অসমীয়া জীয়ৰীয়ে কবিতা লিখিলে জেলত দিয়ে, আপত্তিজনক কথা কোৱা আজমলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে বিজেপি চৰকাৰেঃ গৌৰৱ গগৈ

- Advertisement -
- Advertisement -
- Advertisement -

▪️অসমীয়া জীয়ৰীয়ে কবিতা লিখিলে জেলত দিয়ে, আপত্তিজনক কথা কোৱা আজমলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে বিজেপি চৰকাৰেঃ গৌৰৱ গগৈ
▪️এআইইউডিএফৰ মুৰব্বীয়ে আপত্তিজনক কথা কোৱাৰ পিছতো নিমাত হিমন্ত বিশ্ব শৰ্মা আৰু অমিত শ্বাহঃ গৌৰৱ গগৈ
▪️বিজেপি-হিমন্ত বিশ্ব শৰ্মা বিপদত, চৰকাৰ যোৱাৰ সময়, সেয়েহে আজমল আৰু আছাদুদ্দিন ওৱেছি উদ্ধাৰৰ বাবে আহিছেঃ গৌৰৱ গগৈ

গুৱাহাটী, ২৭ মাৰ্চঃ উজনি অসমত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে বদৰুদ্দিন আজমলৰ মন্তব্যক গৰিহণা দি আজমলক কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই বুলি কেন্দ্ৰীয় চৰকাৰ আৰু অসম আৰক্ষীক প্ৰশ্ন কৰে। এদিন পূৰ্বে অসমত মিঞাৰ দাদাগিৰি চলিব আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰিছিল বদৰুদ্দিন আজমলে। এই সন্দৰ্ভত আজি গৌৰৱ গগৈয়ে কয় যে এগৰাকী নিৰ্বাচিত মুখ্যমন্ত্ৰীৰ কামিহাড় ভাঙিম বুলি যি কথা ক’লে এতিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী নিমাত হৈ থাকিব নেকি? এতিয়া একো একচন নলয় নেকি? একচন নোলোৱাৰ কাৰণ হৈছে আজমল মুখ্যমন্ত্ৰীৰ লাইফ লাইন ১০৮। আজমলৰ এনে মন্তব্যক তীব্ৰ গৰিহণা দি বিজেপি চৰকাৰ তথা হিমন্ত বিশ্ব শৰ্মাই কিয় আজমলৰ বিৰুদ্ধে ব্যৱস্থা কিয় গ্ৰহণ কৰা নহ’ল বুলি প্ৰশ্ন উত্থাপন কৰে গৌৰৱ গগৈয়ে। উল্লেখ্য যে, আজি মাহমৰা সমষ্টিৰ বিৰোধী ঐক্যৰ প্ৰাৰ্থী জ্ঞানদ্বীপ মহনৰ হৈ প্ৰচাৰ চলায় বিপুল ভোটেৰে জয়যুক্ত কৰি এখন নতুন বৰ অসম নিৰ্মাণৰ সকলোকে অংশীদাৰ হ’বলৈ আহ্বান জনাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে এআইইউডিএফৰ মানুহবোৰ অসম গণ পৰিষদত সোমাইছে কিয়? ৰাজ্যসভাত হিমন্ত বিশ্ব শৰ্মাক এআইইউডিএফৰ ভোট কিহৰ বাবে প্ৰয়োজন? আজি অসম গণ পৰিষদত নিজৰ মানুহেই নাই। অসম গণ পৰিষদত এআইইউডিএফৰ মানুহ বেছি। আজি হিমন্ত বিশ্ব শৰ্মাই দুমুখীয়া স্থিতি গ্ৰহণ কৰিছে। দুই নাঁৱত দুই ভৰি দিছে হিমন্ত বিশ্ব শৰ্মাই। অসমীয়া জীয়ৰীয়ে ফেচবুকত কবিতা লিখিলে, সাংবাদিকে দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে কবিতা লিখিলে জেললৈ পঠিয়াই। গৌৰৱ গগৈয়ে আজমলৰ মন্তব্যক উভতি ধৰি কয় যে এতিয়া এআইইউডিএফৰ মুৰব্বীয়ে আপত্তিজনক কথাবোৰ ক’বলৈ আৰম্ভ কৰিছে। এতিয়া ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ নিমাত। এতিয়া আজমলৰ বক্তব্যক লৈ বিজেপিয়ে একো নকয়। আমি আজমলৰ মন্তব্যক গৰিহণা দিছো। আজি ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়, হিমন্ত বিশ্ব শৰ্মাৰ আজমলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস হোৱা নাই কিয়? এইটোৱে কি বুজায়। আজি হিমন্ত বিশ্ব শৰ্মা বিপদত পৰিছে। বিপদত পৰি আজমলক ফোন কৰিছে। যেতিয়া দেখিছে যে অসমত বিজেপিৰ চৰকাৰ যাও যাও অৱস্থা। এই সময়ত অমিত শ্বাহে আছাদুদ্দিন ওৱেছিক অসমলৈ মাতি আনিছে। আজি অসমৰ ৰাইজে এই কথাবোৰ বুজি পায়। গৌৰৱ গগৈয়ে লগতে কয় যে বাস্তৱত হিমন্ত বিশ্ব শৰ্মাই মিঞা ৰাজনীতি কৰে। যদি সঁচাকৈয়ে মিঞাক বিৰোধ কৰে তেন্তে ৰাজ্যসভাত এআইইউডিএফৰ ভোট হিমন্ত বিশ্ব শৰ্মাক লাগে কিয়? গোটেই এআইইউডিএফৰ মানুহ অসম গণ পৰিষদলৈ আহিছে। এতিয়া আজমলৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নহয়। চৰকাৰ এতিয়া নিমাত। ৰাজ্য চৰকাৰে কোনো পদক্ষেপ নলয়। কেন্দ্ৰীয় চৰকাৰে কোনো পদক্ষেপ নলয়। অসম আৰক্ষী ক্ষান্ত হৈ আছে। কিন্তু প্ৰতিবাদ কৰিলে, কংগ্ৰেছৰ সভা হ’লে আৰক্ষীয়ে লগে লগে গম পায়। এই কথা আজি সকলোৱে জানিছে বুলিও কয় গৌৰৱ গগৈয়ে।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,626FansLike
0FollowersFollow
22,900SubscribersSubscribe
- Advertisement -
Assam
overcast clouds
25.4 ° C
25.4 °
25.4 °
95%
1.7m/s
100%
Mon
25 °
Tue
31 °
Wed
33 °
Thu
29 °
Fri
29 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
■ কাজিৰঙাৰ বাফাৰ জ’ন হ্ৰাসৰ প্ৰস্তাৱক লৈ সৰৱ 'অৰণ্য মানৱ' যাদৱ পায়েং || #notun_somoy
01:39
Video thumbnail
বানাক্ৰান্ত পৰিয়ালবৰ্গক সাক্ষাৎ মৌলানা মুস্তাক আহমদ আনফাৰ চাহাবৰ || #notun_somoy
07:52
Video thumbnail
অসম-অৰুণাচল সীমান্তৰ ঘটনাক লৈ উদ্বিগ্নতা || #notun_somoy
02:35
Video thumbnail
নাজিৰাত বান বিধ্বস্ত বিদ্যালয়লৈ আৰ্থিক সাহাৰ্য বিতৰণ Pride East Entertainment PVT. LTDৰ
10:35
Video thumbnail
শিৱসাগৰৰ আইলা হাবি গাঁৱত বৰ্তমানেও এবুকু পানীৰ তলত শ শ পৰিয়ালৰ বাসগৃহ || #notun_somoy
05:27
Video thumbnail
অবৈধ খননৰ ফলত মৃত্যুমুখী পাটকাই পৰ্বত || #notun_somoy
02:12
Video thumbnail
দীঘল চুলিৰে বিশ্ব ৰেকৰ্ড || #notun_somoy
02:24
Video thumbnail
শিৱসাগৰত বানপীড়িত বিদ্যালয়ত পুনৰ পাঠদান সন্দৰ্ভত শিক্ষা বিভাগ || #notun_somoy
06:18
Video thumbnail
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ Eco Sensitive Zoneৰ পৰিসীমা ১০ কিলোমিটাৰ পৰা ১ কিলোমিটাৰলৈ হ্ৰাস
07:38
Video thumbnail
এগৰাকী নাৰীৰ ব্যক্তিক্ৰমী পদক্ষেপক শলাগ ভিন্নজনৰ || #notun_somoy
04:01

শেহতীয়া আপডেটঃ