰে কামসমূহ বিগত সময়ছোৱাতকৈয়ো অধিক শক্তিশালীভাৱে কৰা হ’ব বুলিও গগৈয়ে কয়। পৰৱৰ্তী দিনত আৰু কি কৰা উচিত সেই সম্পৰ্কে সিদ্ধান্ত ল’বলৈ কংগ্ৰেছ দলে সৰ্বস্তৰৰ ৰাইজৰ মাজলৈ যাব বুলিও গগৈয়ে সদৰী কৰে। তেওঁ কয়, ”গণতন্ত্ৰত শাসকপক্ষ আৰু বিৰোধী পক্ষ দুয়োটাই গুৰুত্বপূৰ্ণ। কেৱল মাত্ৰ শাসকপক্ষ থাকিলে গণতন্ত্ৰ কেতিয়াও গণতন্ত্ৰ হৈ নাথাকিব। আমি গণতন্ত্ৰৰ পক্ষত আছো। সেয়ে আমি ৰাইজৰ মাজলৈ যাম আৰু ৰাইজৰ পৰা দিহা-পৰামৰ্শ লৈ আমি কংগ্ৰেছ দলক শক্তিশালী আৰু নতুন ৰূপত গঢ়ি তুলিবলৈ পাৰ্যমানে চেষ্টা চলাম।’’ অনাগত দিনত কংগ্ৰেছ দলে নতুন ৰূপ লাভ কৰি অধিক শক্তিশালী হৈ পৰিব বুলিও দৃঢ়তাৰে মতপোষণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। উল্লেখ্য যে আজিৰ সংবাদমেলত ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ৰিপুন বৰা, অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰ, বিধায়ক আব্দুৰ ৰহিম আহমেদ উপস্থিত থাকে। সংবাদমেলখনৰ আঁত ধৰে মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,161FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
few clouds
31.9 ° C
31.9 °
31.9 °
51 %
2.1kmh
17 %
Wed
32 °
Thu
31 °
Fri
31 °
Sat
34 °
Sun
35 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
মমতাৰ দুৰ্গত প্ৰধানমন্ত্ৰী মোডীৰ আধিপত্য | West Bengal Election result 2026 | #notun_somoy
02:33
Video thumbnail
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাসত টাই-আহোম ভাষা বিষয়ক পাঠ্যক্ৰম || #notun_somoy
07:48
Video thumbnail
অস্তিত্বৰ সংকটত সোণাই নদী, জেচিবিৰে খান্দিছে সোণাই নদীৰ পাৰ || #notun_somoy
04:33
Video thumbnail
পুৰুষতকৈ মহিলাৰ বিষাদগ্ৰস্ততাত আক্ৰান্ত হোৱাৰ আশংকা দুগুণ বেছি || #notun_somoy
04:23
Video thumbnail
চাইকেলৰে ভাৰত ভ্ৰমণ কৰি শিৱসাগৰত উপস্থিত পাপ্পু ৰাম চৌধুৰী || #notun_somoy
06:13
Video thumbnail
পশ্চিমবংগ নিৰ্বাচনৰ প্ৰথম পৰ্যায় আৰম্ভ | West Bengal 1st Phase Election | #notun_somoy
03:47
Video thumbnail
JEE Main ত উজলিল গুৱাহাটীৰ য়শৰাজ সিং | JEE Mains Result 2026 | #notun_somoy
02:32
Video thumbnail
একে সময়তে দুটা টি-২০ দল খেলপথাৰত নমোৱাৰ প্ৰস্তুতি | নতুন দলৰ অধিনায়কৰ দৌৰত শ্ৰেয়াস | #notun_somoy
02:49
Video thumbnail
শিৱসাগৰত ৰংঘৰ বাকৰিত চেৰা বিহু উদযাপন | খগেন গগৈলৈ স্বৰ্গদেউ প্ৰমত্ত সিংহ বঁটা | Bihu | #notun_somoy
04:45
Video thumbnail
টেনিছ ক'ৰ্টক চিৰবিদায় কিংবদন্তি ৰাফেল নাডালৰ | Rafael Nadal | #notun_somoy
02:15

শেহতীয়া আপডেটঃ